/asomiyapratidin/media/media_files/2025/01/26/YSYBEwtgnkHIFMIinWTn.jpg)
ৰাজ্যপাল Photograph: (ৰাজ্যপাল)
ডিজিটেল ডেস্কঃ ৭৬সংখ্যক গণৰাজ্য দিৱসৰ খানাপাৰাত পতাকা উত্তোলন কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। পেৰেডৰ মাজেৰে পতাকা উত্তোলন কৰি ৰাজ্যপাল গৰাকীয়ে অসমৰ প্ৰগতি আৰু বিকাশৰ কথা ভাষণৰ প্ৰসংগত উল্লেখ কৰে। লগতে ৰাজ্যবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।
ৰাজ্যবাসীক সম্বোধি দিয়া ভাষণত তেওঁ কয়- ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ এই পৱিত্ৰ উপলক্ষত মই সমূহ অসমবাসী তথা ৰাষ্ট্ৰৰ নাগৰিকসকললৈ মোৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মা কামাখ্যাৰ ভূমি আৰু শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ তথা লাচিত বৰফুকন, কনকলতা বৰুৱা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ড° ভূপেন হাজৰিকা আদিৰ দৰে কিংবদন্তিসকলে বাস কৰি যোৱা এই পৱিত্ৰ ভূমিৰ অংশ হ’বলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ।
এই দিৱসটো উদযাপন কৰাৰ সময়ত আমি আমাৰ প্ৰতিষ্ঠাপক নেতাসকলৰ সপোনক প্ৰতিফলিত কৰি ৰাজ্যখন তথা দেশখনৰ প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰোঁ আহক। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আজি অসমত বিকাশৰ নতুন নতুন খণ্ড উন্মোচিত হৈছে। বিগত বছৰটোত ৰাজ্যখনত শান্তি স্থাপন, আন্তঃগাঁথনি উন্নয়ন, সমাজ কল্যাণ, অৰ্থনৈতিক উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি পৰিলক্ষিত হৈছে। বহনক্ষম উন্নয়ন আৰু সমাৱেশী বিকাশৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছো, যাতে উন্নয়নৰ সুফলসমূহ দূৰৱৰ্তী গাঁৱৰ পৰা আৰম্ভ কৰি আমাৰ নগৰাঞ্চললৈ প্ৰতিজন নাগৰিকে লাভ কৰে।
দীৰ্ঘদিনীয়া সংঘাতৰ সফল সমাধান, আন্তঃগাঁথনিগত উন্নয়ন আৰু লক্ষ্য নিৰ্দ্ধাৰিত সমাজ কল্যাণমূলক আঁচনিসমূহে জীৱন ধাৰণৰ মানৰ পৰিৱৰ্তন ঘটাইছে, যিয়ে এক ঐক্যবদ্ধ আৰু সমৃদ্ধিশালী অসমৰ প্ৰতি থকা আমাৰ দৃষ্টিভংগীক শক্তিশালী কৰি তুলিছে। উদ্ভাৱনী নীতি তথা শক্তিশালী বিত্তীয় ব্যৱস্থাপনাৰে চিহ্নিত ৰাজ্যখনৰ অৰ্থনৈতিক উত্তৰণে উদ্যোগীকৰণ, যুৱক-যুৱতীসকলক সবলীকৰণ আৰু উপান্ত লোকসকলৰ উন্নয়ন সাধন কৰাৰ প্ৰতি থকা আমাৰ নিষ্ঠাকে প্ৰতিফলিত কৰে।
শিক্ষা, স্বাস্থ্যসেৱা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত অসমে লাভ কৰা সাফল্যই এখন সুস্থ, সবল আৰু দক্ষ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত থকা আমাৰ সংকল্পকে প্ৰতিপন্ন কৰে। একেদৰে, পৰিৱেশ বহনক্ষমতা আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা আমাৰ প্ৰচেষ্টাই ভৱিষ্যত প্ৰজন্মৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাকে সূচায়।
আজি গণৰাজ্য দিৱস উদযাপন কৰাৰ সময়ত আমাৰ স্বাধীনতাৰ পথ প্ৰশস্ত কৰা মহান নেতাসকলৰ ত্যাগক আমি সন্মান জনাওঁ আহক। অসমৰ সামূহিক প্ৰগতিৰ বাবে শান্তি, সম্প্ৰীতি আৰু বহনক্ষম উন্নয়ন সুনিশ্চিত কৰাত অৰিহণা যোগোৱাৰ প্ৰতিও আমি সংকল্পবদ্ধ হওঁ আহক। দৃঢ়তা আৰু একতাৰে আমি আমাৰ ৰাজ্যখন তথা দেশৰ বাবে এক উজ্জ্বল আৰু অধিক সমৃদ্ধিশালী ভৱিষ্যত গঢ়ি তুলিম।
শ্ৰদ্ধাৰ অসমবাসী ৰাইজ,। অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন গড়ে ১৩% হাৰত বৃদ্ধি পাইছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত ই প্ৰায় ৫.৭০ লাখ কোটি টকা হ’ব বুলি প্ৰক্ষেপ কৰা হৈছে, যিয়ে ৰাষ্ট্ৰীয় গড় ৯.৬%ৰ তুলনাত ১৯%ৰে উল্লেখযোগ্য বৃদ্ধি প্ৰতিফলিত কৰিছে। একেটা বৰ্ষৰ জনমূৰি আয় প্ৰায় ১.৬ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে, যিটো পূৰ্বৰ বৰ্ষৰ তুলনাত ১৮% অধিক।
অসম এজেণ্ডা ২০৩০ আৰম্ভ কৰি বহনক্ষম উন্নয়নৰ লক্ষ্যক উন্নয়নৰ পৰিকল্পনাত একত্ৰিত কৰা প্ৰথম ৰাজ্যসমূহৰ ভিতৰত অসম এখন অন্যতম ৰাজ্য। ৰাজ্যখনে SDG ইণ্ডিয়া সূচাংকত "আকাংক্ষিত"ৰ পৰা "ফ্ৰন্ট ৰানাৰ"লৈ গতি কৰি নিজৰ প্ৰদৰ্শন ক্ৰমাগতভাৱে উন্নত কৰিছে। দেশৰ ভিতৰতে সৰ্বোচ্চ ১০০ নম্বৰ লাভ কৰি অসমে লক্ষ্য ৭ (সুলভ আৰু স্বচ্ছ শক্তি)ত উপনীত হৈছে, যিয়ে সমাজৰ সকলো শ্ৰেণীৰ বাবে সামগ্ৰিক আৰু বহনক্ষম উন্নয়নৰ মঞ্চ তৈয়াৰ কৰিছে।
প্ৰতিগৰাকী নাগৰিকৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ দ্বাৰা বিগত বছৰসমূহত ৰাজ্যখনৰ প্ৰতিটো খণ্ডকে আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি যি সফলতা লাভ কৰিছো, সেইখিনি উল্লেখ কৰিবলৈ পোৱাটো মোৰ বাবে গৌৰৱৰ বিষয়। এইক্ষেত্ৰত ৰাজ্যখনৰ কেতবোৰ উল্লেখযোগ্য উন্নয়নৰ বিষয়ে মই চমুকৈ দাঙি ধৰিবলৈ বিচাৰিছো।
আইন-শৃংখলা পৰিস্থিতি আৰু শান্তি স্থাপন
১। অপৰাধ নিয়ন্ত্ৰণ, বিদ্ৰোহ মোকাবিলা, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰা আৰু ৰাজ্যখনৰ আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত যোৱা বছৰটো ৰাজ্যখনৰ বাবে আছিল এক উল্লেখযোগ্য বৰ্ষ। অসম আৰক্ষী আৰু চৰকাৰৰ আন্তৰিক প্ৰচেষ্টাৰ ফলস্বৰূপে ঐতিহাসিক বন্দোবস্তিৰ চুক্তিত স্বাক্ষৰ কৰি বহু বিদ্ৰোহী গোটে অস্ত্ৰ সম্বৰণ কৰিছে।
২। ঐতিহাসিক অসম আন্দোলনৰ সময়ত কৰা ত্যাগৰ স্বীকৃতি স্বৰূপে অসম চুক্তি ৰূপায়ণ বিভাগে অসম আন্দোলন ভুক্তভোগী কল্যাণ ন্যাস গঠন কৰিছে। এই ন্যাসটো অসম আন্দোলনৰ ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ পুনৰসংস্থাপন তথা এই আন্দোলনৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকললৈ অন্যান্য সুবিধা প্ৰদানৰ অৰ্থে পৰিকল্পনা, কাৰ্যসূচী আৰু আঁচনি প্ৰস্তুত কৰাত সমৰ্পিত।
৩। অসম আন্দোলনৰ সময়ত মাতৃভূমিৰ বাবে প্ৰাণ আহুতি দিয়া লোকসকলৰ অৱদানক সন্মান জনাই চৰকাৰে গুৱাহাটীত শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই স্মাৰক ক্ষেত্ৰখনে ৰাজ্যখনৰ বাবে তেওঁলোকে কৰা ত্যাগক স্থায়ী শ্ৰদ্ধাঞ্জলি হিচাপে সেৱা আগবঢ়াব।
