পেঞ্চনৰ ধনৰ পৰাই শ্ৰীশ্ৰী মা কালী মন্দিৰলৈ এক লাখ টকা আগবঢ়ালে অৱসৰী চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী গোপাল দেৱ শৰ্মাই মা কালীৰ প্ৰতি বিশেষ অনুৰাগৰ বাবেই পেঞ্চনৰ ধনৰ পৰা শ্ৰী শ্ৰী মা কালী মন্দিৰলৈ আগবঢ়ালে এক লাখ টকা।

author-image
Asomiya Pratidin
New Update
পেঞ্চনৰ ধনৰ পৰাই শ্ৰীশ্ৰী মা কালি মন্দিৰলৈ এক লাখ টকা আগবঢ়ালে অৱসৰী চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে

ডিজিটেল সংবাদ, ধেমাজিঃ এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি। কৰ্মসূত্ৰে তেওঁ আছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী। বিশেষকৈ মা কালীৰ প্ৰতি বিশেষ অনুৰাগ থকা এই ব্যক্তিগৰাকীৰ সমাজৰ বাবে কিবা এটা কৰাৰ আছিল দুৰ্বাৰ হেঁপাহ। 

Advertisment

অৱশেষত তেওঁ গ্ৰহণ কৰিলে এটা বিশেষ সিদ্ধন্ত। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতেই তেওঁ লাভ কৰা পেঞ্চনৰ ধনৰ পৰাই ধেমাজিৰ শ্ৰী শ্ৰী মা কালী মন্দিৰৰ উন্নয়নৰ বাবে আগবঢ়ালে এক লাখ টকা। এই ধৰ্মপ্ৰাণ ব্যক্তিগৰাকী ধেমাজিৰ গোপাল দেৱ শৰ্মা। 

এই উপলক্ষে অনুষ্ঠিত হোৱা মন্দিৰ পৰিচালনা সভাতেই তেওঁ উক্ত পৰিামাণৰ ধনৰ এখন চেক প্ৰদান কৰে। এই সভা অনুষ্ঠিত হয় মন্দিৰ পৰিচালনা সভাৰ সভাপতি ঘনকৃষ্ণ বৰগোঁহাইৰ পৌৰহিত্যত। সভাত গোপাল দেৱ শৰ্মাৰ এই মহানুভৱতা আৰু ধৰ্মৰ প্ৰতি থকা আনুগত্যৰ বাবে পৰিচালনা সমিতৰ সভাপতিগৰাকীৰ উপৰিও সভাত উপস্থিত থকা বনমালী গোস্বামী, প্ৰবীণ গগৈ আদি ব্যক্তিসকলে শালগ লৈ ধন্যবাদ জ্ঞাপন কৰে। 

ধেমাজি কালী পূজা