/asomiyapratidin/media/media_files/2025/08/14/gauraav-gogoi-14-2025-08-14-18-55-08.jpg)
ডিজিটেল ডেস্কঃ লোকসভাৰ বিৰোধী দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কক লৈ আজিৰ পৰা কিছুদিন আগলৈকে ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১০ ছেপ্টেম্বৰত গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কৰ সন্দৰ্ভত মহাবিস্ফোৰণ ঘটাব বুলিও উল্লেখ কৰিছিল। গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কক লৈ আজিৰ পৰা কিছুদিন আগলৈকে ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে আজি গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কৰ আন এক বাতৰি ৰহস্যজনকভাৱে বিয়পি পৰিছে।
বিতৰ্কৰ মাজতে যোৱা ৫ আগষ্টত পাকিস্তান হাই কমিছনে আয়োজন কৰা ‘’ইছলামিক হিষ্টৰী এণ্ড ইটছ কণ্ট্ৰিবিউছন টু ৱৰ্ল্ড ছিভিলাইজেছন’’ শীৰ্ষক ৱেবিনাৰত গৌৰৱ গগৈয়ে বক্তা হিচাপে উপস্থিত থকা বুলি এক খবৰ প্ৰকাশ পাইছে। তেওঁৰ লগতে এই ৱেবিনাৰত বক্তা হিচাপে NUSTৰ পৰা শান্তি আৰু সংঘাত অধ্যয়নত পি এইচ ডি কৰা ডাঃ ৰছিদ ৱালি জাঞ্জুৱা, পাকিস্তানী কূটনীতিবিদ মইন উল হক, পাক ইনষ্টিটিউট ফৰ পিচ ষ্টাডিজৰ যুটীয়া সঞ্চালক আব্দুল কায়ুম উপস্থিত থকা বুলিও এখন পোষ্টাৰ প্ৰকাশ পাইছে।
লক্ষ্যণীয় ভাৱে গৌৰৱ গগৈয়ে এই ৱেবিনাৰত অংশগ্ৰহণ কৰাৰ এই খবৰ যিটো এক্স হেণ্ডেলৰ পৰা প্ৰকাশ পাইছিল সেই এক্স হেণ্ডলত এতিয়া নাই পোষ্ট।‘ Aishwarya Mudgil’ নামৰ এক্স হেণ্ডেলটোৰ পৰা পাকিস্তান হাই কমিছনে আয়োজন কৰা উক্ত ৱেবিনাৰত গৌৰৱ গগৈ বক্তা হিচাপে উপস্থিত থকা বুলি ইংৰাজী আৰু আৰৱী ভাষাত লিখা দুখনকৈ পোষ্টাৰ সৈতে এক সমালোচনাত্মক পোষ্ট শ্বেয়াৰ কৰা হৈছিল যদিও এতিয়া সেই এক্স হেণ্ডেলত নাই উক্ত পোষ্ট।
যিসময়ত গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান সম্পৰ্কক লৈ নানান প্ৰশ্ন উত্থাপন হৈছে, ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে সেই সময়তে এইদৰে তেওঁৰ বিৰুদ্ধে পুনৰ অভিযোগ উত্থাপন কৰি আকৌ ডিলিট কৰা বিষয়টো ৰহস্যজনক হৈ পৰিছে। ইফালে Aishwarya Mudgil ৰ পৰা এই পোষ্ট ডিলিট হৈছে যদিও আন বহু এক্স ব্যৱহাৰকাৰীয়ে এই একেখন পোষ্টাৰ ব্যৱহাৰ কৰি বিভিন্ন ধৰণে পোষ্ট কৰাও পৰিলক্ষিত হৈছে।
প্ৰশ্ন হয়, Aishwarya Mudgil-এ কি উদ্দেশ্যত এই পোষ্ট কৰিছিল? ইয়াৰ আঁৰত কি আছিল ৰহস্য? তেওঁ কাৰোবাৰ প্ৰৰোচনাত পৰি দিছিল নেকি এই পোষ্ট? সঁচাকৈয়ে গৌৰৱ গগৈয়ে তেওঁৰ পাৰিস্তান সম্পৰ্কক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতো এইদৰে ৱেবিনাৰত অংশগ্ৰহণ কৰাৰ সাহস কৰিবনে?
এই সন্দৰ্ভত শীঘ্ৰেই এক উচিত তদন্তৰ আশা কৰিছে সচেতন ৰাইজে। গৌৰৱ গগৈয়েও তেওঁৰ এইধৰণৰ অভিযোগকাৰীৰ বিৰুদ্ধে তেওঁৰ সৱল স্থিতি লোৱাৰ অৱকাশ আছে। দেশৰ গৃহমন্ত্ৰণালয়েও বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি সঠিক তদন্তৰে এনে খবৰৰ ৰহস্য ভেদ কৰাৰ প্ৰয়োজন আছে। যদিহে ভুৱা খবৰ বিয়পোৱা হৈছে তেন্তে ভুৱা খবৰ দিওঁতাৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰো ব্যৱস্থা কৰক।
কংগ্ৰেছৰ প্ৰতিক্ৰিয়া
ইফালে এই সন্দৰ্ভত এক স্পষ্টিকৰণত এপিচিচিৰ সংবাদ কোষৰ অধ্যক্ষ বেদব্ৰত বৰাই এই খবৰ সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন বুলি উল্লেখ কৰিছে। তেওঁ গৌৰৱ গগৈৰ উদ্ধৃতিৰে মুহূৰ্ততে ভাইৰেল হৈ পৰা এই খবৰ সম্পূৰ্ণ অসত্য, ভুৱা, উদ্দেশ্য প্ৰণোদিত বুলি কয়। তাৰোপৰি এনেধৰণৰ খবৰে সমাজত বিভ্ৰান্তিৰ লগতে বিশৃংখলতাৰো সৃষ্টি কৰিব বুলিও কয়। এনে ভুৱা খবৰ বিয়পোৱাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰো হুংকাৰ দিছে।