৪। নিচাজাতীয় দ্ৰব্যৰ প্ৰতি ৰাজ্য চৰকাৰৰ শূন্য সহনশীলতা অভিযান অসম আৰক্ষীয়ে সফলতাৰে আগবঢ়াই নিছে। ফলত এন ডি পি এছ আইনৰ অধীনত ১০ হাজাৰতকৈ অধিক গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু ১৭ হাজাৰৰো অধিক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। ধাৰাবাহিক প্ৰচেষ্টাৰ ফলস্বৰূপে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধো ২০২৩ চনৰ ১২ হাজাৰৰো অধিক সংখ্যকৰ বিপৰীতে ২০২৪ চনত প্ৰায় ৫,০০০ লৈ উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে।
৫। অসম আৰক্ষীয়েও বাল্য বিবাহৰ বিৰুদ্ধে সাহসী স্থিতি গ্ৰহণ কৰি যোৱা বছৰলৈকে ৬০০০ৰো অধিক গোচৰ পঞ্জীয়ন কৰিছে। বৰ্তমান চৰকাৰৰ কাৰ্যকালত আৰক্ষীয়ে মানৱ সৰবৰাহৰ ৪৫০টা গোচৰ পঞ্জীয়ন কৰিছে, প্ৰায় ৭০০ গৰাকী মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰু প্ৰায় ৯০০ গৰাকী মানৱ সৰবৰাহৰ বলি হোৱা লোকক উদ্ধাৰ কৰিছে। চৰকাৰৰ “দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা” নীতি অনুসৰণ কৰি ২০২৪ চনত সমগ্ৰ ৰাজ্যখনতে ৫৯ গৰাকী বিষয়া-কৰ্মচাৰীক হাতে-লোটে ধৰা হৈছে।
৬। কাৰাগাৰৰ কয়দীসকলৰ সংস্কাৰমূলক আৰু বহনক্ষম পুনৰসংস্থাপনৰ স্বাৰ্থত কাৰাগাৰক সংশোধনী গৃহলৈ সলনি কৰাৰ অৰ্থে অসম চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে। কয়দীসকলৰ দক্ষতা বিকাশ প্ৰশিক্ষণৰ বাবে কাৰাগাৰ বিভাগে ২০২৪ চনত অসমৰ সকলো কাৰাগাৰৰ বাবে “কাৰাগাৰৰ পৰা কাৰিকৰ” আঁচনি ৰূপায়ণ কৰিছে।
ভূমি সম্পৰ্কীয় বিষয় আৰু দুৰ্যোগ ব্যৱস্থাপনা
৭। পূৰ্বৰ দুটা পৰ্যায়ত মিছন বসুন্ধৰাৰ অভূতপূৰ্ব সফলতাৰ দ্বাৰা অনুপ্ৰাণিত হৈ চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ২০২৪ চনৰ ২০ অক্টোবৰত নতুন সেৱাৰে মিছন বসুন্ধৰা ৩.০ আৰম্ভ কৰিছে।
৮। প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ (ডি বি টি) প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যৰ প্ৰায় ৭ লাখ দুৰ্যোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত হিতাধিকাৰীলৈ ৩৫০ কোটি টকা মুকলি কৰি দিয়া হৈছে।
৯। এই বছৰ চৰকাৰে এতিয়ালৈকে বানপানী আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ বাবে বিনামূলীয়া সাহায্য আৰু পুনৰসংস্থাপন অনুদান হিচাপে ৪৪০ কোটি টকাতকৈ অধিক ধন মুকলি কৰি দিছে। ইয়াৰ উপৰিও পশুধনৰ ক্ষতিসাধন, ক্ষতিগ্ৰস্ত আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণ আদিৰ বাবে যথেষ্ট পৰিমাণৰ ধন মুকলি কৰি দিয়া হৈছে।
১০। শক্তিশালী আগতীয়া সতৰ্কবাণী আৰু প্ৰচাৰ ব্যৱস্থাৰ জৰিয়তে জলবায়ুৰ স্থিতিস্থাপকতা আৰু “বিপদজনক গ্ৰাম্য সম্প্ৰদায়”ৰ অভিযোজন বৃদ্ধিৰ অৰ্থে বিশ্ব বেংকৰ বিত্তীয় সাহায্যত ‘অসম সংহত নদী অৱবাহিকা ব্যৱস্থাপনা কাৰ্যসূচী’- নামৰ এটা প্ৰকল্প গ্ৰহণ কৰা হৈছে। দৰমহা বহিৰ্ভুত বাজেটৰ ৩% ধন দুৰ্যোগৰ আশংকা হ্ৰাসৰ বাবে “স্থিতিস্থাপকতা বাজেট” হিচাপে ধাৰ্য কৰা হৈছে। দুৰ্যোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকললৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰৰ অৰ্থে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি গঠন কৰা হৈছে।
১১। ২০২৪ চনত অসমত ৮টা (আঠটা)মথাউৰি ছিঙিছিল। চৰকাৰে দ্ৰুতগতিত কাম কৰি এই মথাউৰিকেইটা মেৰামতি কৰিবলৈ জিঅ’-টিউবৰ প্ৰযুক্তি ব্যৱহাৰ কৰিছে। এই ব্যৱস্থাৰ ফলত বানপানীৰ পৰিমাণ হ্ৰাস পাইছিল আৰু অধিক ক্ষতি ৰোধ কৰিব পৰা গৈছিল।
১২। বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে আঠখন জিলা, যেনে- ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁও, মৰিগাঁও, শোণিতপুৰ, কামৰূপ, গোৱালাপাৰা আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত জলবায়ু স্থিতিস্থাপক ব্ৰহ্মপুত্ৰ সংহত বান আৰু গৰাখহনীয়া আশংকা ব্যৱস্থাপনা প্ৰকল্প (Climate Resilient Brahmaputra Integrated Flood and Riverbank Erosion Risk Management Project) ৰূপায়নৰ কাম চলি আছে, যাৰ দ্বাৰা ক্ষতিগ্ৰস্ত এলেকাসমূহত দীৰ্ঘম্যাদী প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিব পৰা যাব।
স্বাস্থ্য
১৩। শেহতীয়াকৈ নতুন চিকিৎসা মহাবিদ্যালয়, নাৰ্চিং মহাবিদ্যালয় প্রতিষ্ঠাৰ লগতে বি ফাৰ্মা পাঠ্যক্ৰমৰ সম্প্ৰসাৰণ কৰা হৈছে। আগন্তুক শৈক্ষিক বৰ্ষত গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় কাৰ্যক্ষম হৈ উঠিব। ২০২৬-২৭ বৰ্ষত চৰাইদেউ, বিশ্বনাথ আৰু বঙাইগাঁৱত আৰু তিনিখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ কাম-কাজ আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে। কৰিমগঞ্জ, তামুলপুৰ, ধেমাজি, মৰিগাঁও, গোলাঘাট, আৰু শিৱসাগৰত আৰু ছখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম চলি আছে।
১৪। সাতখন নতুন নাৰ্চিং মহাবিদ্যালয় স্থাপন কৰিবলৈ লোৱা হৈছে আৰু পলাশবাৰীত এখন নতুন আয়ুৰ্বেদিক মহাবিদ্যালয় নিৰ্মাণৰ কাম চলি আছে আৰু ২০২৫-২৬ বৰ্ষত গুৱাহাটী মেডিকেল কলেজ আৰু শিলচৰ মেডিকেল কলেজত বি ফাৰ্মাৰ পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়েও এক শক্তিশালী স্বাস্থ্যসেৱা কৰ্মশক্তি গঢ়ি তোলাৰ বাবে একাধিক উন্নত মানৰ স্নাতক কাৰ্যসূচী আৰম্ভ কৰিছে।
১৫। আমি মাজুলী আৰু গোৱালপাৰাত দুখন ৫০খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ লগতে কোকৰাঝাৰ, বাক্সা, মৰিগাঁও, আৰু কলিয়াবৰত চাৰিখন আয়ুস চিকিৎসালয় আৰু গোৱালপাৰাত এখন নতুন আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপন কৰিছো।
