ঝাৰগাঁৱত ৰাজ্যপালৰ মত বিনিময় অনুষ্ঠানঃ অমৃত সৰোবৰ প্ৰকল্প পৰিদৰ্শন

মৰিগাঁৱৰ আয়ুক্ত অনামিকা তেৱাৰী আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থকা উক্ত অনুষ্ঠানত ৰাজ্যপাল গৰাকীয়ে কয় যে- ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে বহু আঁচনি ৰূপায়ন কৰিছে ,তাৰ পৰা গ্ৰামাঞ্চলৰ ৰাইজ যথেষ্ট উপকৃত হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ আজি মৰিগাঁৱৰ উপস্থিত হয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। ইপিনে ৰাজ্যপালগৰাকীয়ে জিলাখনৰ ঝাৰগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰত চৰকাৰী বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা ত্ৰিশ গৰাকী পুৰুষ-মহিলাৰ সৈতে আয়োজন কৰা "গাঁৱত ৰাজ্যপাল "শীৰ্ষক এক বাৰ্তালাপত এক গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। তেওঁ কয় যে- শিশুসকল আমাৰ দেশৰ ভৱিষ্যত। শিশুসকলক শিক্ষিত কৰি তোলাৰ বাবে প্ৰতিগৰাকী পিতৃ মাতৃয়ে গুৰুত্ব দিয়াৰ লগতে সংকল্প লোৱাৰ প্ৰয়োজন আছে। কাৰণ শিশুসকলে ঘৰত থকা সময় খিনিত বহু সময়ত মোবাইল ফোনতে ব্যস্ত থাকে। সেই দিশটোৰ পৰা যিমান পাৰি আতৰাই ৰাখিব লাগে। ক'ত কি কৰি আছে,কি পঢ়ি আছে তাৰ প্ৰতি চোকা নজৰ দিয়াৰ প্ৰয়োজন আছে পিতৃ মাতৃসকলে। এই আহ্বান ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ।

ৰাজ্যপালগৰাকীয়ে  আন এক গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। তেওঁ কয় যে-   আমি যিমান পাৰো প্ৰাকৃতিক জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰিব লাগে। অমৃতৰ অৰ্থ ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীৰ সপোনৰ  প্ৰকল্প অমৃত সৰোবৰৰ উপকাৰিতাৰ কথা উল্লেখ কৰি কয় যে-  ২৬ জানুৱাৰী,১৫ আগষ্ট আৰু ২ অক্টোবৰত অমৃত সৰোবৰৰ পাৰত বহি সভা সমিতি পাতিব লাগে। ইয়াত উপস্থিত থকাসকলে কেতিয়াবা অমৃত  সৰোবৰৰ পাৰত বহি পাইছেনে? বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে মধ্যাহ্ন ভোজন সঠিকভাবে পাইছেনে নাই বুলি কেতিয়াবা আপোনালোকে খৱৰ লৈছে নে ? ছাত্ৰ ছাত্ৰী সকলে চাইকেল, জলপানী,কৃষকসকলে পি এম কিষান, আয়ুস্মান কাৰ্ড, পি এম ৱাই আঁচনিৰ অধীনত ঘৰ লাভ কৰিছে নে নাই  সেই কথাৰো সোধপোচ কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই।

উল্লেখ্য যে- মৰিগাঁৱৰ আয়ুক্ত অনামিকা তেৱাৰী আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থকা উক্ত অনুষ্ঠানত ৰাজ্যপাল গৰাকীয়ে কয় যে- ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে বহু আঁচনি ৰূপায়ন কৰিছে ,তাৰ পৰা গ্ৰামাঞ্চলৰ ৰাইজ যথেষ্ট উপকৃত হৈছে। আজি গাঁৱৰ উন্নয়ন, দেশৰ বিকাশৰ ত্বৰান্বিত গতি দেখি ভাল লাগিছে বুলি সন্তোষ প্ৰকাশ কৰে।

