/asomiyapratidin/media/media_files/2026/02/06/w-2026-02-06-23-00-26.jpeg)
ডিজিটেল ডেস্কঃ গুৰুজনাৰ জন্মস্থলী বটদ্ৰৱাত উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছৰ পৰিৱৰ্তন এক যাত্ৰাৰ মাজতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সন্মুখতে দিলে জনতাই দিলে গ' বেক' ধ্বনি। কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ সময়তে বটদ্ৰৱাত ৰাইজৰ ৰোষত পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। পৰিৱৰ্তন যাত্ৰাৰ দলটো বটদ্ৰৱাত উপস্থিত হোৱাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/06/whatsapp-i-2026-02-06-23-00-01.jpeg)
ৰাজপথতে গৌৰৱ গগৈক পাকিস্তানী এজেন্ট আখ্যা দি সাংসদগৰাকীৰ সন্মুখতে বটদ্ৰৱাবাসীয়ে দিলে 'পাকিস্তানী এজেন্ট গৌৰৱ গগৈ গ' বেক' ধ্বনি। ইপিনে নগাঁৱৰ পৰা বটদ্ৰৱালৈ কংগ্ৰেছ দলে আজি এই পৰিৱৰ্তন যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছিল। সেই সয়মতে গৌৰৱ গগৈসহ কংগ্রেছ কর্মীসকল এই অনাহূত পৰিস্থিতিৰ সন্মুখীন হয়।
/asomiyapratidin/media/post_attachments/etvbharat/prod-images/06-02-2026/25981380_1_aspera-720922.jpeg)
উল্লেখ্য যে,এই সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে ,শান্তি- সম্প্ৰতি আৰু একতাৰ জৰিয়তে এক বাৰ্তা লৈ বটদ্ৰৱালৈ অহা হৈছে ৷ কিন্ত আমাক এটা চক্ৰৰ বাধাৰোপ কৰিছে ৷ ই সচাঁকৈয়ে দুৰ্ভাগ্যজনক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us