বিটিআৰত অচিৰেই ভূমিহীন পৰিয়ালক প্ৰদান কৰিব ভূমিপট্টা

ভূমি পট্টা প্ৰদান প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ লোৱাৰ বাবে পৰ্বতঝোৰাৰ বগৰিবাৰী ৰাজহ চক্ৰ কাৰ্য্যালয়ত উপস্থিত হয় বিটিচি পৰিষদীয় চৰকাৰৰ ইএম মুন মুন ব্ৰহ্ম।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
fdgresrasaxzax

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ বিটিআৰত ভূমিহীন পৰিয়ালক ভূমিৰ পট্টা প্ৰদান কৰাৰ বাবে তৎপৰ হৈছে হাগ্ৰামা মহিলাৰীৰ চৰকাৰ। এই ভূমি পট্টা প্ৰদান প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ লোৱাৰ বাবে পৰ্বতঝোৰাৰ বগৰিবাৰী ৰাজহ চক্ৰ কাৰ্য্যালয়ত উপস্থিত হয় বিটিচি পৰিষদীয় চৰকাৰৰ ইএম মুন মুন ব্ৰহ্ম। ৰাজহ চক্ৰ কাৰ্য্যালয় উপস্থিত হৈ মুন মুন ব্ৰহ্মই ৰাজহ চক্ৰ বিষয়া আৰু কৰ্মচাৰী সকলৰ লগত এক গুৰুত্বপূৰ্ণ সভাত মিলিত হয়।

এই সভাৰ অন্তত ইএম গৰাকীয়ে কয় যে, ভূমিহীন ৰাইজক ভূমিৰ পাট্টা দিয়া প্ৰক্ৰিয়া তীব্ৰ গতিত চলি আছে যদিও বগৰীবাৰী ৰাজহ চক্ৰ কাৰ্য্যালয়ত পৰ্যাপ্ত কৰ্মচাৰী নথকা বাবে কিছু অসুবিধা হৈছে। গতিকে অৱসৰপ্ৰাপ্ত যিসকল বিষয়া আছে সেইসকলক আকৌ নিয়োজিত কৰি ভূমি পাট্টা প্ৰদানৰ কাম অতি সোনকালে সম্পাদন কৰা হব।

ইফালে, আগন্তক বিধানসভা নিৰ্বাচনত বিটিচিৰ নৱগঠিত পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ লগতে আন ১৫টা বিধানসভা সমষ্টিতেই বিপিএফ দলৰ অগ্ৰগতি আৰু আধিপত্য আছে। এই আটাইকেইটা সমষ্টিতেই বিপিএফৰ দখলত থাকিব বুলি মন্তব্য কৰে ইএম গৰাকীয়ে।

হাগ্ৰামা মহিলাৰী