/asomiyapratidin/media/media_files/2025/11/12/new-ap-web-govinda-2025-11-12-12-59-58.jpg)
ডিজিটেল ডেস্ক : নিজ বাসগৃহত অচেতন হৈ পৰা বলিউদৰ অভিনেতা গোবিন্দাক মঙলবাৰে নিশা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। অভিনেতাগৰাকীক মুম্বাইৰ জুহুস্থিত ক্ৰিটিকেয়াৰ হাস্পতালত ততাতৈয়াকৈ ভৰ্তি কৰাই পৰিয়ালৰ লোকে।
অভিনেতাগৰাকীৰ বন্ধু তথা আইনী উপদেষ্টা ললিত বিন্দলে জানিবলৈ দিয়া মতে ঘৰতে থকা অৱস্থাত অকস্মাতে অভিনেতাগৰাকী অচেতন হৈ পৰে। তাৰ পাছতে ৬১ বছৰীয়া গোবিন্দাক হাস্পতাললৈ লৈ যোৱা হয়।
মাজনিশা ১-০০ বজাত হাস্পতালত ভৰ্তি কৰোৱা অভিনেতাগৰাকীক এদল বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা কৰাই থকা হৈছে। লগতে তেওঁৰ কেইবাটাও পৰীক্ষা কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us