গৰৈমাৰীৰ বিহাপাৰাত আই পি এল জুৱাৰী এটাক জে’ল-হাজোতলৈ প্ৰেৰণ…

গৰৈমাৰীৰ বিহাপাৰাত আই পি এল জুৱাৰী এটাক জে’ল-হাজোতলৈ প্ৰেৰণ…

author-image
asomiyapratidin
New Update
গৰৈমাৰীৰ বিহাপাৰাত আই পি এল জুৱাৰী এটাক জে’ল-হাজোতলৈ প্ৰেৰণ…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীৰ দল এটাই শণিবাৰে নিশা গোপন খবৰৰ ভিত্তিত গৰৈমাৰীৰ বিহাপাৰত অতৰ্কিতভাৱে অভিযান চলাই আই পি এল জুৱাৰী এটাক আটক কৰিবলৈ সমৰ্থ হয়৷ জানিব পৰামতে আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীৰ দল এটাই শণিবাৰে নিশা গৰৈমাৰীৰ বিহাপাৰাত অভিযান চলাই আই পি এল খেলৰ সৈতে জড়িত থকা শিঙিমাৰী হাবিৰ জাহিৰুদ্দিন নামৰ জুৱাৰী জনক আটক কৰাৰ লগতে তেওঁৰ পৰা ২ টা ম'বাইল হেণ্ডছেট, আই পি এল জুৱাত ব্যৱহৃত নথিপত্ৰ জব্দ কৰে। ধৃত জুৱাৰী জাহিৰুদ্দিনক আজি ছয়গাঁও আৰক্ষীয়ে জে'ল-হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