ছাত্ৰ একতা সভা নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তাল গৌৰীপুৰৰ আলমগঞ্জ ৰঙামাটি মহাবিদ্যালয়

নিৰ্বাচনী নীতি নিয়ম উলংঘা কৰাৰ পাছতো মহাবিদ্যালয় কর্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে  এখন মহাবিদ্যালয়ৰ বিৰুদ্ধে। তাৰোপৰি ছাত্ৰ একতা সভা নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তাল গৌৰীপুৰৰ আলমগঞ্জ ৰঙামাটি মহাবিদ্যালয়।

author-image
Asomiya Pratidin
New Update
new ap web  5 (2)

ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ নিৰ্বাচনী নীতি নিয়ম উলংঘা কৰাৰ পাছতো মহাবিদ্যালয় কর্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে  এখন মহাবিদ্যালয়ৰ বিৰুদ্ধে। তাৰোপৰি ছাত্ৰ একতা সভা নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তাল গৌৰীপুৰৰ আলমগঞ্জ ৰঙামাটি মহাবিদ্যালয়। 

উল্লেখ্য যে এইখনেই মহাবিদ্যালয় য'ত ছাত্ৰ একতা সভা নিৰ্বাচনত মহাবিদ্যালয় খনৰ চৌহদত ৰাজনৈতিক বা দল সংগঠনৰ বেনাৰ পোষ্টাৰ  আৰু শ্লোগান আদি নিষিদ্ধ কৰাৰ পাছতো AIUDF ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠন UDSFৰ ফ্লেগলৈ মহাবিদ্যালয় খনৰ চৌহদত প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপিত কৰি একাংশ ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয় খনৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। 

তাৰোপৰি  অতি সোনকালে নিৰ্বাচনী নিয়ম ভংগকাৰীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ দাবী উত্থাপিত কৰিছে । 

গৌৰীপুৰ