১৬। জাইকাৰ পুঁজিৰে অসম স্বাস্থ্য ব্যৱস্থা সবলীকৰণ প্ৰকল্প আৰু বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত এ এছ এছ আই এছ টি প্ৰকল্পৰ জৰিয়তে ৭খন নতুন জিলা চিকিৎসালয় আৰু আই আই টি-গুৱাহাটীত এখন অত্যাধুনিক চিকিৎসালয় নিৰ্মাণ কৰা হ’ব।
১৭। কৰ্কট ৰোগৰ চিকিৎসাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে । সমগ্ৰ ৰাজ্যতে ১৭টা কৰ্কট ৰোগৰ চিকিৎসা কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে তথা নিৰ্মাণৰ কাম চলি আছে।
১৮। বিগত বছৰত ৬৬ লাখৰো অধিক পৰিয়ালক নগদবিহীন বীমাৰ দ্বাৰা সামৰি লোৱা হৈছে, ১৬ লাখৰো অধিক ৰোগীয়ে বিনামূলীয়া চি টি স্কেন সেৱা লাভ কৰিছে, ৪৩ লাখ ৰোগীয়ে বিনামূলীয়া এক্স-ৰে সেৱা লাভ কৰিছে আৰু ১.৩ কোটি ৰোগীয়ে বিনামূলীয়া পৰীক্ষাগাৰ সেৱাৰ সুবিধা লাভ কৰিছে। তদুপৰি ২০২৪ চনৰ নৱেম্বৰ মাহলৈকে প্ৰায় ৭.৫ লাখ ডায়েলাইছিছ কাৰ্য সম্পন্ন কৰা হৈছে।
১৯। স্নেহস্পৰ্শ আঁচনিৰ অধীনত প্ৰায় ১২০০ শিশুক জীৱন ৰক্ষাকাৰী সাহায্য প্ৰদান কৰা হৈছে আৰু জন্মগতভাৱে হৃদৰোগ থকা ১২০০০ তকৈ অধিক শিশুৱে বিনামূলীয়া চিকিৎসা লাভ কৰিছে।
শিক্ষা
২০। শিক্ষা হৈছে এক সৰ্বাংগীন, সৃষ্টিশীল, বৌদ্ধিক আৰু ন্যায়পৰায়ণ সমাজৰ মূল আধাৰ আৰু অসম চৰকাৰ ৰাজ্যখনত শৈক্ষিক পৰিৱেশ আগুৱাই নিয়াৰ প্ৰতি থকা দায়বদ্ধতাত অটল হৈ আছে।
২১। ২০২১ চনৰ পৰা বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট উন্নতি সাধন কৰা হৈছে। চাহ বাগিচা এলেকাত ২৫০ খনতকৈও অধিক মাধ্যমিক বিদ্যালয়, ১০০ খন চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় আৰু ১১৮ খন আদৰ্শ হাইস্কুল নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰি ৰাজ্যজুৰি ৫০ খন বিদ্যালয়ক উৎকৃষ্টতাৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা হৈছে আৰু কামৰূপ জিলাত আৰু ২০ খন বিদ্যালয় উন্নীত কৰা হৈছে।
২২। সমগ্ৰ শিক্ষাৰ অধীনত বিজ্ঞান আৰু গণিতৰ প্ৰশিক্ষণকে ধৰি NIPUN Axom ৰ অধীনত ১ লাখৰো অধিক শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে সাতটা মাধ্যমত শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰা হৈছে আৰু ২১,০০০ৰো অধিক ক-শ্ৰেনীৰ শিক্ষকে ই চি চি ই প্ৰশিক্ষণ লাভ কৰিছে।
২৩। অসমৰ আদৰ্শ বিদ্যালয়সমূহত বৈদিক গণিত প্ৰৱৰ্তন কৰা হৈছে লগতে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য আৰু আৱেগিক সুস্থতাৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অসমীয়া আৰু বড়ো মাধ্যমত ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ কাঠামো (Foundational Stage) অভিযোজিত কৰা হৈছে আৰু ১০টা ঘৰুৱা ভাষাত পাঠ্যপুথি প্ৰস্তুত কৰা হৈছে।
২৪। উচ্চ শিক্ষাৰ ক্ষেত্ৰতো আন্তঃগাঁথনি উন্নয়নত অভূতপূৰ্ব সাফল্য পৰিলক্ষিত হৈছে। নতুন বিশ্ববিদ্যালয় আৰু বৰ্তমানৰ মহাবিদ্যালয়সমূহত অতিৰিক্ত শাখা আৰম্ভ কৰা হৈছে। সাতখন চৰকাৰী আদৰ্শ মহাবিদ্যালয় সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ আছে। সাতখন মহাবিদ্যালয়ত বিজ্ঞান শাখা আৰু পাঁচখন পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত কলা শাখাৰ প্ৰৱৰ্তনে শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতিকে সূচাইছে আৰু নতুন শিক্ষক পদৰ সৃষ্টি কৰা হৈছে।
২৫। গৱেষণা আৰু সাংস্কৃতিক অধ্যয়নৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়াৰ এক উৎকৃষ্ট উদাহৰণ হ’ল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠা, যিয়ে অসমৰ ঐতিহ্যৰ শৈক্ষিক অন্বেষণক উদগনি যোগাইছে।
খোৱাপানী আৰু অনাময় ব্যৱস্থা
২৬। স্বাস্থ্য আৰু শিক্ষাৰ ওপৰত আলোচনা কৰাৰ উপৰিও আমি জন ভাগীদাৰীৰ জৰিয়তে বিশুদ্ধ খোৱাপানীৰ সুবিধা নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু অসমৰ জনসাধাৰণৰ ধাৰাবাহিক প্ৰচেষ্টাৰ ওপৰতো আলোকপাত কৰিব লাগিব আৰু আমাৰ চহৰ, নগৰ আৰু গাঁৱত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ উন্নতি সাধনৰ বিষয়েও উল্লেখ কৰিব লাগিব।
মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ,
২৭। এই গণৰাজ্য দিৱসত জল জীৱন অভিযানৰ অধীনত অসমে যি উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে আৰু ইয়াৰ দ্বাৰা নিৰাপদ আৰু বিশুদ্ধ খোৱাপানীৰ সুবিধা সুনিশ্চিত কৰি জীৱন ধাৰণৰ মানৰ যি পৰিৱৰ্তন ঘটিছে, তাক জনাবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো। ৫৮ লাখতকৈ অধিক কাৰ্যক্ষম ঘৰুৱা টেপ সংযোগ ব্যৱস্থাৰে ৰাজ্যখনে প্ৰায় ৮০% পৰিয়ালক সামৰি লবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি গ্ৰামাঞ্চলৰ ৯৫%তকৈ অধিক বিদ্যালয় আৰু ৯০% অংগনৱাড়ী কেন্দ্ৰক কাৰ্যক্ষম টেপ সংযোগৰ জৰিয়তে অবিৰত পানী যোগান ব্যৱস্থাৰে সামৰি লোৱা হৈছে।
২৮। ১৬,০০০ তকৈ অধিক নলীযুক্ত পানী যোগান আঁচনি সম্পূৰ্ণ কৰি ৰাইজক অৰ্পণ কৰা হৈছে, যাৰ ফলত আমাৰ গাঁৱৰ লাখ লাখ ব্যক্তিক পানী যোগান ধৰা হৈছে। ইয়াৰ দ্বাৰা সৰ্বাংগীন আৰু সমূহীয়া নেতৃত্বত পানী ব্যৱস্থাপনাৰ প্ৰতি থকা চৰকাৰৰ দায়বদ্ধতা প্ৰতিফলিত হৈছে। অসমে ৮১ এন এ বি এল (NABL) মান্যতাপ্ৰাপ্ত জল পৰীক্ষণ প্ৰয়োগশালা আৰু লগতে অন্য দুটা ভ্ৰাম্যমান প্ৰয়োগশালা পৰিচালিত কৰে যিয়ে পানীৰ গুণগত মান নিৰ্ধাৰণ কৰে। ইয়াৰ উপৰি প্ৰত্যেক গাঁৱতে পাঁচজনীয়া মহিলা গোটে মাহিলী চাৰিটা স্থানত পানীৰ পৰীক্ষা কৰে যিয়ে নেকি সামূহিক অংশীদাৰিত্বৰ ভূমিকা প্ৰতিফলিত কৰে।
২৯। অসমত ভূগৰ্ভস্থ পানীৰ বহনক্ষমতা বৃদ্ধিৰ বাবে বৈজ্ঞানিকভাৱে পৰিচালিত গভীৰ নলী-নাদ আৰু বৰষুণৰ পানীৰ সংৰক্ষণ ব্যৱস্থাৰ প্ৰসাৰ ঘটোৱা হৈছে। জল দূত পদক্ষেপৰ অধীনত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক জড়িত কৰি জল শালা নামৰ এক দুদিনীয়া অ’ৰিয়েণ্টেশ্যন কাৰ্যসূচীৰ জৰিয়তে পানীৰ প্ৰতি দায়বদ্ধ সমাজ গঢ়ি তুলিবলৈ উৎসাহিত কৰা হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিপ্ৰাপ্ত এই কাৰ্যসূচীয়ে ২০২৪ চনৰ আন্তঃৰাষ্ট্ৰীয় জল সংস্থা (আই ডব্লিউ এ) বঁটা শাখাত ব্ৰঞ্জৰ বঁটা লাভ কৰাকে ধৰি আন্তঃৰাষ্ট্ৰীয় প্ৰশংসাও লাভ কৰে।
