গহপুৰৰ শ্ৰীশ্ৰী গংগা গোশালাত গোপাষ্টমী পালন

গহপুৰ সমজিলাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তবৰ্তী কাৰিবিল গাঁও পঞ্চায়তৰ এলেকাধীন গোশালাত অৱস্থিত শ্ৰীশ্ৰী গংগা গোশালাত বুধবাৰে দিনযোৰা কাৰ্য্যসূচীৰে গোপাষ্টমী পালন কৰা হয়।

author-image
Asomiya Pratidin
New Update
vcgefs

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ সমজিলাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তবৰ্তী কাৰিবিল গাঁও পঞ্চায়তৰ এলেকাধীন গোশালাত অৱস্থিত শ্ৰীশ্ৰী গংগা গোশালাত বুধবাৰে দিনযোৰা কাৰ্য্যসূচীৰে গোপাষ্টমী পালন কৰা হয়। বিশ্বনাথ জিলাখনৰ ভিতৰতে একমাত্ৰ গো শালা হিচাপে পৰিচিত শ্ৰীশ্ৰী গংগা গোশালাত বৰ্তমান প্ৰায় চাৰি সহস্ৰাধিক গো ধন আছে।প্ৰতিবছৰৰ দৰে বুধবাৰে অনুষ্ঠিত গোপাষ্টমীত হিন্দু ধৰ্মৰ পৰম্পৰাগত ৰীতি নীতি আৰু পূজাৰীৰ মন্ত্ৰোচাৰন,হোম-যজ্ঞৰে গো মাতাক পূজা কৰাৰ লগতে গোমাতাক গা ধুৱাই গোমাতাৰ দেহত ফুলৰ মালা আৰু নতুন মাংগলিক বস্ত্ৰ দিয়া হয়।

শ্ৰীশ্ৰী গংগা গোশালাৰ পৰিচালনা সমিতিৰ সভাপতি শংকৰলাল আগৰৱালা, সম্পাদক নন্দলাল আচাৰ্য্য প্ৰমুখ্যে দিলিপ আগৰৱালা, ওম প্ৰকাশ আগৰৱালা, উদয় চন্থলীয়া,অজয় আগৰৱালা, দিলিপ শৰ্মাকে ধৰি বহু বিশিষ্ট লোকৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা উক্ত গোপাষ্টমীত স্থানীয় লোকে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে-১৩৬ বছৰ পুৰণি ইতিহাসপ্ৰসিদ্ধ গোশালা খনি যোৱা সাত বছৰৰ পৰা ধ্যাণ ফাউণ্ডেচন নামৰ বহি:ৰাজ্যৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানে পৰিচালনা কৰি আহিছে।বিশ্বনাথ জিলাৰ আৰক্ষীয়ে বিভিন্ন ঠাইৰ পৰা উদ্ধাৰ কৰা চোৰাং গৰু সমূহ উক্ত গোশালাত ৰখা হয়।ৰাষ্ট্ৰীয় ঘাইপথেৰে ট্ৰাকৰ সহায়ত অবৈধ ভাবে সৰবৰাহ হোৱা গৰু সমূহ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছত এই গোশালাতে ৰখাৰ ব্যৱস্থা কৰা হয়।

ধ্যান ফাউণ্ডেচনে পৰিচালনা কৰাৰ আগতে উক্ত গোশালাত তেনেই সীমিত গৰুহে আছিল যদিও গৰুৰ অবৈধ সৰবৰাহৰ বিৰূদ্ধে আৰক্ষীৰ অভিযান তীব্ৰ হোৱাৰ পিছত উক্ত গোশালাত হাজাৰ হাজাৰ গৰুৰে ভৰি পৰে।যোৱা ৭ বছৰৰ পৰা ধ্যান ফাউণ্ডেচনে পৰিচালনা কৰি অহা উক্ত গোশালাৰ গো ধন সমূহৰ বৰ্তমানৰ অৱস্থা অতি পুতৌজনক বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে।প্ৰায় ৪ সহস্ৰাধিক গৰুৰ বাবে উক্ত গোশালাত বৰ্তমান উপযুক্ত ঠাইৰ অভাৱ।মাত্ৰ চাৰিটা গোহালীত পান জপাদি জাপি ৰখা হয় গৰু সমূহ।কেৱল চকীদাৰ আৰু গৰু ৰখীয়াৰ ওপৰতে নিৰ্ভৰ কৰি উক্ত গৰু সমূহ ৰখা হৈছে উক্ত গোশালাত।অতি দুৰ্বিষহ আৰু কষ্টকৰ পৰিৱেশত ৰখা গৰু সমূহৰ বাবে নাই উপযুক্ত খাদ্য।গো ধনৰ ৰক্ষাৰ নামত অতি কষ্টকৰ ভাবে গো ধন সমূহ ৰখা কাৰ্য্যক স্থানীয় ৰাইজে সহজভাৱে ল'ব পৰা নাই।

বৰ্তমান সময়ত উপযুক্ত খাদ্য আৰু ঠাইৰ অভাৱত যেনেদৰে গো ধন সমূহ ৰখা হৈছে সেই দৃশ্যই গো মাতা পূজনৰ এখন বিপৰীত ছৱি প্ৰতিফলিত কৰি তুলিছে। উক্ত গোশালা খনৰ উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰি তাত থকা গো ধন সমূহৰ উপযুক্ত খাদ্য আৰু ঠাইৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰৰ ওচৰত স্থানীয় ৰাইজে কঠোৰ দাবী জনাইছে। তদুপৰি যোৱা ৭ বছৰত উক্ত গোশালাৰ বাবে ধ্যান ফাউণ্ডেচনে ৰূপায়ণ কৰা উন্নয়নমূলক আঁচনিৰ খাতিয়ান আৰু জমা খৰছৰ হিচাপ ৰাজহুৱা কৰিবলৈও স্থানীয় ৰাইজে ধ্যান ফাউণ্ডেচনৰ ওচৰত দাবী জনাইছে।

উল্লেখযোগ্য যে-উক্ত শ্ৰীশ্ৰী গংগা গোশালাৰ গো ধন সমূহৰ উপযুক্ত তদাৰকৰ ওপৰত অসম চৰকাৰৰ লগতে বিশ্বনাথ জিলাৰ আয়ুক্তই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰিলে তাত থকা গো ধন সমূহ তিলতিলকৈ যে মৃত্যু মুখলৈ গতি কৰিব সেয়া কিন্তু নিশ্চিত।ইতিমধ্যে খাদ্য,গোহালী আৰু চিকিৎসাৰ অভাৱত বহু গো ধনৰ মৃত্যু হোৱা বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে।

গহপুৰ