উক্ত অনুষ্ঠানতে "যক্ষ্মামুক্ত ভাৰত অভিযান"ৰ সমৰ্থনত যক্ষ্মা ৰোগীসকললৈ পুষ্টিকৰ খাদ্যৰ যোগান  ধৰে "প্ৰেৰণা " নামৰ এটা বেচৰকাৰী  সংস্থাই ।দুজন ৰোগীক খাদ্যৰ টোপোলা বিতৰণ কাৰ্যসূচীৰে শুভাৰম্ভ কৰে ৰাজ্যপালগৰাকীয়ে । উল্লেখযোগ্য ভাবে "প্ৰেৰণা"ই মৰিগাঁৱৰ ৫০ জন যক্ষ্মাৰোগীক  ৬ মাহৰ বাবে "নিঃক্ষয় মিত্ৰ "হিচাপে সহায়ৰ হাত আগবঢ়াইছে বুলিও জানিব পৰা গৈছে। ইপিনে ৰাজ্যপালৰ আগমনৰ বাবে যোৱা তিনি-চাৰিদিন ধৰি মৰিগাঁও  জিলা প্ৰশাসনে সকলোবোৰ দিশ সফল কৰি তোলাৰ বাবে  যৎপৰোনাস্তি চেষ্টা চলাই যদিও ঝাৰগাঁও কৃষিপামত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ফালৰ পৰা ২০ লাখ টকা ব্যয়ৰে খনন কৰা অমৃত সৰোবৰ আঁচনিৰ  পাৰতে নিৰ্মাণ  কৰা জিৰনী গৃহৰ দুৱাৰখনত মামৰে ধৰা এটুকুৰা ৰদেৰে লগাই থোৱা লকটো দেখি একপ্ৰকাৰ হতভম্ব হৈ পৰে ৰাজ্যপাল গৰাকী।

WhatsApp Image 2026-01-08 at 7.30.38 PM

তেওঁ কয় যে- জীৱনত প্ৰথমবাৰৰ বাবে এই ধৰণৰ লক লগোৱা দেখিছো।এই কথাই স্বাভাৱিকতে উপস্থিত থকা আয়ুক্ত প্ৰমুখ্যে বিষয়া কৰ্মচাৰী সকলক কিছু অস্বস্তিত পেলাই। ইয়াৰ পাছতেই বিভিন্ন বিভাগৰ দ্বাৰা প্ৰদৰ্শন কৰা প্ৰদৰ্শনী পৰিদৰ্শন কৰে ৰাজ্যপালগৰাকীয়ে ।প্ৰদৰ্শনীত তেওঁ কৃষকে স্থানীয়ভাৱে উৎপাদন কৰা সামগ্ৰী, জৈৱিক খেতিৰ ফচল, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীনত শিপিনীয়ে নিজে উৎপাদন কৰা কাপোৰ আৰু আন সামগ্ৰী তথা অন্যান্য বিভাগৰ কাম-কাজসমূহ তুলি ধৰাৰ চেষ্টা কৰা হয়।

তাৰ পাছতেই কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত জিলাৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ৰাজ্যপাল গৰাকীয়ে। পৰ্যালোচনা বৈঠকত জিলা খনৰ বিভিন্ন বিভাগৰ চৰকাৰী বিষয়া সকলক আঁচনিসমূহ সঠিক ৰূপায়ণৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ বাবে শলাগ লয় বুলিও জানিব পৰা যায়।পৰ্যালোচনা বৈঠকৰ অন্তত ৰাজ্যপালগৰাকীয়ে জাগীৰোডৰ টাটা চেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। ইয়াৰ পূৰ্বে  তেওঁ দিনৰ ১১ বজাত জাগীৰোডৰ নিজৰাপাৰত মাছ উৎপাদন কেন্দ্ৰ এটা পৰিদৰ্শন কৰে। তাৰ পাছতেই মায়ং  উন্নয়ন  খণ্ডৰ  সমিপত কুমৈ আঞ্চলিক মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীৰ সতে মত বিনিময় কৰে আৰু মধ্যাহ্ন ভোজন গ্ৰহণ কৰে একাংশ চৰকাৰী বিষয়াৰ সতে বহি একেলগে।তাৰ পৰা আহি দুপৰীয়া ১ বাজি ১০ মিনিটত  ঝাৰগাঁৱৰ দৈপৰা গাঁৱত হাতীউঠা হস্তশিল্প সমবায় সমিতিৰ মহিলা সকলৰ দ্বাৰা গঢ় লৈ উঠা হস্ততাঁত কেন্দ্ৰ "এনাজৰী" পৰিদৰ্শন কৰে।

