/asomiyapratidin/media/media_files/2026/02/18/146-2026-02-18-16-56-30.jpg)
ডিজিটেল ডেস্ক : প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে হোৱা বৈঠকৰ পাছত বুধবাৰে এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি কেতবোৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কয়- বিজেপিলৈ নাযাও বুলি শপত লোৱা ভূপেন বৰা বিজেপিলৈ গ’ল। বৰদোৱা থান, মা কামাখ্যাৰ শপত খাইছিল ভূপেন বৰাই।
তেওঁ আৰু কয়- ভূপেন বৰাৰ বিৰুদ্ধে নাৰীক অপমান কৰা বুলি অভিযোগ তুলিছিল মুখ্যমন্ত্রীয়ে। অৱশেষত দুয়োগৰাকীৰে অভিনয় ৰাইজে দেখিবলৈ পালে, দুয়োগৰাকী ককাই–ভাই একেখন মঞ্চতে থাকিব। এইবাৰ নতুন কংগ্রেছী বনাম পুৰণি কংগ্রেছীৰ যুঁজ হ’ব।
“পুৰণি বিজেপিৰ চিন মোকাম নাইকীয়া হ’ল বিজেপিত। ভুৱা কংগ্রেছৰ সৈতে এইবাৰ বিধানসভা নিৰ্বাচনত দেখিবলৈ পাব। গৰু ছিণ্ডিকেট চলাই থকা মন্ত্রী ৰাখিছে হিমন্ত বিশ্ব শৰ্মাই।“
ধুৰন্ধৰ ভূপেন বৰা...
আনহাতে হিন্দু ধৰ্ম সন্দৰ্ভত মুখ্যমন্ত্রীক মুকলি প্রত্যাহ্বান জনাই গৌৰৱ গগৈয়ে। তেওঁ কয়- ‘মই মুখ্যমন্ত্রীৰ সৈতে মুখামুখি হ’বলৈ সাজু আছো’। কংগ্রেছৰ পৰা যোৱা লোকে আজি বিজেপি চলাই আছে, ১৫ বছৰ কংগ্রেছত দুৰ্নীতি কৰি লুটি–পুতি খাই আজি বিজেপি কৰি আছে। বিজেপিৰ পুৰণি মানুহৰ আজিৰ দিনত দলত স্থান নাই। বিজেপিয়ে মোক ধুৰন্ধৰ বনাব বিচাৰিছিল কিন্তু আচল ধুৰন্ধৰ ভূপেন বৰা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us