৩০। অনাময় ক্ষেত্ৰত অসমত বিভিন্ন সামূহিক প্ৰয়োজনীয়তা পূৰণ কৰি ৩,২০০ৰো অধিক সমুহীয়া অনাময় চৌহদ নিৰ্মাণ কৰা হৈছে। আৱৰ্জনা নিষ্কাশণ ব্যৱস্থাপনাৰ উন্নয়ন সাধনৰ অৰ্থে গোবৰ্ধন আঁচনিৰ অধীনত ৩২টা বায়’গেছ প্ৰকল্প স্থাপন কৰা হৈছে। এই প্ৰচেষ্টাসমূহে জৈৱপচনশীল আৰু প্লাষ্টিক আৱৰ্জনাসমূহৰ ফলপ্ৰসূ নিষ্কাশন ব্যৱস্থাপনা সুনিশ্চিত কৰিছে।
৩১। স্বচ্ছতা গ্ৰীণ লিফ ৰেটিং পদক্ষেপৰ জৰিয়তে বহনক্ষম পৰ্যটনক উদগনি জনোৱা হৈছে, WASH-অনুকূল আতিথ্য সুবিধাসমূহ প্ৰমাণীকৰণ কৰা হৈছে। বৰ্তমান কাজিৰঙাৰ কেইবাখনো ৰিজ’ৰ্ট আৰু হোটেলে এই প্ৰমাণপত্ৰ লাভ কৰিছে আৰু ইয়াক অতিৰিক্ত ১৪খন জিলালৈ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা হৈছে।
বিদ্যুৎ যোগান
৩২। মই এই কথা জনাবলৈ পাই সুখী হৈছো যে অসমৰ শক্তি খণ্ডই উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে আৰু সাম্প্ৰতিক বছৰবোৰত পৰিৱৰ্তনশীল বিকাশ আৰু উদ্ভাৱনীমূলক পদক্ষেপ প্ৰত্যক্ষ কৰা হৈছে। বিগত তিনিটা বছৰত চৰকাৰে ২৪ ঘণ্টা বিদ্যুৎ যোগানৰ নিশ্চিতি প্ৰদান কৰিব পাৰিছে আৰু ইয়াৰ দ্বাৰা কাৰ্যক্ষম আৰু নিৰ্ভৰশীলতাৰ এক উজ্জ্বল প্ৰতিচ্ছবি দাঙি ধৰিছে।
৩৩। চৰকাৰে উদ্যোগীকৰণক উৎসাহ যোগাবলৈ ‘হৰ ঘৰ বিজুলী’ নীতি গ্ৰহণ কৰিছে। আৱাসিক গৃহৰ বিদ্যুৎ বিল হ্ৰাস কৰা আৰু সৌৰশক্তিৰ উৎপাদন বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত ৬০ শতাংশ ৰাজসাহায্য তথা ৰাজ্য চৰকাৰৰ পৰা অতিৰিক্ত ৪৫,০০০ ৰাজসাহায্য দিয়া হৈছে।
৩৪। অসমৰ শক্তি সংৰক্ষণৰ প্ৰচেষ্টাসমূহৰ বাবে ২০২১ বৰ্ষৰ পৰা ২০২৪ বৰ্ষলৈ অবিৰতভাৱে ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ দ্বাৰা বহনক্ষম শক্তি ব্যৱহাৰৰ দিশত অসমৰ নেতৃত্ববহনকাৰী ভূমিকাৰ দিশ প্ৰতিফলিত হৈছে।
৩৫। অসমৰ শক্তি উৎপাদনৰ সামৰ্থ্যৰ চমকপ্ৰদভাৱে উত্তৰণ ঘটিছে। ২০২৫ বৰ্ষৰ জুন মাহত ১২০ মেগাৱাট শক্তি সম্পন্ন নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প ৰাইজৰ সেৱাত উৎসৰ্গিত হ’ব।
৩৬। আছাম ইণ্ট্ৰা ষ্টেট ট্ৰেন্সমিছন ছিষ্টেম এনহেন্সমেণ্ট প্ৰকল্পৰ অধীনত ৩৭টা নতুন গ্ৰীড চাব ষ্টেচন নিৰ্মাণেৰে ৰাজ্যখনৰ বিজুলী সৰবৰাহৰ সামৰ্থ্য ৪৫০০ এম ভি এৰ পৰা ১৫,০০০ এম ভি এ লৈ বৃদ্ধি কৰি থকা হৈছে। এয়া কাৰ্যকৰী হ’লে ৰাজ্যখনৰ লোড হেণ্ডলিঙৰ (load handling) সামৰ্থ্য বহু পৰিমাণে বৃদ্ধি পোৱাৰ লগতে সৰবৰাহৰ লোকচান ৩ শতাংশৰ তললৈ হ্ৰাস পাব।
গ্ৰাম্য উন্নয়ন
৩৭। গ্ৰাম্য উন্নয়ন ৰাজ্য চৰকাৰৰ এক উচ্চ অগ্ৰাধিকাৰৰ বিষয় হিচাপে সদায়ে বিবেচিত হৈ আহিছে। ইয়াৰ জৰিয়তে ৰাজ্যখনৰ জনসাধাৰণৰ মান উন্নীতকৰণৰ উপৰি সমগ্ৰ ৰাজ্যজুৰি বহনক্ষম বিকাশৰ পদক্ষেপ লৈ থকা হৈছে। গাঁওসমূহে অসমৰ স্পন্দনক প্ৰতিনিধিত্ব কৰে। সেয়েহে আমাৰ গাঁওসমূহৰ বিকাশে ৰাজ্যখনৰ অবিৰত উন্নয়ন নিশ্চিত কৰিব।
৩৮। প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত বিগত ডিচেম্বৰলৈ ২০.৫ লাখ আবণ্টিত গৃহৰ বিপৰীতে ১৯.৫ লাখ পকীগৃহ নিৰ্মাণৰ দ্বাৰা অসমে উল্লেখযোগ্য সফলতা লাভ কৰিছে। এই পদক্ষেপে সকলোৰে বাবে বুনিয়াদি সা-সুবিধা নিশ্চিতকৰণৰ দিশত থকা আমাৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰি অগণন পৰিয়ালৰ মৰ্যাদা বৃদ্ধিৰ লগতে সুৰক্ষিত গৃহ প্ৰদান কৰিবলৈ সক্ষম হৈছে।
৩৯। গ্ৰামীণ নিয়োগৰ ক্ষেত্ৰত এম জি এনৰেগাৰ অধীনত ১.০৩ লাখতকৈও অধিক পৰিয়ালে কৰ্মসংস্থাপন লাভ কৰিছে। ৯ কোটি লক্ষ্যৰ বিপৰীতে আমি ৮.৭৫ কোটি কৰ্মদিন সৃষ্টি কৰিছো আৰু ৯৭ শতাংশ সফলতা লাভ কৰিছো। নতুন পদক্ষেপৰ অংশ হিচাপে ৰাজ্য চৰকাৰে চাহ বাগিচাৰ কৰ্মচাৰীলৈ উপাৰ্জন কম হোৱা বতৰত (lean season) ১০০ দিনৰ কামৰ সুবিধা প্ৰদানৰ ব্যৱস্থা লৈছে, যাতে আমাৰ জনসংখ্যাৰ এক অন্যতম অংশ হিচাপে পৰিগণিত এই জনগোষ্ঠীটোৱে বিত্তীয় সুস্থিৰতা লাভ কৰিব পাৰে।
৪০। ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ দ্বাৰা ১০০ শতাংশ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰকৰণৰ দিশত সমগ্ৰ ৰাষ্ট্ৰৰ ভিতৰতে অসমে প্ৰথম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে।
৪১। ৩.৫৮ লাখ আত্মসহায়ক গোটক সংগঠিতকৰণৰ দ্বাৰা আমি গ্ৰামাঞ্চলৰ লোকসকলক সবলীকৰণ কৰিছো। বহনক্ষম জীৱিকাৰ জৰিয়তে মহিলাসকলৰ পৰিয়ালৰ আয় বছৰটোৰ ভিতৰত ১ লাখ টকাতকৈও অধিক কৰাৰ লক্ষ্যৰে মাননীয় প্ৰধানমন্ত্ৰীয়ে লাখপতি দিদি পদক্ষেপ হাতত লৈছে। অসমে মহিলা উদ্যমিতাৰ উজ্জ্বল প্ৰতিফলনেৰে ৮.৮২ লাখ লাখপতি বাইদেউক সফলতাৰে উদগণি যোগাইছে। ২০২৪ চনৰ ১৫ আগষ্টত নতুন দিল্লীৰ লালকিল্লাত আয়োজিত স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত অসমৰ ২ গৰাকী লাখপতি বাইদেউ আৰু ২ গৰাকী ‘নমো (NAMO) ড্ৰোণ দিদি’ক বিশেষ অতিথি হিচাপে আমন্ত্ৰিত কৰি সন্মানিত কৰা হৈছে।
৪২। বিকাশ আৰু বহনক্ষমতাৰ সংহতিৰে জনসাধাৰণমুখী পদক্ষেপেৰে অসমৰ নগৰীয়া দৃশ্যপট সলনিৰ দিশত চৰকাৰৰ ভূমিকাই গুৰুত্বপূৰ্ণ দিশৰ সূচনা কৰে। বিভিন্ন আঁচনিৰ জৰিয়তে চৰকাৰে সমগ্ৰ ৰাজ্যজুৰি এক সংহত উন্নয়নৰ সূচনা কৰি আছে।
৪৩। সকলোবোৰ মহানগৰ আৰু চহৰত পানীযোগান ধৰাতো আমাৰ চৰকাৰৰ এক অগ্ৰাধিকাৰৰ বিষয়। প্ৰায় ১,৫০০ কোটি টকা ব্যয়ৰ জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানীযোগান প্ৰকল্পৰ কাম ৯০ শতাংশৰো অধিক সম্পূৰ্ণ হৈছে আৰু ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত ১.১ লাখ পৰিয়াল ইয়াৰ দ্বাৰা উপকৃত হ’ব। দক্ষিণ পশ্চিম আৰু দক্ষিণ পূব গুৱাহাটী পানীযোগান প্ৰকল্পই অনাগত দিনসমূহত লাখ লাখ পৰিয়ালক দিনৰ ২৪ ঘণ্টাই খোৱাপানী যোগান ধৰিব। অতিৰিক্তভাৱে সমাজৰ অতি দুখীয়া শ্ৰেণীৰ সহায়ক হোৱাকৈ গুৱাহাটী পৌৰ নিগমে ৰেচন কাৰ্ড থকা পৰিয়াললৈ ৰাজসাহায্যযুক্ত মূল্যত পানীযোগানৰ সংযোগ প্ৰদান কৰি আছে।
