সামাজিক মাধ্যমত দিন বেয়া চলিছে গৌৰৱ গগৈৰ

থলুৱা কৃষ্টিৰ প্ৰতিটো বিষয় সন্দৰ্ভত গৌৰৱ গগৈ কিমান জ্ঞাত তাক লৈ উত্থাপন হৈছে প্ৰশ্ন

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ দিন বেয়া চলিছে গৌৰৱ গগৈৰ।  লাচিত দিৱসৰ পোষ্ট পলমকৈ দিয়া বিতৰ্ক মাৰ নৌযাওতেই পুনৰ সামাজিক মাধ্যমত গৌৰৱ গগৈৱ পোষ্টক লৈ বিতৰ্ক। এই বিষয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰৰ দিনটোত মন্তব্য  আগবঢ়াইছিল। 

WhatsApp Image 2025-12-04 at 1.56.45 PM (1)

উল্লেখ্য যে, এগৰাকী সাংসদ হিচাপে তেওঁ প্ৰতিটো কাম নিয়াৰিকৈ হোৱাৰ লগতে কৰাতো বিচাৰে ৰাইজে । তেনে ক্ষেত্ৰত থলুৱা কৃষ্টিৰ প্ৰতিটো বিষয় সন্দৰ্ভত গৌৰৱ গগৈ কিমান জ্ঞাত তাক লৈ উত্থাপন হৈছে প্ৰশ্ন । সামাজিত মাধ্যমত গৌৰৱ গগৈৱে দিয়া মহো-হোৰপোষ্টে এই কথা প্ৰমাণ কৰিছে। ইপিনে ২০২৩ চনত মন্ত্ৰী ৰণজিৎ দাসৰ এটা পোষ্ট সামাজিক মাধ্যমত দিছিল গৌৰৱ গগৈৱে।

WhatsApp Image 2025-12-04 at 1.56.45 PM

প্ৰথমতে পোষ্ট কৰোঁতে গৌৰৱ গগৈৱে  ভিডিঅ'টোত লিখিছিল নৌ সেনা দিৱসৰ শুভেচ্ছাৰ কেপশ্যন । তাৰ পাছতে  সেই কেপশ্যন ডিলিট কৰি নতুনকৈ পোষ্ট দিয়ে গৌৰৱ গগৈৱে। ইপিনে  অসমীয়াত গৌৰৱ গগৈৱে যি পোষ্ট লিখে সেয়া ভূলকৈ লিখা দোখা পোৱা যায়। এটা কথা স্পষ্ট যে,থলুৱা কৃষ্টি-সংস্কৃতি আৰু ইতিহাসক লৈ গৌৰৱ গগৈৰ অৱহেলা আছে সেয়া বাৰে বাৰে প্ৰমাণিত হৈ আহিছে।

গৌৰৱ গগৈ