দুৰ্ঘটনাৰ পাছতে গৌৰৱ গগৈৱে সামাজিক মাধ্যমত লিখিলে প'ষ্ট

সামাজিক মাধ্যমত গৌৰৱ গগৈৱে লিখিছে সুস্থ থকাৰ কথা ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-27 at 4.11.39 PM

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত  দুৰ্ঘটনাৰ পাছতে গৌৰৱ গগৈৱে প'ষ্ট কৰা পৰিলক্ষিত হৈছে। যোৰহাটত গৌৰৱ গগৈৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতে কৰিছে এই প'ষ্ট লিখিছে । 

download (2)

প্ৰাণিধানযোগ্য যে তেওঁ পোষ্টটোত লিখিছে এনেদৰে-  যোৰহাটত মোৰ ব্যক্তিগত বাহনখন এক সৰু দুৰ্ঘটনাত পতিত হয়। আচলতে বাহনখন চলাই থকা অৱস্থাতে বাহনখনৰ চালকজন হঠাৎ অসুস্থ হৈ পৰে। যাৰ বাবে এই দুৰ্ঘটনাটি সংঘটিত হয়। ভগৱান আৰু ৰাইজৰ আশীৰ্বাদত মই কোনো বিশেষ আঘাত নোপোৱাকৈ সুস্থ হৈ আছো। মাথোঁ বাহনখন অলপ ক্ষতিগ্ৰস্ত হৈছে। ইপিনে চালকজনক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁ সোনকালে সুস্থ হৈ উঠক তাৰে কামনা কৰিছো। 

image

উল্লেখ্য যে এই ঘটনাৰ বিষয়ে সংবাদ-মাধ্যমযোগে জ্ঞাত হোৱাত বহুতে গৌৰৱ গগৈলৈ ফোন কৰি খবৰ লৈছে বুলিও তেওঁ সামাজিক মাধ্যমত উল্লেখ কৰিছে। লগতে তেওঁ লিখিছে যে সকলোৰেলৈকে হৃদয়ৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো বুলি ।

গৌৰৱ গগৈ