খোদ নিজ দলৰ কৰ্মীকে গুৰুত্ব নিদিয়ে সাংসদ গৌৰৱ গগৈয়ে ...

প্ৰায়ে ৰাজনৈতিক নেতাসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহে যে, তেওঁলোকে মুখেৰে যিবোৰ প্ৰতিশ্ৰুতি আগবঢ়াই সেয়া হাতে-কামে  কেতিয়াও কৰি নেদেখুৱায়। এই কথাই যেন পুনৰ সত্য প্ৰমাণিত হৈছে। খোদ দলৰ সাংসদেই গুৰুত্ব নিদিয়ে নিজৰ দলৰ কৰ্মীক। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। শাসক-বিৰোধী প্ৰতিটো দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। ৰাজ্যৰ ৰাজনৈতিক দলসমূহ  নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰাৰ মাজতে পোহৰলৈ আহিছে এগৰাকী কংগ্ৰেছ কৰ্মীৰ দুৰ্দশাৰ কাহিনী। 

প্ৰায়ে ৰাজনৈতিক নেতাসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহে যে, তেওঁলোকে মুখেৰে যিবোৰ প্ৰতিশ্ৰুতি আগবঢ়াই সেয়া হাতে-কামে কেতিয়াও কৰি নেদেখুৱায়। এই কথাই যেন পুনৰ সত্য প্ৰমাণিত হৈছে। খোদ দলৰ সাংসদেই গুৰুত্ব নিদিয়ে নিজৰ দলৰ কৰ্মীক। 

দৰাচলতে সাংসদ গৌৰৱ গগৈয়ে  কংগ্ৰেছ কৰ্মীক গুৰুত্ব নিদিয়াৰ এক অভিযোগ উত্থাপন  হৈছে । ৰংমণ মিচং নামৰ ব্যক্তিগৰাকী অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যমৰ যুটীয়া সম্পাদক। নিজৰেই দলটোৰ সামাজিক মাধ্যমৰ যুটীয়া সম্পাদকে সহায় বিচৰাৰ পাছতো সাংসদ গগৈয়ে গুৰুত্ব নিদিলে ৰংমণ মিচঙক। 

উল্লেখ্য যে, বহু দিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰংমণ মিচংঙে হাবাথুৰি খাই ফুৰিছে চিকিৎসাৰ বাবে পৰ্যাপ্ত ধন নথকাৰ  বাবদ। সেয়েহে তেওঁক  প্ৰয়োজন আৰ্থিক সাহায্য। এই লৈ বহুবাৰ সাংসদ গৌৰৱ গগৈক সাহায্য বিচাৰি হোৱাটছএপত মেছেজ কৰিছিল যদিও সাংসদগৰাকীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যমৰ যুটীয়া সম্পাদকগৰাকীক নিদিলে গুৰুত্ব । 

এই লৈ কংগ্ৰেছ কৰ্মীগৰাকীয়ে দুখ প্ৰকাশ কৰিছে সামজিক মাধ্যমত ।  তেওঁ সামাজিক মাধ্যমত লিখিছিল যে- ''ছাৰ, মই বর্তমান ৰাজ্যিক কর্কট প্রতিষ্ঠান গুৱাহাটীত চিকিৎসাধীন হৈ আছো। ২২ চনৰ পৰা কেঞ্চাৰ ৰোগত ভূগি আছো। টকা পইচা সকলো শেষ। গতিকে পার্টিৰ ফালৰ পৰা ১ লাখ টকাৰ সহায় কৰক ছাৰ। নহ'লে নিগমে মৰিলোঁ, মোৰ জীয়াই থকাৰ বৰ্তমান একোৱে সুবিধা নাই। আপোনাৰ ৰাজনৈতিক ভৱিষ্যত... ''

WhatsApp Image 2026-01-27 at 1.40.30 PM