নগৰ উন্নয়ন
৪৪। মই এইটো প্ৰত্যক্ষ কৰি আনন্দিত হৈছো যে আমাৰ মহানগৰ আৰু নগৰসমূহে আন্তঃগাঁথনি উন্নয়নৰ দিশত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ইয়ে আমাক অনাগত দশকৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ দিশত বিশেষ সহায় কৰাৰ উপৰি জীৱনশৈলী উত্তৰণেৰে অসমক সঁচা অৰ্থত এখন ঔদ্যোগীক ৰাজ্য হিচাপে প্ৰতিষ্ঠাৰ দিশত সহায় কৰিব।
৪৫। অম্ৰুত (AMRUT) অভিযানৰ অধীনত তেজপুৰত ‘ড্ৰিংক ফ্ৰম টেপ’ (Drink from Tap) প্ৰকল্পসহ ১৯ খন চহৰত নতুন পানীযোগান প্ৰকল্প ৰূপায়ণ কৰি থকা হৈছে। ৬ খন চহৰত দৈনিক ২৪ ঘণ্টাই পানীযোগান আৰু গুৱাহাটীত বান প্ৰশমনৰ বাবে ১,২৫০ কোটি টকাৰ নগৰীয়া প্ৰকল্প ৰূপায়ণ কৰি থকা হৈছে।
৪৬। চৰকাৰে ২০,০০০ স্মাৰ্ট আৰু এল ই ডি লাইট স্থাপন কৰিছে আৰু ১২,০০০ ৰো অধিক এনে লাইট স্থাপনৰ পৰিকল্পনা লৈছে। ব্ৰহ্মপুত্ৰ নদী পাৰ উন্নয়ন প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আৰু মহানগৰ নিৰীক্ষণ ব্যৱস্থাটো শক্তিশালীকৰণৰ বাবে ২,০০০ টা চি চি টিভি কেমেৰা স্থাপন কৰি থকা হৈছে।
৪৭। ৫২ খন নগৰীয়া স্থানীয় নিকায়ৰ আৱৰ্জনা ব্যৱস্থাপনা পদক্ষেপে অগ্ৰগতি লাভ কৰিছে। ৩২ টা মল শ্লাজ নিষ্কাষণ শোধনাগাৰ(Faecal Sludge Treatment Plant)ৰ ভিতৰত ৯টা ইতিমধ্যে কাৰ্যক্ষম হৈছে। তদুপৰি ৩৯ খন চহৰত পুৰণা অৱৰ্জনা সংশোধন(Legacy Waste Remediation)ৰ কাম চলি আছে।
কৃষি আৰু আনুসংগিক খণ্ডসমূহ
৪৮। কৃষকক সহায় তথা বিকাশৰ যাত্ৰাত কৃষিয়ে অসমৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চৰকাৰৰ পদক্ষেপ আৰু আঁচনিসমূহে এই খণ্ডটোক নৱৰূপ প্ৰদান কৰি অৰ্থনৈতিক বিকাশ, খাদ্য নিৰাপত্তা আৰু গ্ৰামীণ জীৱিকাৰ উন্নতি সাধন কৰিছে।
৪৯। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত ২০২৪ বৰ্ষত ই-কে ৱাই চি (e-KYC)ৰ দ্বাৰা পৰীক্ষণকৃত প্ৰায় ১৯ লাখ কৃষকক ১,৩০০ কোটি টকা বিতৰণ কৰিছে।
৫০। ৰবি শস্যত ৫১ শতাংশ আৰু খাৰিফ শস্যত ৮৩ শতাংশৰো অধিক আবেদনকাৰী বৃদ্ধিৰে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাই চমকপ্ৰদ বিকাশ প্ৰদৰ্শন কৰাৰ ফলশ্ৰুতিত ৩৪ কোটি টকাৰ প্ৰিমিয়ামৰ বিপৰীতে ৪০ কোটি টকাৰ দাবী উত্থাপন কৰিছে।
৫১। শস্যৰ বিবিধতাৰ প্ৰচেষ্টাৰে দ্বৈত কৃষি ব্যৱস্থাৰ অধীনত ধান পতিত এলেকাত উৎপাদন বৃদ্ধি হৈছে। সৰিয়হ, মাহজাতীয়, মাকৈ আৰু আলু খেতি বিভিন্ন তৰপলৈ বৃদ্ধি কৰা হৈছে। তৈল খেজুৰৰ কৃষিভূমি ৩,৬০০ হেক্টৰলৈ বৃদ্ধি আৰু ২০২৫ বৰ্ষৰ মাৰ্চৰ ভিতৰত ২০,০০০ হেক্টৰলৈ সম্প্ৰসাৰিত কৰাৰ লক্ষ্যৰে সৈতে ৰাষ্ট্ৰীয় মিছনৰ অধীনত খোৱা তেলৰ আত্মনিৰ্ভৰশীলতা অৰ্জনৰ দিশত অসমে অগ্ৰগতি লাভ কৰিছে।
৫২। ২৬ টা এন এ বি এল স্বীকৃতিপ্ৰাপ্ত পৰীক্ষাগাৰৰ দ্বাৰা ভূমি স্বাস্থ্য ব্যৱস্থাপনা কৰি থকা হৈছে আৰু চৰকাৰে ৬.৯ লাখ মাটিৰ নমুনা পৰীক্ষা কৰিছে। কৃষি যান্ত্ৰিকীকৰণ আঁচনিৰ জৰিয়তে ৯৫ শতাংশ ৰাজসাহায্যৰে ৮,৯০০ খন ট্ৰেক্টৰ, ৭,৫০০ খন পাৱাৰটিলা আৰু অন্যান্য সা-সঁজুলি প্ৰদান কৰা হৈছে।
৫৩। চৰকাৰৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ ফলশ্ৰুতিত কৃষি খণ্ড সম্প্ৰসাৰিত হৈছে। ৫ লাখ হেক্টৰ কৃষিভূমিত বতৰ প্ৰতিৰোধী ধানৰ খেতি কৰা হৈছে। মিলেট মিছনত ৫০,০০০ হেক্টৰ কৃষিভূমিত খেতি কৰাৰ লক্ষ্য লৈ ৪,৫০০ হেক্টৰ কৃষিভূমি ইতিমধ্যে ইয়াৰ আওতালৈ অনা হৈছে।
৫৪। ২.৫ নিযুত মৎস্য উৎপাদনকাৰীৰে মীন খণ্ডই অসমৰ গ্ৰাম্য অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে আৰু দেশৰ ভিতৰত মাছৰ উৎপাদনত অসমে চতুৰ্থ স্থান লাভ কৰিছে। ২০১৯-২০ বৰ্ষৰ পৰা ২৭ শতাংশ ঊৰ্ধ্বগামীতাৰে ২০২৩-২৪ বৰ্ষত মাছৰ উৎপাদন ৪.৭৪ লাখ মেট্ৰিকটন হৈছে।
৫৫। প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা আৰু এপাৰ্ট প্ৰকল্পসমূহে এই বিকাশৰ গতি তৰান্বিত কৰি বাৰ্ষিক ১৩.৭২ কেজি জনমূৰি মাছৰ উপলব্ধতা বৃদ্ধি কৰিছে। ‘Sustainable Wetlands and Integrated Fisheries Transformation’ আৰু আছাম ষ্টেট একুৱা কালছাৰ প্ৰমোচন এণ্ড লিভলিহুড ইমপ্ৰ’ভমেণ্টৰ লেখীয়া ৰূপায়িত হ’বলগীয়া প্ৰকল্পসমূহে বিল ফিছাৰি আৰু বহনক্ষম একুৱা কালছাৰৰ পৰিসৰ বৃদ্ধি কৰিব।
৫৬। দুগ্ধ খণ্ড শক্তিশালীকৰণৰ বাবে WAMUL ৰ সহযোগিতাত প্ৰতিদিনে ৫,০০০ লিটাৰ সামৰ্থ্যৰ ধেমাজি আৰু খানাপাৰাত স্থাপন কৰা দুগ্ধ প্ৰস্তুতকৰণ প্ৰকল্প (Milk processing Plants) কাৰ্যক্ষম হৈ উঠিব। এই সুবিধাৰে প্ৰায় ২,০০০ দুগ্ধ উৎপাদকক লাভান্বিত কৰি অসংগঠিত খণ্ডৰ ১০,০০০ লিটাৰ গাখীৰ সংগ্ৰহৰ লক্ষ্য লোৱা হৈছে।
৫৭। ‘সহকাৰ চে সমৃদ্ধি’ (সমবায়ৰ জৰিয়তে বিকাশ)ক আগুৱাই নিয়াৰ ক্ষেত্ৰত সমবায় বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।
৫৮। ৫৮৩ খন প্ৰাথমিক কৃষি সমবায়ৰ কম্পিউটাৰাইজেচনৰ ফলস্বৰূপে ৰাজ্যিক সমবায় বেংক আৰু চি এছ চি সেৱা সংহতকৰণ সম্ভৱ হৈছে তথা কাৰ্যদক্ষতা বৃদ্ধি পোৱাৰ লগতে ঋণৰ দ্ৰুত বিতৰণ, ব্যয় সংকোচন আৰু স্বচ্ছতা বৃদ্ধি পাইছে। ৩০৪ খন নতুন সমবায় পঞ্জীয়নৰ জৰিয়তে অসমে দেশজুৰি ১০,০০০ খন দুগ্ধ আৰু মীন সমবায় স্থাপনৰ ক্ষেত্ৰত প্ৰভুত বৰঙণি আগবঢ়াইছে। নলবাৰী জিলাত এক মৰাপাট মিল স্থাপনৰ লক্ষ্য হৈছে মৰাপাটৰ বেগৰ নাটনি দূৰ কৰা আৰু স্থানীয় সম্পদৰ প্ৰসাৰ সাধন কৰা।
খাদ্য সুৰক্ষা
৫৯। খাদ্য সুৰক্ষা আৰু ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণ নিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত অসমে ১.২ লাখ মেট্ৰিকটন চাউল বিতৰণ কৰিছে আৰু ইয়াৰ ফলস্বৰূপে যোৱা ডিচেম্বৰলৈকে ২ কোটি ৩০ লাখ নাগৰিক উপকৃত হৈছে।
