/asomiyapratidin/media/media_files/2026/02/26/new-ap-web-2026-02-26-13-10-35.jpeg)
ডিজিটেল ডেস্কঃ অশ্লীল বিষয়বস্তু প্ৰচাৰৰ বাবে দেশত পুনৰ নিষিদ্ধ হ'ল ৫ টা নতুন OTT প্লেটফৰ্ম। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰন মন্ত্ৰালয়ে তথ্য প্ৰযুক্তি আইন, ২০০০-ৰ ধাৰা ৬৯এ আৰু তথ্য প্ৰযুক্তি নিয়ম, ২০২১-ৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰে। নিষিদ্ধ কৰা প্লেটফৰ্মসমূহ হৈছে — MoodXVIP,Koyal Playpro, Digi Movieplex, Feel আৰু Jugnu।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/26/whatsapp-image-2026-02-26-13-13-36.jpeg)
উল্লেখযোগ্য যে, ডিজিটেল মাধ্যমত অনুচিত বিষয়বস্তু প্ৰচাৰৰ বিৰুদ্ধে চৰকাৰে ইতিমধ্যে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰী সূত্ৰে জনোৱা মতে, এই প্লেটফৰ্মসমূহত অশ্লীলৰ লগতে সামাজিক নৈতিকতাৰ পৰিপন্থী বিষয়বস্তু প্ৰচাৰ কৰা হৈছিল। কেইবাবাৰো এই ৫ টা OTT প্লেটফর্মত অশ্লীল বিষয়বস্তু প্ৰচাৰ নকৰিবলৈ সকীয়াই দিছিল তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ে।
ইপিনে অনলাইন মাধ্যমত প্ৰকাশিত বিষয়বস্তুত প্ৰযোজ্য আইন আৰু নীতিমালা মানি চলাটো বাধ্যতামূলক। বিশেষকৈ শিশু আৰু কিশোৰসকলৰ সুৰক্ষা, লগতে জনসাধাৰণৰ নৈতিক স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত এই বিধানসমূহ কঠোৰভাৱে প্ৰযোজ্য কৰা হ’ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us