ডি.এল.আই. আঁচনিৰ অধীনত ২৩টা চিপ ডিজাইন প্ৰকল্পৰ অনুমোদন

দেশৰ চিপ ডিজাইন খণ্ডত গতি আনি দিয়াৰ উদ্দেশ্যে ডিজাইন লিংকড ইনচেনটিভ (DLI) আঁচনিৰ অধীনত ২৩টা চিপ ডিজাইন প্ৰকল্প অনুমোদন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
web ap  semi

ডিজিটেল ডেস্কঃ দেশৰ চিপ ডিজাইন খণ্ডত গতি আনি দিয়াৰ উদ্দেশ্যে ডিজাইন লিংকড ইনচেনটিভ (DLI) আঁচনিৰ অধীনত ২৩টা চিপ ডিজাইন প্ৰকল্প অনুমোদন কৰা হৈছে। এই অনুমোদনৰ লক্ষ্য হৈছে দেশীয় ষ্টাৰ্টআপ আৰু এম.এছ.এম.ই. সংস্থাসমূহক শক্তিশালী কৰা। ভাৰতীয় ইলেক্ট্ৰ’নিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে শুকুৰবাৰে ঘোষণা কৰিছে এই তথ্য। 

Advertisment

সূত্ৰ অনুসৰি, মন্ত্ৰালয়ৰ দ্বাৰা ৭২টা সংস্থাক ইণ্ডাষ্ট্ৰী-গ্ৰেডৰ ইলেক্ট্ৰনিক ডিজাইন অ’ট’মেচন (EDA) টুলছৰ সুবিধা প্ৰদান কৰা হৈছে। এই সুবিধাৰ জৰিয়তে সংস্থাসমূহে দ্রুতগতিত চিপ ডিজাইন উন্নয়ন কৰিবলৈ সক্ষম হ’ব, যাৰ ফলত ভাৰতৰ চেমিকণ্ডাক্টৰ খণ্ডত স্বনিৰ্ভৰতাৰ লক্ষ্য পূৰণত সহায় হ’ব।

এই প্ৰতিষ্ঠানসমূহৰ ভিতৰত আছে ২০১৭ চনত প্ৰতিষ্ঠা হোৱা বেংগালুৰুস্থিত ফেবলেছ অৰ্ধপৰিবাহী কোম্পানী ভাৰ্ভেচেমি মাইক্ৰ’ইলেক্ট্ৰনিকছ। এই ফেবলেছ অৰ্ধপৰিবাহী কোম্পানীয়ে অৰ্ধপৰিবাহী চিপ ডিজাইন আৰু বিকাশ কৰে যদিও ইয়াৰ উৎপাদন বিশেষ তৃতীয় পক্ষৰ ফাউণ্ড্ৰিলৈ আউটচ’ৰ্চ কৰে। লগতে ফেব্ৰিকেশ্বন সুবিধা মালিক নোহোৱাকৈ উদ্ভাৱন আৰু ডিজাইনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশেষজ্ঞসকলৰ মতে, এই পদক্ষেপসমূহে ভাৰতক চেমিকণ্ডাক্টৰ উদ্ভাৱন আৰু উৎপাদন ক্ষেত্ৰত বিশ্বৰ মানচিত্রত এক গুৰুত্বপূৰ্ণ স্থানলৈ নিব বুলি আশা কৰা হৈছে। 

চেমিকণ্ডাক্টৰ