/asomiyapratidin/media/media_files/2025/08/28/200-2025-08-28-00-14-26.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশ কল্যাণজিৎ শইকীয়া আদালতে বুধবাৰে এক হত্যাৰ গোচৰৰ ৰায়দানত গোপাল চিৰিং নামৰ এজন লোকক যাৱজীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে ৷ গোচৰৰ ৰায়দানৰ তথ্য মতে ২০২১ চনৰ ছেপ্তেম্বৰত সন্ধিয়া ৪.৩০ মান বজাত গোপাল চিৰিং নামৰ লোকজনে একে গাৱঁৰে বৃকোদৰ বৰগোহাঁই নামৰ এজন লোকক কোৰেৰে তিনিবাৰকৈ ঘপিয়াই গুৰুতৰ জখম কৰি আক্ৰমণ কৰিছিল ৷
ঘটনাৰ পিছতেই ততাতৈয়াকৈ গুৰুতৰভাৱে আহত বৃকোদৰ বৰগোহাঁইক ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰিছিল ৷ ঘটনাৰ পিছতেই পৰিয়ালে গোপাল চিৰিঙৰ ওপৰত ঘটানাৰ সবিশেষ উল্লেখ কৰি ধেমাজি সদৰ আৰক্ষী থানাত এজেহাৰ দাখিল কৰে ৷
ধেমাজি সদৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি ধাৰা ৩০২ ধাৰত ৪৪৮/ ২০২১ নম্বৰত গোচৰ পঞ্জীয়ন কৰি অপৰাধী গোপাল চিৰিঙিক গ্ৰেপ্তাৰ কৰি জেল হাজোলৈ প্ৰেৰণ কৰিছিল ৷ সেই সময়ৰ হত্যাকাৰী ঘটনাৰ তদন্তকাৰী আৰক্ষী বিষয়াদ্বয় ক্ৰমে পদ্মেশ্বৰ বৰকটকী আৰু অমৃত দেয়ে ঘটনাৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰা পৰবৰ্তী সময়ত ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশ আদালত চাৰি বছৰে চলা গোচৰৰ অন্তত ধেমাজি জিলাও সত্ৰ ন্যায়াধীশ কল্যাণজিৎ শইকীয়া আদালতে অপৰাধী
গোপাল চিৰিঙক দোষী সাৱস্ত কৰি যাৱজ্জীবন কাৰাদণ্ড বিহাৰ নিৰ্দেশ দিয়ে ৷