ৰামকৃষ্ণ মিচন সেৱাশ্ৰম আৰু ৰেডক্ৰছ হাস্পতাল পৰিদৰ্শন ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যৰ

দেওবাৰে শিলচৰৰ ঐতিহাসিক ৰামকৃষ্ণ মিছন সেৱাশ্ৰম পৰিদৰ্শন কৰে। নতুনকৈ নিৰ্মাণ কৰা মিছন সেৱাশ্ৰমত সপত্নীক ৰাজ্যপালগৰাকী উপস্থিত হৈ ৰামকৃষ্ণ পৰমহংস দেৱ, সাৰদা মা আৰু স্বামী বিবেকানন্দৰ মূৰ্তিত পুস্পাৰ্ঘ প্ৰদান কৰে।

author-image
Asomiya Pratidin
New Update
168

ডিজিটেল সংবাদ, শিলচৰ : দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে শিলচৰত উপস্থিত হোৱা ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যই দেওবাৰে শিলচৰৰ ঐতিহাসিক ৰামকৃষ্ণ মিছন সেৱাশ্ৰম পৰিদৰ্শন কৰে। নতুনকৈ নিৰ্মাণ কৰা মিছন সেৱাশ্ৰমত সপত্নীক ৰাজ্যপালগৰাকী উপস্থিত হৈ ৰামকৃষ্ণ পৰমহংস দেৱ, সাৰদা মা আৰু স্বামী বিবেকানন্দৰ মূৰ্তিত পুস্পাৰ্ঘ প্ৰদান কৰে।

Advertisment

তদুপৰি পকীত বহি কিছুসময় ৰামকৃষ্ণ পৰমহংসদেৱক ধ্যান কৰে ৰাজ্যপালগৰাকীয়ে। ইয়াৰ পিছত মন্দিৰসহ গোটেই সেৱাশ্ৰমখন পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে সম্পাদক স্বামী গণধীশানন্দ মহাৰাজৰ সৈতে মত বিনিময় কৰে। ৰাজ্যপালৰ পৰিদৰ্শনৰ সময়ত জিলা আয়ুক্ত মৃদুল যাদৱ আৰু আৰক্ষী অধীক্ষক নোমাল মাহাত্তাও উপস্থিত থাকে। 

ইফালে, মহামহিম ৰাজ্যপালগৰাকীয়ে ৰামকৃষ্ণ মিছন সেৱাশ্ৰম পৰিদৰ্শন কৰাত যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰে সেৱাশ্ৰমৰ সম্পাদক স্বামী গণধীশানন্দ মহাৰাজে। ইয়াৰ পিছত ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যই আজি শিলচৰৰ ৰেডক্ৰছ হাস্পতাল পৰিদৰ্শন কৰে। তাত তেওঁ প্ৰথমে ৰেড ক্ৰছ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

তাৰ পিছত তেওঁ এটা ৰক্তদান শিবিৰৰ উদ্বোধন কৰে। ৰাজ্যপালগৰাকীয়ে হাস্পতাল পৰিদৰ্শন কৰা উপলক্ষে আয়োজিত এখন অনুষ্টুপীয়া সভাতো ভাষণ প্ৰদান কৰে তেওঁ। ইয়াৰ পিছত সংবাদ মাধ্যমৰ আগত ৰাজ্যপালগৰাকীয়ে কয়‌ যে, ৰেড ক্ৰছ ছ’চাইটিয়ে বহু বছৰ ধৰি মানৱ সেৱাত নিয়োজিত হৈ আহিছে। ৰক্তদানৰ পৰা আৰম্ভ কৰি আৰ্তজন ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰালৈকে – সমাজ কল্যাণৰ ক্ষেত্ৰত ৰেড ক্ৰছৰ ভূমিকা অপৰিসীম।' 

শিলচৰ