/asomiyapratidin/media/media_files/2025/09/29/rajyapal-29-2025-09-29-19-06-32.jpg)
ডিজিটেল সংবাদ কলিয়াবৰঃ অসম গৌৰৱ সন্মানৰে বিভূষিত চʼৰেণ এহেমত সোমবাৰে হঠাতে উপস্থিত হ'ল ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য । পত্নীসহ ১০ জনীয়া পৰিয়ালটিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰে।
তাৰ পাছতে পৰিয়ালসহ ৰাজ্যপালগৰাকী উপস্থিত হয় জখলাবন্ধাৰ সমীপৰ নতুন দাঙাৰ চ'ৰাণ এহেম নামৰ প্ৰাকৃতিক পৰিবেশত মুকলি আকাশৰ তলত থকা এখন ৰেস্তোৰাঁত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপবৰ্তী নতুন দাঙ্গাৰ চʼৰেণ এহেমত থলুৱা কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত সুস্বাদু
খাদ্যৰ জুতি লৈ আপ্লুত হৈ ভূয়সী প্ৰশংসা কৰে ৰাজ্যপালগৰাকীয়ে ।
উল্লেখ্য যে, পূৰ্বে চিকাৰি গাঁও হিচাপে পৰিচিত নতুন দাংগা গাঁৱত স্থাপন কৰা থলুৱা খাদ্যৰ এই কেন্দ্ৰটোৱে ২০২৫ বৰ্ষত লাভ কৰিছিল ৰাজ্য চৰকাৰৰ অসম গৌৰৱ বঁটা। এই চ'ৰান আহেমতে খাদ্য গ্ৰহণ কৰি আনন্দিত হয় ৰাজ্যপাল গৰাকী।
পত্নী, জী-জোৱাই আৰু পৰিয়ালৰ সদস্যৰ সৈতে কলিয়াবৰৰ চ'ৰান আহেমত উপস্থিত হৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে। খাদ্য গ্ৰহণ কৰি থলুৱা খাদ্যৰ কেন্দ্ৰটোলৈ ৫ লাখ টকাৰ সাহাৰ্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৰাজ্যপালগৰাকীয়ে ।
ইয়াৰ মাজতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আকস্মিকভাৱে বিয়োগ হোৱা মহানায়ক জুবিন গাৰ্গৰ সন্দৰ্ভতো মন্তব্য কৰি ৰাজ্যপালগৰাকীয়ে গভীৰ শোক প্ৰকাশ কৰি কয় জুবিন এটুকুৰা হীৰাই নহয় জুবিন গাৰ্গক হেৰুৱাই অসমে বহুত কিবাকিবি হেৰুৱালে।
প্ৰধানমন্ত্ৰীগৰাকীয়েও 'মন কি বাট' অনুষ্ঠানত জুবিন গাৰ্গৰ গুণৰ বিষয়ে চৰ্চা কৰিছে বুলি তেওঁ উল্লেখ কৰে। জুবিন গাৰ্গৰ ক্ষতি এক অপূৰণীয় ক্ষতি বুলিও উল্লেখ কৰি তেওঁ জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰে। ৰাজ্যপাল গৰাকীক সংগ দিয়ে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।