/asomiyapratidin/media/media_files/2025/09/18/goria-18-2025-09-18-19-08-42.jpg)
ডিজিটেল সংবাদ গুৱাহাটীঃ লাঞ্ছিত-বঞ্চিত গৰিয়া জনগোষ্ঠীৰ সমস্যাসমূহ সমাধানৰ প্ৰতিশ্ৰুতি দি বিজেপি দল আৰু চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰিলে৷ যাৰ বাবে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে ক্ষুব্ধ হৈ পৰিছে জনগোষ্ঠীটোক নেতৃত্ব দি অহা সদৌ অসম গৰিয়া জাতীয় পৰিষদ৷
আজি সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ কামৰূপ মহানগৰ সমিতিয়ে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ দাবীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে৷ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি মুজিবুৰ ৰহমান, কাৰ্যকৰী সভাপতি ইমৰান আলী, সহঃ সাধাৰণ সম্পাদক ইমৰান হুছেইনৰ নেতৃত্বত যোৱা এটা সঁজাতী দলে মহানগৰীৰ হেঙেৰাবাৰীস্থিত জিলা আয়ুক্ত কাৰ্যালয়ৰ দ্বাৰা কেইবাটাও দাবীসম্বলিত স্মাৰক-পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।
এই স্মাৰক-পত্ৰৰ জৰিয়তে সদৌ অসম গৰিয়া জাতীয় পৰিষদে অসমৰ খিলঞ্জীয়া ইছলামধৰ্মীক শিপাবিহীন পৰিচয়ৰ অভিধাৰ বিপৰীতে জনগোষ্ঠীয় পৰিচয়ৰ পোষকতা কৰে৷ লগতে চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি ৭ খন উপ-সমিতিৰ প্ৰস্তাৱসমূহ বাস্তৱায়িত কৰাৰ দাবী জনায়।
গৰিয়াৰ নামত বিদেশী ন্যায়াধীকৰণত ৰুজু গোচৰসমূহ প্ৰত্যাহাৰ কৰা আৰু ভোটাৰ তালিকাত উল্লেখ থকা 'ডি’ ভোটাৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়৷ আনহাতে বসুন্ধৰা আঁচনিত গৰিয়াসকলক কৰা অন্যায়ৰ বিৰোধিতা কৰি গৰিয়াসকলক বসুন্ধৰাৰ জৰিয়তে ভূমি পট্টা দিয়াৰ দাবী জনায়।
স্মাৰক-পত্ৰত উচ্ছেদৰ প্ৰসংগ উল্লেখ কৰি ৰাজ্য চৰকাৰে উচ্ছেদ কৰা গৰিয়াসকলক পুনৰ সংস্থাপনৰ দাবী জনায়৷ সমানে গৰিয়া পৰিয়ালক প্ৰদান কৰা উচ্ছেদৰ জাননীসমূহ প্ৰত্যাহাৰৰ দাবী জনায়। ইপিনে জাতীয় সংগঠনটোৱে বিজেপি দলৰ কিছু কাম-কাজৰ প্ৰশংসা কৰি কয় যে চৰকাৰৰ বলিষ্ঠ নেতৃত্বত বিভিন্ন ক্ষেত্ৰত উন্নয়নমূলক কাম-কাজ দ্ৰুতগতিত আগবাঢ়িছে।
অনুপ্ৰৱেশ ৰোধ কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ অতি প্ৰশংসনীয় বুলি কৈ কয় যে, মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পৰাই অসমৰ খিলঞ্জীয়া মুছলমানসকলৰ বাবে বিশেষ ব্যৱস্থা হাতত লোৱা হৈছে৷ এনে পদক্ষেপসমূহ সদায় অসমৰ ইতিহাসত স্মৰণীয় হৈ থাকিব।
কিন্তু পদক্ষেপসমূহ স্থবিৰ হৈ থকা বুলি ক্ষোভ ব্যক্ত কৰে সংগঠনটোৱে৷ দেশ স্বাধীন হোৱাৰ পিছত প্ৰথমবাৰ ২০২১ চনৰ ৭ জুলাইত অসম চৰকাৰে অসমৰ বিভিন্ন খিলঞ্জীয়া ইছলামধৰ্মী জনগোষ্ঠীৰ ১৫০ প্ৰতিনিধিৰ সৈতে একেলগে মত বিনিময় কৰি সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ ‘আলাপ-আলোচনা’ শীৰ্ষক কাৰ্যসূচী হাতত লৈছিল চৰকাৰে৷ এই আলাপ-আলোচনাৰ ফলত ৭ খন উপ-সমিতি গঠন কৰা হৈছিল৷
৭ খন উপ-সমিতিক জনসংখ্যা স্থিৰতাৰকণ, স্বাস্থ্য সেৱা, সাংস্কৃতিক পৰিচয়, শিক্ষা, আৰ্থিক অন্তৰ্ভুক্তি, দক্ষতা বিকাশ আৰু মহিলা সবলীকৰণ আদিৰ বিষয়ে প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ দায়িত্ব দিয়া হৈছিল৷ ৭ উপ-সমিতিয়ে নিজৰ প্ৰতিবেদন জমা দিলেও প্ৰতিবেদন আৰু প্ৰতিবেদনৰ ভিত্তিত দিয়া পৰামৰ্শ এতিয়াও কাৰ্যকৰী কৰা হোৱা নাই বুলি কয় সংগঠনটোৱে। প্ৰতিবেদন জমা দিয়াৰ পিছতো আজিলৈ কিয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন কৰে সংগঠনটোৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ৰাজীৱ চৌধুৰীয়ে৷