অভিনেতাৰ ৰূপত এইবাৰ জ্যেষ্ঠ পৰিবহন বিষয়া গৌতম দাস

পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি হাজোত নাট প্ৰদৰ্শন কৰিছে জ্যেষ্ঠ পৰিবহন বিষয়া গৌতম দাসে। সমাগত ৩১ ডিচেম্বৰ। এই সময়ছোৱাত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি সৰ্তকতা অৱলম্বন কৰিবলৈ এই নাট প্ৰদৰ্শন কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ৰাইজক আঠু লৈ সেৱা জনালে ৰাজ্যৰ জ্যেষ্ঠ পৰিবহন বিষয়া গৌতম দাসে। এইবাৰ এগৰাকী অভিনেতাৰ ৰূপত পৰিবহন বিষয়াগৰাকী। 

উল্লেখ্য যে, চৰকাৰী বিষয়া হোৱাৰ সমান্তৰালকৈ দুৰ্দান্ত অভিনয়েৰে সকলোকে কৰিছে  মুগ্ধ। পিছে পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি হাজোত নাট প্ৰদৰ্শন কৰিছে জ্যেষ্ঠ পৰিবহন বিষয়া গৌতম দাসে। সমাগত ৩১ ডিচেম্বৰ। এই সময়ছোৱাত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি সৰ্তকতা অৱলম্বন কৰিবলৈ এই নাট প্ৰদৰ্শন কৰিছে।

সকলোকে হেলমেট পৰিধান কৰি গাড়ী চলাবলৈ আহ্বান জনাইছে বিষয়াগৰাকীয়ে। সুৰা পান কৰি চালক সকলক গাড়ী নচলাবলৈ অনুৰোধ বিষয়া গৰাকীৰ। লগতে এক সুন্দৰ অভিনয়ৰ জৰিয়তে গৌতম দাসৰ নেতৃত্বত শিল্পী দলে সকলে ৰাজহুৱা স্বাৰ্থ জনিত আবেদন।

পৰিবহন বিভাগ পৰিবহন বিষয়া