৬০। বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমত থকা ব্যক্তি, কৰ্কট ৰোগী, গুৰুতৰ ৰোগত আক্ৰান্ত লোক আৰু ই-শ্ৰম পঞ্জীয়নকাৰী সকলো লোকক ৰেচন কাৰ্ড প্ৰদানৰ বাবে অসম চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে যাতে এনে হিতাধিকাৰী প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আঁচনিৰ ব্যৱস্থাপনাৰ অধীনত উপকৃত হয়।
৬১। তদুপৰি, প্ৰাপ্য খাদ্য শস্যৰ যোগান নিশ্চিত কৰাৰ উপৰিও পি এম জি কে এ ৱাই আৰু এম এম জে এ ৱাইৰ অধীনত বছৰি ৫ লাখ টকাৰ পৰিয়াল স্বাস্থ্য বীমা, পি এম ইউ ৱাইৰ অধীনত বিনামূলীয়া এল পি জি সংযোগ আৰু অৰুণোদয় আঁচনিৰ অধীনত লাভালাভ প্ৰদান কৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত অতিৰিক্ত ২০ লাখ নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হৈছে।
পৰিবহণ
৬২। স্বচ্ছতা আৰু কাৰ্যদক্ষতা বৃদ্ধিৰ বাবে ৰাজ্যৰ পৰিবহণ বিভাগত বিভিন্ন সংস্কাৰ সাধন কৰা হৈছে। সম্পূৰ্ণভাৱে নিৰ্মিত বাহনৰ পঞ্জীয়নৰ বাবে ৰাজ্যখনৰ অনুমোদিত যান-বাহন ডিলাৰসমূহক এতিয়া পঞ্জীয়ন কৰ্তৃপক্ষ হিচাপে ক্ষমতা প্ৰদান কৰা হৈছে আৰু ইয়াৰ ফলত নতুন বাহনৰ ক্ৰেতাসকলে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ নোযোৱাকৈয়ে ‘ডিলাৰ পইণ্ট’তে বাহন পঞ্জীয়নৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। CM–Transport Randomized Allocation Networked System য়ে জিলা পৰিবহণ বিষয়াসকলৰ মাজত অনলাইন আবেদনৰ ‘ৰেণ্ডম’ আবণ্টন নিশ্চিত কৰিছে। ফলত আবেদনকাৰী আৰু কাৰ্যালয়ৰ মাজত মধ্যস্থতাকাৰীয়ে হস্তক্ষেপ কৰিব নোৱাৰে আৰু সেৱা প্ৰদানৰ ক্ষেত্ৰত অধিক স্বচ্ছতা নিশ্চিত হয়।
৬৩। টাৰ্মিনেলৰ নিৰ্মাণ, যাত্ৰী আৰু মালবাহী জাহাজৰ সংযোজন আৰু নদী পৰিবহণৰ সুৰক্ষা বৃদ্ধিৰ জৰিয়তে ৰাজ্যখনৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৫ বৰ্ষৰ জুলাই মাহৰ ভিতৰত ধুবুৰী-মেডাৰটাৰি পথত নৈশ ফেৰী সেৱা আৰম্ভ হ’ব বুলি আশা কৰা হৈছে আৰু ই পৰিবহণ ব্যৱস্থাক অধিক উন্নীত কৰিব। ‘গুৱাহাটী গেটৱে ঘাট’ নামেৰে ভাৰতৰ প্ৰথমটো অত্যাধুনিক নদী টাৰ্মিনেল নিৰ্মাণৰ কাম চলি আছে। ই নদী পৰিবহণ ব্যৱস্থাত এক ৰূপান্তৰকাৰী পৰিৱৰ্তন আনিব।
আন্তঃগাঁথনি- পথ আৰু দলং
৬৪। সুষম আঞ্চলিক উন্নয়ন আৰু জীৱনধাৰণৰ মান উন্নীতকৰণৰ বাবে অপৰিহাৰ্য এক উন্নত পথ আৰু দলঙ আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত অসমে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।
৬৫। ‘প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা’ ৰূপায়ণৰ উপৰি ‘গ্ৰ’থ কৰিডৰ’ নিৰ্মাণ আৰু সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰি ৰাজ্যখনে গ্ৰামাঞ্চলত মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ, উন্নত পকীপথ নিৰ্মাণ আৰু মথাউৰি পকীকৰণ আঁচনি আৰম্ভ কৰিছে। চাহ শ্ৰমিকৰ জীৱনৰ মান উন্নত কৰাৰ বাবে চৰকাৰে চাহ বাগিচাৰ শ্ৰমিক লাইনত সকলো বতৰৰ বাবে অনুকূল পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ইয়াৰ উপৰিও ডিমা হাচাওত অসম দুৰ্যোগ প্ৰতিৰোধী পাহাৰীয়া অঞ্চলৰ পথ উন্নয়ন প্ৰকল্পৰ লক্ষ্য হৈছে এই পাহাৰীয়া জিলাখনত দুৰ্যোগ প্ৰতিৰোধী পথ নেটৱৰ্ক গঢ়ি তোলা।
৬৬। মূল প্ৰকল্পসমূহৰ ভিতৰত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ সংযোগী ব্ৰহ্মপুত্ৰ নদী দলং নিৰ্মাণ প্ৰকল্পৰ কামৰ অগ্ৰগতি লাভ কৰিছে। বিশ্ব বেংকৰ পুঁজিপ্ৰাপ্ত ‘অসম স্থিতিস্থাপক গ্ৰাম্য দলং প্ৰকল্প’ৰ অধীনত ৩৮৮ খন দলং নিৰ্মাণৰ কাম বিভিন্ন পৰ্যায়ত আছে আৰু ইয়াৰে ২১৬ খন দলঙৰ কাম আৰম্ভ হৈছে।
৬৭। ২০২৪-২৫ বৰ্ষৰ সময়ছোৱাত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰ বাবে প্ৰায় ৮,০০০ কোটি টকাৰ বাৰ্ষিক পৰিকল্পনাত অনুমোদন জনাইছে। মুখ্য প্ৰকল্পসমূহৰ ভিতৰত আছে দুইলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ-৭১৫ এ, ৰাষ্ট্ৰীয় ঘাইপথ-১২৭ চি উন্নীতকৰণ, চাৰিলেনযুক্ত মংগলদৈ বাইপাছ (ৰাষ্ট্ৰীয় ঘাইপথ-১৫), আৰু জয়পুৰৰ পৰা হুকানজুৰিলৈ ৩১৫ এ ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণ।
ঔদ্যোগিক বিকাশ
৬৮। ইলেক্ট্ৰনিকছ, আন্তঃগাঁথনি, নৱীকৰণযোগ্য ক্ষেত্ৰ, বিমান, প্ৰতিৰক্ষা উৎপাদন আৰু বিভিন্ন খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত এডভান্টেজ অসম ২.০-বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ অনুষ্ঠিত কৰা হ’ব। ভূটান আৰু সমগ্ৰ দক্ষিণ এছিয়াৰ নেতা আৰু বিনিয়োগকাৰীসকলক ইয়াত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।
৬৯। আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হ’ল টাটা গ্ৰুপৰ দ্বাৰা জাগীৰোডত ১৫,০০০ প্ৰত্যক্ষ চাকৰি আৰু ৭০টা আনুষংগিক ইউনিটৰ প্ৰতিশ্ৰুতি বহন কৰা ২৭,০০০ কোটি টকীয়া ছেমিকণ্ডাক্টৰ ফেচিলিটিৰ আধাৰশিলা স্থাপন। অসমলৈ বৃহৎ পৰিমাণৰ বিনিয়োগ আকৰ্ষণৰ প্ৰচেষ্টাৰ ফলত ২৮টা ইউনিটৰ বাবে বুজাবুজিৰ চুক্তি হৈছে যাৰ প্ৰস্তাৱিত বিনিয়োগ ১৪,৮০০ কোটি টকা আৰু ইয়াৰ ফলত ২১,০০০ৰো অধিক চাকৰিৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও ২০২৩ বৰ্ষত উত্তৰ-পূব গোলকীয় বিনিয়োগকাৰী সন্মিলনৰ সময়ত ১৭,০০০ কোটি টকাৰ বিনিয়োগ নিশ্চিত হৈছিল।
৭০। ‘আত্মনিৰ্ভৰ অসম অভিযান’ৰ অধীনত প্ৰথম পৰ্যায়ত ১ লাখ আৰু দ্বিতীয় পৰ্যায়ত ১.৬ লাখ আৱেদন লাভ কৰা হৈছিল। হিতাধিকাৰীসকলৰ মাজত ১৫০ কোটিতকৈ অধিক টকা উদগণি হিচাপে বিতৰণ কৰা হয়। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে ৫ হাজাৰৰো অধিক ব্যক্তিক প্ৰশিক্ষণ দিয়া হৈছে আৰু ৬ হাজাৰৰো অধিক লোকে ঋণ লাভ কৰিছে।
