/asomiyapratidin/media/media_files/2025/09/18/bangladeshi-18-2025-09-18-21-02-50.jpg)
ডিজিটেল সংবাদ শিলচৰ: অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত শূণ্য সহনশীলতা নীতি গ্ৰহণেৰে ৰাজ্য চৰকাৰে সম্প্ৰতি অধিক কঠোৰ হৈ পৰিছে অনুপ্ৰৱেশকাৰী বাংলাদেশীৰ বিৰুদ্ধে।
পুনৰ ২০ গৰাকী অবৈধ বাংলাদেশীক আটক কৰি বৃহস্পতিবাৰে স্বদেশলৈ পোছবেক কৰে আৰক্ষীয়ে। অবৈধ বাংলাদেশী ২০ জনক বাংলাদেশলৈ উভতাই পঠিওৱা বিষয়টো ইতিমধ্যে সামাজিক মাধ্যমত আপলোড কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অনুপ্ৰৱেশকাৰী ৰোধত চৰকাৰে শূণ্য সহনশীল নীতিৰে সক্ৰিয়ভাৱে কাম কৰি থকা বুলি উল্লেখ কৰে।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা মতে, "অনুপ্ৰৱেশ ৰোধৰ অভিযান অব্যাহত আছে। এই অভিযান আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ।"
অবৈধ বাংলাদেশী কেইজনক কোন ঠাইত আটক কৰা হৈছিল,সেয়া মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা নাই যদিও বিগত দুটা দিনত কাছাৰ জিলাৰ কাটিগৰাত ১৩ গৰাকী আৰু শিলচৰ তাৰাপুৰত শিশু মহিলাসহ ৭ গৰাকী অনুপ্ৰৱেশকাৰীক আটক কৰা হৈছিল। এই ২০ জন বাংলাদেশী অনুপ্ৰবেশকাৰীকে স্বদেশলৈ উভতাই পঠিওৱা বুলি অনুমান কৰা হৈছে।