শ্ৰীৰামপুৰত অবৈধ ধন সংগ্ৰহঃ আৰক্ষীৰ জালত ৯ জন...

author-image
Asomiya Pratidin
New Update
শ্ৰীৰামপুৰত অবৈধ ধন সংগ্ৰহঃ আৰক্ষীৰ জালত ৯ জন...

srirampur User

ডিজিটেল সংবাদ কোকৰাঝাৰঃ দীৰ্ঘদিন ধৰি বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰা মালবাহী বাহনৰ শ্ৰীৰামপুৰত অবৈধ ভাৱে ধন সংগ্ৰহৰ উঠি আহিছে। এনে অবৈধ ধন সংগ্ৰহৰ বাবেই ৰাজ্যত বিভিন্ন সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি হোৱা বুলিও চৰ্চা চলি আছে।

Advertisment

এনে অভিযোগ ৰাজহুৱাভাৱে মুকলিকৈ উত্থাপন হোৱাৰ মাজতে সোমবাৰে নিশা গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত আৰক্ষীয়ে অভিযান চলাই সীমান্ত এলেকাত অবৈধ ভাৱে ধন সংগ্ৰহৰ বাবে মুঠ ৯ জনক গ্ৰেপ্তাৰ কৰিছে। অসম-বংগ সীমান্তৰ শিমলুটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় ৰায়ৰ নেতৃত্বত চলা এক অভিযানত এই ৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই ৯ জন লোক হৈছে ক্ৰমে- গোসাঁইগাঁও এলেকাৰে নিৰঞ্জিত বসুমতাৰী ,মনোজ সাহ, সঞ্জয় সৰকাৰ, মহম্মদ আবুছামা মণ্ডল ,মহম্মদ আখতাৰ হুছেইন, ধনৰাজ বসুমতাৰী, মহম্মদ আবু বক্কৰ ছিদ্দিকী , মহম্মদ মফিজুল ইছলাম আৰু মহম্মদ আব্দুল খালেক মণ্ডল।

assam srirampur