/asomiyapratidin/media/media_files/2026/01/03/1-2026-01-03-15-41-44.jpg)
ডিজিটেল ডেস্কঃ নতুন বছৰৰ আৰম্ভণিতে এটা ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গিগ ৱৰ্কাৰ অৰ্থাৎ অনলাইন প্লেটফৰ্মৰ জৰিয়তে কাম কৰা ডেলিভাৰী বয় বা ড্ৰাইভাৰসকলৰ বাবে সামাজিক সুৰক্ষা আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰত এক নতুন নিয়মাৱলীৰ প্ৰস্তাৱ দিছে। এই নতুন খচৰা নিয়ম অনুসৰি, এজন শ্ৰমিকে চৰকাৰী সুবিধা লাভ কৰিবলৈ এটা বিত্তীয় বৰ্ষত নূন্যতম ৯০ দিন কাম কৰাটো বাধ্যতামূলক হ’ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-image-2026-0-2026-01-03-15-40-30.jpeg)
উল্লেখ্য যে, যদি কোনোবাই একেদিনাই একাধিক প্লেটফৰ্মত কাম আৰম্ভ কৰে তেন্তে সেইটো দুটা পৃথক দিন হিচাপে গণ্য কৰা হ’ব। অৰ্থাৎ যদি কোনোবাই এদিনতে Swiggy আৰু Zomato ৰ কাম আৰম্ভ কৰে তেন্তে অভিজ্ঞতাৰ উদ্দেশ্যে দুদিন বুলি গণ্য কৰা হ’ব। ইপিনে চৰকাৰৰ এই প্ৰস্তাৱিত সামাজিক সুৰক্ষা কোডৰ অধীনত গিগ শ্ৰমিকসকলে তলত দিয়া সুবিধাসমূহ লাভ কৰিব পাৰে। সেই সমূহ হৈছে-
১. স্বাস্থ্য বীমা: আয়ুষ্মান ভাৰত আঁচনিৰ সৈতে সংযোগ কৰাৰ সম্ভাৱনা।
২. দুৰ্ঘটনা বীমা: কৰ্তব্যৰত অৱস্থাত কোনো দুৰ্ঘটনা হ’লে আৰ্থিক সাহায্য।
৩. পেঞ্চন: ভৱিষ্যতে পেঞ্চনৰ সুবিধা আগবঢ়োৱাৰ পৰিকল্পনাও কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-image-20-2026-01-03-15-40-49.jpeg)
প্ৰণিধানযোগ্য যে, ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাইছে গিগ শ্ৰমিকৰ সংখ্যা। এই শ্ৰমিকসকলক এক আনুষ্ঠানিক পৰিচয় প্ৰদান কৰা আৰু তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰাই হৈছে চৰকাৰৰ মূল লক্ষ্য।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-image-20-2026-01-03-15-41-07.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us