৭১। টাটা ইলেক্ট্ৰনিকছ কৰ্প’ৰেশ্যন লিমিটেডৰ সহযোগত অসম চৰকাৰে ৪৩ খন চৰকাৰী আই টি আই আৰু ৩৪ খন পলিটেকনিকত কাৰখানাৰ আধুনিকীকৰণৰ লগতে ইণ্ডাষ্ট্ৰী ৪.০ৰ একেশাৰীৰ বৃত্তি প্ৰৱৰ্তনৰ কাম হাতত লৈছে। অসম দক্ষতা বিকাশ অভিযানে গুৱাহাটী বিমানবন্দৰত চালকৰ প্ৰশিক্ষণ, হোটেল কৰ্মচাৰীৰ প্ৰশিক্ষণ, বিশেষজ্ঞৰ জৰিয়তে স্থানীয় কাৰুশিল্পীৰ কামৰ প্ৰসাৰ, পদপথৰ খাদ্য বিক্ৰেতাৰ প্ৰশিক্ষণ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত টুৰিষ্ট গাইডৰ প্ৰশিক্ষণ, চাহ জনজাতিৰ লোকসকলৰ বাবে গাড়ী চালনাৰ প্ৰশিক্ষণকে ধৰি ৰাজ্য-বিশেষ কৌশল উন্নীতকৰণ কাৰ্যসূচীও আৰম্ভ কৰিছে ।
দক্ষতা আৰু সবলীকৰণ
৭২। ছিংগাপুৰৰ আই টি ই এডুকেচন চাৰ্ভিচেছৰ সহযোগত স্থাপন হোৱা নৰ্থ ইষ্ট স্কিল চেণ্টাৰে খাদ্য আৰু পানীয় সেৱা, হস্পিটেলিটি হাউচকিপিং, খুচুৰা সেৱা আৰু বিউটি এণ্ড ৱেলনেছৰ অত্যাধুনিক এবছৰীয়া প্ৰমাণপত্ৰ পাঠ্যক্ৰম আগবঢ়াবলৈ আৰম্ভ কৰিছে। এন ই এছ চিৰ স্নাতকসকলে জে ডব্লিউ মেৰিয়ট, গ্ৰেণ্ড হায়াট আৰু লুলু হাইপাৰ মলৰ দৰে বিখ্যাত সংস্থাত নিয়োগ লাভ কৰিব সক্ষম হৈছে।
৭৩। বৃত্তিমূলক প্ৰশিক্ষণৰ সৈতে আগতীয়াকৈ জড়িত হ’বলৈ উৎসাহিত কৰি ‘দক্ষতা যাত্ৰা’ পদক্ষেপে যুৱক-যুৱতীসকলৰ মাজত দক্ষতা বিকাশ সম্পৰ্কে সজাগতা বৃদ্ধি কৰিছে। কোকৰাঝাৰৰ আই টি আই বল্লমগুৰি আৰু ধেমাজিৰ গোগামুখত থকা ‘অপাৰেচনেল কনষ্ট্ৰাকচন স্কিল ট্ৰেইনিং চেণ্টাৰ’সমূহে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰি অহাৰ লগতে নলবাৰীত আন এটা কেন্দ্ৰৰ নিৰ্মাণৰ কাম চলি আছে। দক্ষ লোকক বহিঃৰাষ্ট্ৰত নিয়োগৰ ক্ষেত্ৰতো ‘অসম আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্ৰ’ই আগভাগ লৈ আছে।
ক্ৰীড়া
৭৪। উদীয়মান খেলুৱৈসকলক ব্যাপক পৰিসৰত আগবঢ়াই নিবলৈ অসম চৰকাৰে সমগ্ৰ ৰাজ্যতে ক্ৰীড়াক তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ লক্ষ্য লৈছে।
৭৫। খেল মহাৰণৰ ৩ বছৰীয়া স্থিৰতা আৰু উন্নয়ন যোজনাৰ অংশ হিচাপে চৰকাৰে সৰুসজাই ষ্টেডিয়ামত ১৫৫ গৰাকী উৎকৃষ্ট খেলুৱৈৰ ২১ দিনীয়া আৱাসিক প্ৰশিক্ষণ আৰু অনুশীলন কাৰ্যসূচী অনুষ্ঠিত কৰিছে।
৭৬। তদুপৰি, উত্তৰাখণ্ডত অনুষ্ঠিত হ’বলগীয়া ৩৮ সংখ্যক ৰাষ্ট্ৰীয় খেল, ২০২৫ত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত খেলুৱৈসকলৰ কাৰণে বিভাগে ২১ দিনীয়া আৱাসিক প্ৰশিক্ষণ আৰু অনুশীলন কাৰ্যসূচীও অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছে।
৭৭। খেলা-ধূলাৰ জৰিয়তে ক্ৰীড়া আৰু জীৱিকাৰ প্ৰসাৰৰ প্ৰতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতা অনুসৰি বছৰটোত ৫৫ গৰাকী ক্ৰীড়াবিদক নিযুক্তি দিয়া হয়। ইতিমধ্যে চাকৰি কৰি থকা পদক বিজয়ীসকলক নগদ ধনৰ উদগণি প্ৰদান কৰা হৈছে।
বন, পৰিৱেশ আৰু পৰ্যটন
৭৮। প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰসাৰৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰি বিগত এটা বছৰত ৰাজ্যখনে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।
৭৯। যথেষ্ট সংখ্যক বিদেশী পৰ্যটককে সামৰি দুটা দশকৰ ভিতৰতে সৰ্বাধিক ৩.৩ লাখ পৰ্যটকৰ আগমনেৰে ২০২৪ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বিশ্বৰ ভিতৰতে এখন অন্যতম পৰ্যটনস্থলী হিচাপে বিবেচিত হৈছে।
৮০। ২০২৪ বৰ্ষত ২৩০০ হেক্টৰৰো অধিক ভূমিত পুনৰ বনানীকৰণ কৰা হয় যি পৰিৱেশতন্ত্ৰৰ পুনৰুদ্ধাৰ আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে অসমৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।
৮১। ইয়াৰ উপৰি, ৰাজ্যখনে অসম কৃষি বনানীকৰণ নীতি ২০২৪ আৰম্ভ কৰিছে, যাৰ লক্ষ্য হৈছে বৃক্ষ-উৎপাদনভিত্তিক অৰ্থনৈতিক সুযোগ সৃষ্টিৰে কৃষকৰ উপাৰ্জন বৃদ্ধি কৰা আৰু বনানীকৰণৰ জৰিয়তে ৰাজ্যখনত সেউজ আৱৰণ সম্প্ৰসাৰণ কৰা। এই দূৰদৰ্শী নীতিয়ে পৰিৱেশ বহনক্ষমতা আৰু গ্ৰাম্য উন্নয়ন উভয়ৰে প্ৰতি ৰাজ্যখনৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।
৮২। বনগাঁওসমূহৰ লগতে যিবোৰ এলেকাত বন অধিকাৰৰ বন্দৱস্তি সম্পূৰ্ণ হৈছে তেনে অঞ্চলৰ গাঁও প্ৰধান (গাওঁবুঢ়া) সকলৰ অমূল্য অৱদানৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁলোকৰ বাবে ৯,০০০ টকাকৈ মাহিলী পাৰিতোষিক প্ৰৱৰ্তন কৰিছে।
৮৩। প্ৰাকৃতিক আৰু সাংস্কৃতিক সম্পদৰ প্ৰাচুৰ্যতা, বন্যপ্ৰাণী, অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক কীৰ্তিচিহ্ন, সেউজ সজীৱ চাহ বাগিচা আৰু গ’ল্ফ খেলপথাৰেৰে সমৃদ্ধ ৰাজ্যখনে দ্ৰুতগতিত দেশৰ অন্যতম পৰ্যটনস্থলী হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে।
৮৪। অসম চৰকাৰে ২০২৫ বৰ্ষৰ ১৩ জানুৱাৰী তাৰিখে পেৰিছত ‘মৈদাম’ (আহোম ৰাজবংশৰ সমাধিস্থলী)ৰ বাবে আনুষ্ঠানিকভাৱে ইউনেস্ক’ বিশ্ব ঐতিহ্য প্ৰমাণ-পত্ৰ লাভ কৰে।
৮৫। আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত সকলো আধুনিক বিনোদনমূলক সুবিধাযুক্ত আধুনিক যাত্ৰীনিবাসী আৰু উদ্যানকে সামৰি অসম পৰ্যটনে বিভিন্ন সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰি আছে।
৮৬। সেৱা আন্তঃগাঁথনিৰ অধিক উন্নয়ন তথা প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সুবিধা সৃষ্টিৰ লক্ষ্যৰে ব্যক্তিগত খণ্ডৰ সহযোগিতাৰে কাজিৰঙাত দুটা অত্যাধুনিক চাহ পৰ্যটন ৰিজৰ্ট নিৰ্মাণ কৰি থকা হৈছে।
৮৭। সৃজনিশীলতাৰ বিকাশ, সাংস্কৃতিক পৰম্পৰা সংৰক্ষণ তথা অসমীয়া সংস্কৃতিৰ প্ৰকৃতি আৰু উপাদানগত নিভাঁজ ৰূপ অক্ষুণ্ণ ৰাখি এক সজীৱ পৰম্পৰা ৰূপে ৰাজ্য খনৰ লগতে সমগ্ৰ বিশ্বজুৰি ইয়াৰ প্ৰসাৰৰ বাবে চৰকাৰে বিভিন্ন সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৫ বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত অসমৰ চাহ জনজাতিসকলৰ ঝুমুৰ নৃত্যৰ প্ৰদৰ্শন অনুষ্ঠিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।
৮৮। আপোনালোকে জানিব পাৰিব যে ‘ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান’ৰ দ্বাৰা প্ৰযোজিত ‘চাঞ্চিচোয়া’(প্ৰত্যাশা) নামৰ নন-ফিচাৰ শিতানৰ চলচ্চিত্ৰখন ২০২৪ বৰ্ষৰ ২০ ৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়।
