বিমষ্টেক যুৱ নেতা সন্মিলনৰ শুভাৰম্ভ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ

সন্মিলন খনত দেশৰ লগতে চুবুৰীয়া ভূটান, নেপাল, শ্ৰীলংকা, ম্যনমাৰ ,থাইলেণ্ডৰ যুৱ নেতাসকলৰ লগতে জ্যেষ্ঠ গণ্যমান্য ব্যক্তি, চৰকাৰী প্ৰতিনিধি আৰু বিভিন্ন প্ৰতিষ্ঠানৰ বিষয়াসকলে অংশগ্ৰহণ কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তত্বাৱধানত আজিৰে পৰা চাৰিদিনীয়াকৈ গুৱাহাটীৰ সোণাপুৰস্থিত মেফেয়া স্প্ৰিং ভেলী ৰিজ’ৰ্টত বিমষ্টেক যুৱ নেতা সন্মিলন ২০২৫ অনুষ্ঠিত হৈছে। 

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয়ৰ ভাৰত স্কাউট আৰু গাইডৰ উদ্যোগত অনুষ্ঠিত এই সন্মিলনৰ শুভ উদ্বোধন কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। সন্মিলন খনত দেশৰ লগতে চুবুৰীয়া ভূটান, নেপাল, শ্ৰীলংকা, ম্যনমাৰ ,থাইলেণ্ডৰ যুৱ নেতাসকলৰ লগতে জ্যেষ্ঠ গণ্যমান্য ব্যক্তি, চৰকাৰী প্ৰতিনিধি আৰু বিভিন্ন প্ৰতিষ্ঠানৰ বিষয়াসকলে অংশগ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে, ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত ভাৰত স্কাউট আৰু গাইডৰ দ্বাৰা পৰিচালিত এইটো দ্বিতীয়টো বিমষ্টেক যুৱকেন্দ্ৰিক অনুষ্ঠান।

লক্ষ্মণ প্ৰসাদ আচাৰ্য