/asomiyapratidin/media/media_files/2025/02/11/jfgd8AhDLspIbgs0GScD.jpg)
দিল্লীৰ চৰকাৰী কাৰ্যালয়সমূহ ১২ ফেব্ৰুৱাৰীত বন্ধ থাকিব
ডিজিটেল ডেস্ক : ১২ ফেব্ৰুৱাৰী, বুধবাৰে দিল্লীৰ সকলো চৰকাৰী শিক্ষানুষ্ঠান, কাৰ্যালয়, উদ্যোগ- প্ৰতিষ্ঠান আদি বন্ধ থাকিব। গুৰু ৰবিদাস জয়ন্তী উপলক্ষে উক্ত দিনটোত চৰকাৰী বন্ধ ঘোষণা কৰিছে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই। সোমবাৰে এক চৰকাৰী বিবৃতিযোগে এই কথা ৰাজহুৱা কৰে।
বিবৃতিত উল্লেখ কৰা অনুসৰি পূৰ্বে ঘোষণা কৰা ১৩ ফেব্ৰুৱাৰীৰ দিনটো বাতিল কৰি ১২ ফেব্ৰুৱাৰীৰ দিনটো চৰকাৰী বন্ধ হিচাপে কাৰ্যকৰী কৰা হ’ব। গতিকে এই নিৰ্দেশনা মানি বুধবাৰে বন্ধ থাকিব সকলো চৰকাৰী বিদ্যালয় তথা প্ৰতিষ্ঠান।
অৱশ্যে জৰুৰীকালীন সেৱা তথা অত্যাৱশ্যকীয় সেৱাক এই আওতাৰ পৰা ৰেহাই দিয়া হৈছে। আনহাতে এই ঘোষণাৰ পাছতে দিল্লীৰ বিভিন্ন মহলে এই সিদ্ধান্তক আদৰণি জনাইছে।