/asomiyapratidin/media/media_files/2026/02/15/3-2026-02-15-13-51-26.jpg)
ডিজিটেল ডেস্কঃ গৌৰীপুৰৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভয়াৱহ পৰিস্থিতি। গৌৰীপুৰ হস্পিতাল প্ৰাইভেট লিমিটেড নামৰ নাৰ্ছিং হোমত পানীৰ টেংক নিৰ্মাণৰ কাম চলি থকা অৱস্থাতে তিনিজনকৈ শ্ৰমিক টেংকটোৰ ভিতৰত অসুস্থ হৈ পৰাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। টেংকত জৰুৰীকালীন পানী জমা কৰি ৰখাৰ বাবে গৌৰীপুৰ হস্পিতালপ্ৰাইভেট লিমিটেডৰ ফালৰ পৰা এই টেংকৰ নিৰ্মাণৰ কাম চলাইছিল।
/asomiyapratidin/media/post_attachments/b311d1c0-f97.png)
উক্ত ১৮ ফুট দৈৰ্ঘৰ পানীৰ টেংকটোৰ গভীৰতাও বহু আছিল যদিও টেংকটোৰ ভিতৰত অক্সিজেনৰ কোনো ব্যৱস্থাই ৰখা নাছিল নাৰ্ছিং হোম কৰ্তৃপক্ষই। ইপিনে তিনিজনকৈ শ্ৰমিকে পানীৰ টেংকটোৰ ভিতৰত কাম কৰি থকাৰ সময়তে শ্বাস-প্রশ্বাস বন্ধ হৈ পৰাৰ উপক্ৰম হোৱাত একাংশ শ্ৰমিকে ঘটনাতো গমম পোৱাত উদ্ধাৰ অভিযানত নামি পৰে।
/asomiyapratidin/media/post_attachments/b253f2c7-77f.png)
উল্লেখ্য যে, জেচিবি ৰে পানীৰ টেংকটো এফালে ভাঙি তিনিজন শ্ৰমিকক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি উক্ত নাৰ্ছিং হোমত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। তিনিজন শ্ৰমিকৰ এজন হাফিজুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। বাকী দুজনৰ নাম এতিয়াও জানিব পৰা হোৱা নাই। ইপিনে একাংশ স্থানীয় ৰাইজে মন্তব্য প্ৰকাশ কৰিছে যে কোনো ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ নকৰাকৈ এই পানীৰ টেংকটো কেনেদৰে নিৰ্মাণ কৰিবলৈ পালে। লগতে বিবাগীয় কতৃপক্ষই আৰু বিষয়াসকলে এই ক্ষেত্ৰত কিয় একো গুৰুত্ব আৰোপ কৰা নাই তাক লৈও প্ৰশ্ন উত্থাপন হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us