সামাজিক মাধ্যমত দিন বেয়া চলিছে গৌৰৱ গগৈৰ

থলুৱা কৃষ্টিৰ প্ৰতিটো বিষয় সন্দৰ্ভত গৌৰৱ গগৈ কিমান জ্ঞাত তাক লৈ উত্থাপন হৈছে প্ৰশ্ন

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ দিন বেয়া চলিছে গৌৰৱ গগৈৰ।  লাচিত দিৱসৰ পোষ্ট পলমকৈ দিয়া বিতৰ্ক মাৰ নৌযাওতেই পুনৰ সামাজিক মাধ্যমত গৌৰৱ গগৈৱ পোষ্টক লৈ বিতৰ্ক। এই বিষয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰৰ দিনটোত মন্তব্য  আগবঢ়াইছিল। 

WhatsApp Image 2025-12-04 at 1.56.45 PM (1)

উল্লেখ্য যে, এগৰাকী সাংসদ হিচাপে তেওঁ প্ৰতিটো কাম নিয়াৰিকৈ হোৱাৰ লগতে কৰাতো বিচাৰে ৰাইজে । তেনে ক্ষেত্ৰত থলুৱা কৃষ্টিৰ প্ৰতিটো বিষয় সন্দৰ্ভত গৌৰৱ গগৈ কিমান জ্ঞাত তাক লৈ উত্থাপন হৈছে প্ৰশ্ন । সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ খৰখেদাকৈ শুভেচ্ছা দিবলৈ গৈ ২০২৩ চনত মন্ত্ৰী ৰণজিৎ দাসৰ এটা পোষ্ট চুৰ কৰি সামাজিক মাধ্যমত আপলোড কৰাৰ অভিযোগ উঠিছিল গৌৰৱ গগৈৰ বিৰুদ্ধে। এই বিষয়টোক লৈ কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

WhatsApp Image 2025-12-04 at 1.56.45 PM

আজি পুনৰ দেখা গ’ল থলুৱা কৃষ্টিৰ প্ৰতি থকা গৌৰৱ গগৈৰ অনীহা। মহোহোৰ পোষ্ট দিওঁতে গৌৰৱ গগৈৰ অৱহেলা।  অভিযোগ অনুসৰি, প্ৰথমে মহোহোৰ ভিডিঅ’ৰ সৈতে নৌ সেনা দিৱসৰ কেপচন লিখি পোষ্ট কৰে গৌৰৱ গগৈয়ে। তাৎক্ষণিকভাৱে সেই পোষ্ট ডিলিট কৰি ভিডিঅ’টো পুনৰ পোষ্ট কৰে।

গৌৰৱ গগৈ