ডিব্ৰুগড়ৰ AMCHক কেন্দ্ৰৰ বিশেষ স্বীকৃতি...

অসমৰ স্বাস্থ্য খণ্ডলৈ এক আশাৰ তথা সুখৰ খবৰ। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পাতাল তথা এ এম চি এইচক বিৰল ৰোগৰ চিকিতসাৰ ক্ষেত্ৰত উৎকৃষ্ট কেন্দ্ৰ হিচাপে

author-image
Asomiya Pratidin
New Update
dddddddddddd
ডিজিটেল ডেস্কঃ অসমৰ স্বাস্থ্য খণ্ডলৈ এক আশাৰ তথা সুখৰ খবৰ। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পাতাল তথা এ এম চি এইচক বিৰল ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত উৎকৃষ্ট কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে ভাৰত চৰকাৰে। এন পি আৰ ডি, ২০২১ৰ অধীনত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা এই স্বীকৃতি প্ৰদান কৰা হৈছে এ এম চি এইচক। 
এক্স হেণ্ডেল যোগে মুখ্যমন্ত্ৰী কাৰ্যালয়ে এই খবৰ সদৰি কৰিছে। এই স্বীকৃতিয়ে অসমৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ ক্ৰমবৰ্ধমান সামৰ্থ্যক আৰু অধিক দৃঢ় কৰিলে বুলি স্বাস্থ্যমন্ত্ৰীয়ে সন্তুষ্টি ব্যক্তি কৰিছে। এই স্বীকৃতিয়ে চিকিৎসা আন্তঃগাঁথনি আৰু ৰোগীৰ বিশেষ যত্নৰ উন্নতিৰ ওপৰত ৰাজ্য চৰকাৰৰ মনোযোগ প্ৰতিফলিত কৰিছে বুলিও কয় স্বাস্থ্য মন্ত্ৰী অশোক সিংঘালে।
প্ৰণিধানযোগ্য যে, এই স্বীকৃতি লাভৰ পিছত এতিয়া  AMCHএ বিৰল ৰোগ নিৰ্ণয়, চিকিৎসা, আৰু ব্যৱস্থাপনাৰ বাবে বিশেষ কেন্দ্ৰ হিচাপে কাম কৰাৰ লগতে  গৱেষণা আৰু সজাগতামূলক পদক্ষেপৰ বাবেও কাম কৰিব।
ডিব্ৰুগড়