/asomiyapratidin/media/media_files/2025/03/31/inZDDUvSXWSrzqYT1nuw.png)
ডিজিটেল ডেস্কঃ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, বড়ো জাতিৰ ৰাজনৈতিক আৰু সামাজিক উন্নয়নৰ পিতামহ স্বৰূপ ‘বডোফা’ উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটোক ২০০৬ চনৰ পৰা এবছুৰ উদ্যোগত বড়ো জনগোষ্ঠীয়ে ছাত্ৰ দিৱস হিচাপে পালন কৰি আহিছে। শেহতীয়াকৈ অসম চৰকাৰেও ৰাজ্যিকভাৱে উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম দিৱসৰ দিনটোক ‘ছাত্ৰ দিৱস’ হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
সেই অনুসৰিয়েই আজি ৰাজ্য চৰকাৰৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ত ৰাজ্যিকভাৱে সুন্দৰকৈ পালন কৰা হয় ‘ছাত্ৰ দিৱস’। কিন্তু ৰাজ্য চৰকাৰৰ অমনোযোগিতাৰ বাবেই হওক অথবা একাংশ চৰকাৰী শীৰ্ষ বিষয়াৰ দায়িত্বহীনতাৰ বাবেই হওক এইবাৰ উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনৰ ‘ছাত্ৰ দিৱস’ পালনৰ উদ্দেশ্যে যেন সফল নহ’ল।
অসম চৰকাৰৰ চৰকাৰী জাননী no.E.255584/2022/58 dtd. 06/03/2025 ৰ জৰিয়তে এইবাৰ ছাত্ৰ দিৱস পালনৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল। সেই জাননীৰ আধাৰতে মাধ্যমিক শিক্ষাৰ সঞ্চালক মমতা হোজায়ে ৰাজ্যৰ সকলো বিদ্যালয় পৰিদৰ্শকলৈ প্ৰেৰণ কৰা জাননী Memo No. No. E-628946/2-A ৰ জৰিয়তে সকলো শিক্ষানুষ্ঠানতে ৩১ মাৰ্চত উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম দিনটোত ছাত্ৰ দিৱস উদযাপনৰ নিৰ্দেশ জাৰী কৰে।
এই নিৰ্দেশনা বিদ্যালয়ৰ পৰিদৰ্শকৰ জৰিয়তে প্ৰতিখন বিদ্যালয়ৰ প্ৰধানক উদ্দেশ্যি কোৱা হয় যে, শিক্ষানুষ্ঠানৰ প্ৰাতঃ সভাত শিক্ষাৰ্থী আৰু শিক্ষক, কৰ্মচাৰীৰ জৰিয়তে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মলৈ শ্ৰদ্ধাঞ্জলি জনাব লাগিব। তাৰোপৰি ছাত্ৰ দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠান, কুইজ, চিত্ৰাংকন, ৰচনা, তৰ্ক আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লাগিব।
ইয়াৰোপৰি বিদ্যালয়ৰ পাঠ আৰম্ভ হোৱাৰ পূৰ্বে ছাত্ৰ দিৱসৰ সৈতে ৰজিতা খোৱাই এক ৰেলীও বাহিৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। লক্ষ্যণীয়ভাৱে এই জাননী বিদ্যালয় প্ৰধানসকলে লাভ কৰিলে দেওবাৰৰ নিশা।
ইফালে এইবাৰ ৩১ মাৰ্চ সোমবাৰে আছিল ঈদ। ঈদ উপলক্ষে সকলো চৰকাৰী প্ৰতিষ্ঠানৰ লগতে বন্ধ আছিল বিদ্যালয়সমূহো। সেয়ে এই জাননী লাভ কৰি চৰম বিপাঙত পৰা পৰিলক্ষিত হ’ল বিদ্যালয়ৰ প্ৰধানসকল।
দেওবাৰে নিশা লাভ কৰা জাননীৰ পাছত সোমবাৰে চৰকাৰী বন্ধৰ দিনটোত কিদৰে চৰকাৰী নিৰ্দেশ পালন কৰিব তাক লৈ প্ৰশ্নও উত্থাপিত হয়। সমান্তৰালকৈ যিসকল ইছলাম ধৰ্মীয় বিদ্যালয়ৰ প্ৰধান আছিল, ইছলামধৰ্মীয় শিক্ষাৰ্থীৰে পৰিপূৰ্ণ বিদ্যালয় আছিল তেওঁলোকো ঈদৰ বন্ধৰ সময়ত এইদৰে বিদ্যালয়ত ছাত্ৰ দিৱস অনুষ্ঠিত কৰাৰ নিৰ্দেশ লাভ কৰাত আচৰিত হৈ পৰে।
লক্ষ্যণীয়ভাৱে মাধ্যমিক শিক্ষ সঞ্চালক মমতা হোজাইৰ স্বাক্ষৰিত এই চৰকাৰী জাননী কেতিয়া জাৰি কৰা হৈছিল তাৰ কোনো তাৰিখ উল্লেখ নাই। এনে পৰিপ্ৰেক্ষিততে চৰকাৰে যি মহান উদ্দেশ্যৰে উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম দিৱসটোক ৰাজ্যজুৰি ছাত্ৰ দিৱস হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই উদ্দেশ্য সফল হোৱাত এইবাৰ একাংশৰ অমনোযোগিতা আৰু দায়িত্বহীনতাৰ বাবেই বাধাৰ সৃষ্টি হ’ল।
সেয়ে এই বিষয়টোক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিক্ষা বিভাগৰ এনে কাণ্ডক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। বহুতেই কৈছে চৰকাৰী ভাৱে ছাত্ৰ দিৱসৰ উদযাপনৰ এই সিদ্ধান্তৰ আঁৰৰ উদ্দেশ্য যদিও মহৎ তথাপিও যেন ক'ৰবাত অভাৱ হৈছে আন্তৰিকতাৰ। পৰৱৰ্তী সময়ত যাতে এনে নহয় তাৰ বাবেও সজাগ হ'বলৈ অনুৰোধ ভিন্নজনৰ।
Attended #ChatraDivas function at @CottonUniversi1 today to mark the 69th birth anniversary of Bodofa Upendra Nath Brahma, jointly organised by @GovtofBTR and Education department of Assam Govt. Sri @PramodBoroBTR , CEM of BTC delivered the 1st Bodofa Upendra Nath Brahma Memorial… pic.twitter.com/XuBuxfqTdU
— Ranoj Pegu (@ranojpeguassam) March 31, 2025