/asomiyapratidin/media/media_files/2025/08/23/150-2025-08-23-20-55-16.jpg)
ডিজিটেল সংবাদ, শিলচৰ : দুদিনীয়া চৰকাৰী কাৰ্যসূচী হাততলৈ শনিবাৰে শিলচৰত উপস্থিত হৈছে অসমৰ ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্য। কুম্ভীৰগ্ৰাম বিমান বন্দৰত অৱতৰণ কৰাৰ পিচতে ৰাজ্যপালগৰাকী উপস্থিত হয়গৈ শিলচৰ আৱৰ্ত ভৱনত।
তাতে আৰক্ষীৰ গাৰ্ড অফ অনাৰ গ্ৰহণ কৰে ৰাজ্যপাল আচাৰ্যই। ইয়াৰ পিছত আবেলি আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত উচ্চ পর্যায়ৰ এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ গ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে।
বিভিন্ন বিভাগৰ চৰকাৰী বিষয়াই অংশগ্ৰহণ কৰা এই বৈঠকত ৰাজ্যপালগৰাকীয়ে কাছাৰ জিলাৰ বিভিন্ন গুৰুত্বপূর্ণ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। বৈঠকৰ শেষত সংবাদ মাধ্যমৰ আগত কাছাৰ জিলাত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়ণ মুলক অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে।
উল্লেখযোগ্য যে, নিশাটো আৱৰ্ত ভৱনতে কটাই দেওবাৰে পুৱা ৯-৩৫ বজাত ৰাজ্যপালগৰাকীয়ে শিলচৰৰ ৰামকৃষ্ণ মিছন পৰিদর্শন কৰিব। ইয়াৰ পিছত তেখেতে ১০-১০ বজাত ৰেড ক্রছ চিলড্রেনছ হাস্পতাল পৰিদৰ্শন কৰিব। ইয়াৰ পিছতে ৰাজ্যপালগৰাকী আবেলি পুনৰ গুৱাহাটীলৈ উভতি যাব।