/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/s67.jpg)
ডিজিটেল ডেস্কঃ আৰক্ষীৰ গুলীত নিহত গাড়ীগাঁৱৰ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলী । পুৱতি নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওতেই গুলী চলাই আৰক্ষীয়ে।
পুৱতি প্ৰায় ২.৪০বজাত বিকি আলীলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলী চলায়। বিকি আলীৰ দেহৰ বুকু আৰু পিঠিত মুঠ ৪টা গুলী লাগিছে বুলি সদৰি কৰিছে আৰক্ষীয়ে।
বিকি আলীৰ মৃত্যুৰ পাছতে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে কৰে এটা বিশেষ টুইট। গীতা বাণী উল্লেখ কৰি এই টুইটটোত লিখিছে- उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् | सङ्करस्य च कर्ता स्यामुपहन्यामिमा: प्रजा:
উল্লেখ কৰা প্ৰয়োজন যে, ডামপুৰ পাহাৰত পলাই আছিল বিকি আলী।