/asomiyapratidin/media/media_files/2025/08/13/aiudf-2025-08-13-09-48-50.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ আগন্তুক বিধানসভা নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দলে তৎপৰতা বৃদ্ধি কৰাৰ সমান্তৰাল কৈ নৱ গঠিত গৌৰীপুৰ সমষ্টিতো ৰাইজৰ দলে সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ বাবে কুচ কাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে।ৰাইজৰ দলৰ গৌৰীপুৰ সমষ্টি সমিতিৰ কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা যোগদান সভাখনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ পৰা প্ৰায় অৰ্ধশতাধিক কৰ্মীয়ে আনুষ্ঠানিক ভাৱে ৰাইজৰ দলত যোগদান কৰে।
উল্লেখ্য যে এই যোগদান সভা খনতেই গৌৰীপুৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ ৫১জনীয়া বালাজান ব্লক সমিতি গঠন কৰে। সভা শেষত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ধুবুৰী জিলা সভাপতি জামাল হক কয় যে ২০২৬ চনত গৌৰীপুৰ বিধান সভা সমষ্টি ৰাইজৰ দলৰ দখলত আহিব নিশ্চিত। লগতে অহা নিৰ্বাচনত ধুবুৰীৰ জিলাৰ তিনিখনকৈ বিধান সভা সমষ্টিত ৰাইজৰ দলে প্ৰতিদ্বন্দিতা কৰিব বুলি উল্লেখ কৰে।
আৰু যদিহে কংগ্ৰেছৰ সৈতে মিত্ৰতা হয় তেন্তে হাইকাণ্ডৰ পৰা যি নিৰ্দেশনা আহিব তাৰ উপৰত নিৰ্ভৰ কৰিব। ইপিনে নেতা গৰাকী কয় যে সাম্প্ৰদায়িক বিজেপিক উৎখাত কৰিবলৈ আমিও বিচাৰোঁ মিত্ৰতা হওঁক কংগ্ৰেছৰ সৈতে। আৰু যদি মিত্ৰতা নহয় তেন্তে কমপক্ষেও ৩০ ৰ পৰা ৪০ টা আখনত প্ৰতিদ্বন্দিতা কৰিব বুলি মন্তব্য কৰে। ইফালে আকৌ কংগ্ৰেছ দলৰ পৰা ৰাইজৰ দলত যোগদান কৰিয়ে এগৰাকী সদস্যই কয় যে কংগ্ৰেছ দলে বিগত সময়ত সংখ্যালঘূ ৰাইজৰ সৈতে প্ৰতাৰণা কৰিছে বাবে আমি ৰাইজৰ দলত যোগদান কৰিছোঁ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us