/asomiyapratidin/media/media_files/2025/09/19/teer-19-2025-09-19-13-01-03.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত আশাৰীকান্দিৰ পৰা বৃহস্পতিবাৰে নিশা গৌৰীপুৰ আৰক্ষীয়ে অবৈধ তীৰ খেলৰ সামগ্ৰীসহ আটক কৰে এজন তীৰৰ এজেণ্টক। ধৃত তীৰৰ এজেণ্ট জনক পবিত্ৰ বৰ্মন।
বৰ্মনৰ ঘৰ আশাৰীকান্দি গাঁৱত। বৃহস্পতিবাৰে তেওঁ আশাৰীকান্দি বজাৰত তীৰৰ টিকট বিক্ৰী কৰি থকাৰ সময়তে হাতেলোটে আটক কৰে গৌৰীপুৰ আৰক্ষীয়ে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে তেওঁৰ পৰা ১১ খন তীৰৰ বহী, ১৫ খন তীৰৰ খালী বহী আৰু নগদ ৯৬৭০ টকা জব্দ কৰে। উল্লেখ্য যে, এই অঞ্চলটোত দীৰ্ঘদিনৰ পৰা তীৰ খেলৰ অভিযোগ উত্থাপন হৈ আহিছিল।