সামাজিক অন্তৰ্ভুক্তি
৮৯। সম্প্ৰপ্তিহ পূৰ্ণথেয়িনাম কূৰুণ্যম কৰ্তু
(পৰিপূৰ্ণ সন্তুষ্টি প্ৰাপ্তিৰ লক্ষ্যৰে আহক আমি ন্যায় আৰু স্বচ্ছতাৰ বাবে প্ৰচেষ্টা চলাও)
৯০। বৃহত্তৰ অসমীয়া সমাজৰ এক অবিচ্ছেদ্য অংগ হ’ল অসমৰ চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকল। তেওঁলোকৰ জনসংখ্যা অসমৰ মুঠ জনসংখ্যাৰ ১৭ শতাংশ আৰু তেওঁলোক বৃহত্তৰ অসমীয়া সমাজৰ এক অবিচ্ছেদ্য অংশ। ৰাজ্যখনৰ সমাজ জীৱনত তেওঁলোকৰ অবদান অপৰিসীম। এই সম্প্ৰদায়সমূহৰ সৰ্বাংগীন আৰ্থ-সামাজিক উন্নয়ণৰ প্ৰতি দায়বদ্ধ অসম চৰকাৰে তেওঁলোকৰ জীৱনধাৰনৰ মান উন্নীত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহন কৰিছে।
৯১। চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ মাজত শিক্ষাৰ উন্নয়ন আৰু প্ৰসাৰ ঘটোৱাৰ বাবে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে জলপানি তথা উচ্চ শিক্ষা গ্ৰহণ কৰি থকা আৰু এ এন এম/ জি এন এম আৰু কাৰিকৰী শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে আৰ্থিক সাহাৰ্য আগবঢ়াই থকা হৈছে।
৯২। চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চিকিৎসা মহাবিদ্যালয়ত সংৰক্ষিত আসনৰ সংখ্যা ২৭ ৰ পৰা ৩০ লৈ বৃদ্ধি কৰা হৈছে।
৯৩। ৰাজ্যখনৰ সকলো এলেকা, বিশেষকৈ বড়োলেণ্ড পৰিষদ অঞ্চলৰ সৰ্বাংগীন উন্নয়ন আৰু সমবিকাশৰ বাবে চৰকাৰ দায়বদ্ধ। Bwiswmuthi ২.০ অভিযানৰ অধীনত এই অঞ্চলৰ ১০০ শতাংশ ভূমিৰ ৰেকৰ্ড ডিজিটেল কৰা হৈছে আৰু ইয়াৰ ফলত উপলব্ধতা সহজসাধ্য হোৱা উপৰিও ভুল-ক্ৰুটিৰ পৰিমান হ্ৰাস পাইছে।
৯৪। বড়়ো সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণৰ দিশত আন এক পদক্ষেপ হিচাপে বড়ো সম্প্ৰদায়ৰ ২১ বিধ সামগ্ৰীক ভৌগোলিক সূচক(জি আই) প্ৰমাণ-পত্ৰ প্ৰদান কৰা হৈছে।
৯৫। ‘সেউজ বড়োলেণ্ড অভিযান’ৰ অধীনত যোৱা বাৰিষা কালছোৱাত ১ লাখতকৈ অধিক গছপুলি সফলভাৱে ৰোপন কৰা হৈছে। ‘আৰ্ৱজনামুক্ত গাঁও’ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰি গাঁও দত্তক কাৰ্যসূচীৰ অধীনত ১০ খন দত্তক গাঁও গ্ৰহণ কৰা হৈছে।
৯৬। জনজাতীয় উপ-পৰিকল্পনাৰ অধীনত চৰকাৰে জনজাতীয় অঞ্চলসমূহৰ প্ৰতি দায়বদ্ধতা অব্যাহত ৰাখিছে।কৃষি বেংক, সৌৰবৈদ্যুতিকীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে ২২ খন জিলাৰ ১৭০০ খন গাঁৱত ‘প্ৰধান মন্ত্ৰী আদি আদৰ্শ যোজনা’ ৰূপায়ন কৰি থকা হৈছে। অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীক বিনামূলীয়া আৱাসিক শিক্ষা প্ৰদানৰ বাবে ১৭ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছে।
৯৭। চৰ অঞ্চলত বাস কৰা লোকসকলকে সামৰি ৰাজ্যখনৰ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ উন্নয়নৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি গ্ৰহণ কৰা হৈছে। অনলাইন আবেদন আৰু ক্ষেত্ৰীয় জৰীপৰ পৰিকল্পনাৰ দৰে প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণৰে খিলঞ্জীয়া অসমীয়া মুছলমান লোকসকলৰ আৰ্থ-সামাজিক অৱস্থাৰ মূল্যায়নৰ বাবে প্ৰচেষ্টা আৰম্ভ হৈছে।
৯৮। অনুসূচিত জাতি,অনুসূচিত জনজাতি, মহিলা, শিশু, দিব্যাংগ ব্যক্তি, ঔদ্যোগিক শ্ৰমিক আৰু বাৰ্ষিক আয় নিৰ্ধাৰিত সীমাতকৈ বেছি নোহোৱা প্ৰায় ৬০ হাজাৰ ব্যক্তিক ৰাজ্যিক ন্যায়িক সেৱা প্ৰাধিকৰণৰ অধীনত ন্যায়িক সেৱা আগবঢ়োৱা হৈছে।
৯৯। অন্তঃসত্তা মহিলা আৰু শিশুৰ বাবে শিশু উপযোগী সা-সুবিধাৰে সমৃদ্ধ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। অপুষ্টিজনিত সমস্যাৰ বিৰুদ্ধে লোৱা পদক্ষেপৰ অংশ হিচাপে ‘পোষণ অভিযান’ৰ অধীনত অপুষ্টিত ভোগা শিশুসকলৰ বাবে পুষ্টিকৰ খাদ্যৰ টোপোলা যোগান ধৰা হৈছে। ইয়াৰ ফলত তেনে শিশুসকলৰ স্বাস্থ্যৰ বিকাশ ঘটিছে।
১০০। প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, বেটি বচাও বেটি পঢ়াও, ৱান ষ্টপ চেন্টাৰ, মহিলা হেল্পলাইন, ঘৰুৱা হিংসা প্ৰতিৰোধ আইন আৰু মহিলা সবলীকৰণৰ বাবে ৰাজ্যিক হাব আৰু শক্তি সদনৰ দৰে পদক্ষেপৰ জৰিয়তে মহিলাৰ সুৰক্ষা সবলীকৰণৰ দিশত অধিক সফলতা লাভ কৰা হৈছে।
ৰাজহুৱা সেৱা প্ৰদান আৰু চৰকাৰী সংস্কাৰ
১০১। অভাৱ-অভিযোগ দূৰীকৰণৰ ক্ষেত্ৰত ২০২৪ বৰ্ষৰ নৱেম্বৰ মাহলৈ অসম শীৰ্ষ ৰাজ্যসমূহৰ মাজত অন্যতম। ইয়াৰ উপৰি, অঞ্চলটোৰ উন্নয়নৰ সামঞ্জস্যকৰণৰ বাবে বৰাক উপত্যকা উন্নয়ন বিভাগ নামেৰে এটা নতুন বিভাগ আৰম্ভ কৰা হৈছে।
১০২। প্ৰশাসনীয় কাৰ্যদক্ষতা বৃদ্ধিৰ লগতে প্ৰশাসন ব্যৱস্থাক নাগৰিকৰ ওচৰ চপাই নিয়াৰ উদ্দেশ্যে বিধানসভা সমষ্টিৰ সীমাৰ সৈতে সংগতি ৰাখি ৩৯ খন সম-জিলা গঠন কৰা হৈছে। গয়া, আহমেদাবাদ আৰু পুনেত ভৱন তথা সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণ কৰাৰ বাবে চৰকাৰে বিহাৰ, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ সৈতে সহযোগিতা অব্যাহত ৰাখিছে।
১০৩। এক মসৃন আৰু স্বচ্ছ পেঞ্চন পৰিচালনা ব্যৱস্থা নিশ্চিত কৰি কৃতজ্ঞতা প’ৰ্টেলটোৱে সক্ৰিয়ভাৱে কাম কৰি আছে।
১০৪। সকলোৰে প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অন্যান্য পিছপৰা শ্ৰেণীৰ কোটাৰ ভিতৰত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ বাবে সংৰক্ষণ ৩ শতাংশলৈ বৃদ্ধি কৰা হৈছে।
মই ইতিপূৰ্বে আলোকপাত কৰা বিষয়সমূহে বিকাশৰ ক্ষেত্ৰত ৰাজ্যখনে লাভ কৰা অভূতপূৰ্ব সফলতাকেই প্ৰতিফলিত কৰে।
আহক, গণৰাজ্য দিৱসৰ এই পৱিত্ৰ উপলক্ষত আমি সকলোৱে হাতে-হাত মিলাই আমাৰ সংবিধানৰ আদৰ্শক সন্মান জনাই সকলোৰে বাবে সমান সুবিধাৰ বাবে এক উজ্বল ভবিষ্যৎ গঢ়াৰ উপৰি আমাৰ চিৰ চেনেহী অসম আৰু ভাৰতৰ বিকাশৰ যাত্ৰাত নিজৰ দায়বদ্ধতা সুনিশ্চিত কৰাৰ বাবে সংকল্পবদ্ধ হওঁ। আপোনালোক সকলোকে পুনৰবাৰ গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো।
জয় হিন্দ!