উক্ত বয়ন শিল্পৰ কেন্দ্ৰৰ পৰা নিজ পত্নীৰ বাবে ৪৫ হাজাৰ টকা মূল্যৰ শালত বোৱা পাতৰ চাদৰ মেখেলা এযোৰ ক্ৰয়  কৰি নিয়ে।লগতে এই কেন্দ্ৰৰ উন্নয়নৰ বাবে আৰু ইয়াৰ পাত, মুগা,এৰি,ৰিহাৰ কাপোৰ দিল্লীৰ অসম ভৱনত প্ৰদৰ্শন কৰাৰো ব্যৱস্থা কৰিব বুলি আশ্বাস প্ৰদান কৰে। দিনযোৰা ভ্ৰমণসূচীৰে মৰিগাঁও জিলা ভ্ৰমণ কৰিবলৈ অহা  ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি  প্ৰথমতেই জাগীৰোড পৰিদৰ্শন বাংলাত অসম আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে ৷ তাৰ পাছতে ৰাজ্যপালগৰাকী উপস্থিত হয় জাগীৰোড চাৰাংকুছিৰ এখন জৈৱিক কৃষি ফাৰ্মত ৷ দন্ত চিকিৎসক দীপক শইকীয়াই গঢ়া জৈৱিক কৃষি ফাৰ্মৰ বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ,হাঁহ, কুকুৰা, কাছ, মৌ আদিৰ লগতে বিভিন্ন প্ৰকাৰৰ অৰ্কিড আৰু বিভিন্ন প্ৰজাতিৰ চৰাই পালন কৰা পদ্ধতি সমূহ পৰিদৰ্শন কৰি আপ্লুত  হৈ পৰে৷

বিয়লিৰ  ভাগত ৰাজ্যপাল গৰাকীয়ে জাগীৰোড মাৰ্কাংকুছিৰ  বিশিষ্ট ক্ৰীড়াবিদ ৮৫ বছৰীয়া  আন্ধুৰাম দাসৰ বাসগৃহত গৈও উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুজ লৈ মত বিনিময় কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সৈতে ঝাৰগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত কিছু সময় কটাই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা জাগীৰোডৰ বিধায়ক পীযুষ হাজৰিকাই। ৰাজ্যপাল গৰাকীৰ ভ্ৰমণৰ সময়ত সংগ দিয়ে জিলা আয়ুক্ত অনামিকা তেৱাৰী,মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক প্ৰকাশ  সোনোৱাল, জিলা পৰিষদৰ  মুখ্য কাৰ্যবাহী  বিষয়া অনন্ত কুমাৰ গগৈ,অতিৰিক্ত জিলা আয়ুক্ত ৰাকেশ ডেকা আৰু অনুসূয়া শৰ্মা, সম-জিলা আয়ুক্তদ্বয় হৃদয় কুমাৰ দাস আৰু শিল্পীকা কলিতা আৰু জিলা প্ৰশাসনৰ বিষয়া, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু কৃষি বিজ্ঞান কেন্দ্ৰত কেন্দ্ৰটোৰ মুৰব্বী বিষয়া জ্যেষ্ঠ বিজ্ঞানী ৰিজুস্মিতা ডেকা,জিলা পৰিষদৰ সভানেত্ৰী প্ৰনতি কলিতা,তিৱা  স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী জীৱন চন্দ্ৰ কোঁৱৰৰ লগতে আন বহু চৰকাৰী বিষয়াই।

মৰিগাঁও