হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ বজাৰ! গৰৈমাৰীত আটক অধ্যক্ষ-প্ৰধান শিক্ষকক আটক…

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ বজাৰ! গৰৈমাৰীত আটক অধ্যক্ষ-প্ৰধান শিক্ষকক আটক…

author-image
asomiyapratidin
New Update
হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ বজাৰ! গৰৈমাৰীত আটক অধ্যক্ষ-প্ৰধান শিক্ষকক আটক…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগত গৰৈমাৰীৰ পৰা এগৰাকী অধ্যক্ষৰ সৈতে প্ৰধান শিক্ষক এগৰাকীক ছয়গাঁও আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে৷ জানিব পৰামতে ছয়গাঁও আৰক্ষীয়ে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে গৰৈমাৰীত শণিবাৰে অভিযান চলায়৷

আৰক্ষীৰ অভিযানকালত মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদ আৰু গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হাবিবুৰ ৰহমানক আটক কৰা বুলি জনা গৈছে৷

আৰক্ষীয়ে অভিযানত বহু আপত্তিজনক নথি-পত্ৰও জব্দ কৰে৷ জানিব পৰামতে দুয়োখন বিদ্যালয়ৰ প্ৰধানৰ বিৰুদ্ধে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ নামত ধনৰ লেনদেন কৰাৰ অভিযোগ উত্থাপিত হৈছে৷