/asomiyapratidin/media/media_files/2025/09/01/jajori-01-2025-09-01-21-15-12.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী জাজৰিৰ নিচানতল সমূহীয়া ভৱনত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ এখনি সভা অনুষ্ঠিত হয়। পৰিষদৰ নগাঁও আৰু মৰিগাঁও জিলা সমিতিৰ যৌথ উদ্যোগত জাজৰিত চলিত বৰ্ষৰ ১৩ আৰু ১৪ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া বাৰেৰহণীয়া "বিশাল জনগোষ্ঠীয় সমাৰোহৰ" সফল আয়োজনাৰ্থে অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত ৰাজহুৱা সভাত পাঁচ শতাধিক লোক সমবেত হয়৷
জাজৰি আঞ্চলিক সমিতি (মৰিগাঁও জিলাৰ খণ্ড)ৰ সভাপতি আব্দুল হাচিমৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি নুৰুল হক, উত্তৰ-পূৱ যুটীয়া হজ কমিটিৰ অধ্যক্ষ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান, জনপ্ৰিয় কণ্ঠশিল্পী নেকিব আহমেদ, পৰিষদৰ উপদেষ্টা মুন আলী ঠাকুৰীয়া, নগাঁও জিলা সমিতিৰ সভাপতি জয়নুদ্দিন আহমেদ, মৰিগাঁও জিলা সমিতিৰ সভাপতি ইবাদুল আলী আদি উপস্থিত থাকি ভাষণ প্ৰদান কৰে।
লগতে সভাখনিত পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা ফাইজুৰ ৰহমান, কেন্দ্ৰীয় উপসভাপতিদ্বয় চহিদ আলী আহমেদ, ইমৰান হুছেইন, সাংগঠনিক সম্পাদক ইস্তাকুদ্দিন হাজৰিকা, নগাঁও আৰু মৰিগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদকদ্বয় ক্ৰমে জাহিদুৰ ৰহমান আৰু মনোৱাৰ হুছেইনৰ উপৰি সমাজসেৱক ইলিয়াছ আহমেদ, আব্দুল বছিৰ, মফিজুদ্দিন আহমেদ, আব্দুল্লাহ আহমেদ আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি সভাৰ শোভাবৰ্দ্ধন কৰে৷
দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা সভাখনত পৰিষদৰ জাজৰি আঞ্চলিক সমিতিৰ সম্পাদক জিয়াউৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰে৷ সভাত পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰিফ উদ্দিন আহমেদে আদৰণি ভাষণ ৰখাৰ পিছতে নিলুফা চুলতানা আৰু তেওঁৰ সংগীবৃন্দৰ দ্বাৰা এটি সুন্দৰ জিকিৰ পৰিৱেশন কৰা হয়৷
আনহাতে, সভাত উপস্থিত থাকি নিজৰ ভাষণ প্ৰসংগত পৰিষদৰ কেন্দ্ৰীয় সভাপতি নুৰুল হকে জাজৰি গাঁওখন ৰাজ্যখনৰ ভিতৰতে এখনি ইতিহাস প্ৰসিদ্ধ গাঁও বুলি কোৱাৰ লগতে বয়ন শিল্পৰ বাবে সুখ্যাত জাজৰিক অসমৰ দ্বিতীয় শুৱালকুছি বুলিও তেওঁ অভিহিত কৰে৷ সভাত প্ৰাক্তন আছু নেতা তথা জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে ভাষণ প্ৰসংগত কয় যে- চৰকাৰে গৰিয়া, মৰিয়া, দেশী, চৈয়দ, আৰু চাহ জনগোষ্ঠীয় জলহা আদি সম্প্ৰদায়ৰ লোকসকলক অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মৰ্যাদা দি তেওঁলোকৰ প্ৰাপ্য অধিকাৰ শীঘ্ৰে প্ৰদান কৰিব লাগে৷
ইয়াৰ পিছতে সৰ্বসন্মতি ক্ৰমে মৰিগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীক সভপতি, জিয়াউৰ ৰহমানক সাধাৰণ সম্পাদক, আৰু ফাইজুদ্দিন আহমেদৰ লগতে ইৰফান আলিক যুটীয়া সম্পাদক ৰূপে লৈ এখনি শক্তিশালী আৰু বৃহৎ আকাৰৰ অভ্যৰ্থনা সমিতি সৰ্বসন্মতিক্ৰমে গঠন কৰা হয়।