সংযোগী পথৰ অভাৱত এলাগী হোৱাৰ পথত গোপাল আতাৰ সমাধিস্থল

গোপাল আতাৰ সমাধি  স্থলীলৈ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ উত্তৰ দিশে অৱস্থিত কলজাৰ সত্ৰৰ পৰা মাত্ৰ ৬০০ মিটাৰ দৈৰ্ঘ্যৰ এক মাত্ৰ সংযোগী পথটো আজিলৈ মুকলি তথা নিৰ্মাণ নোহোৱাৰ ফলত সমাধি ক্ষেত্ৰ ভক্তপ্ৰণ ৰাইজৰ পৰা বিচ্ছিন্ন হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
gfgfgg

ডিজিটেল সংবাদ, হাউলীঃ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে জীৱনৰ অন্তিম সময়ত কোচবিহাৰৰ মধুপুৰ সত্ৰৰ পৰা শ্ৰীৰাম আতাৰ জৰিয়তে অৰ্পন কৰা ভক্তি ধৰ্মক মান্যতা দি এই ধৰ্মৰ প্ৰতিষ্ঠা, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা অসমৰ সত্ৰীয়া আৰু জাতীয় জীৱনৰ এক অনন্য মহাপুৰুষ গোপাল আতাৰ সমাধিস্থলী বৰ্তমান অৱহেলিত আৰু এলাগী হোৱাৰ পথত। 

Advertisment

অসম সত্ৰ মহা সভাৰ উত্তৰ পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক তথা সত্ৰ মহা সভাৰ বৰপেটা জিলা সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে প্ৰকাশ কৰা এটা বিবৃতিত কয় যে, "জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱে ছয়কুৰি হাত দীঘল আৰু দেৰ কুৰি হাত বহল বিখ্যাত বৃন্দাৱনী বস্ত্ৰ কোচ ৰজা নৰনাৰায়ণক উপহাৰ দি ৰাজ কাৰ্য্যৰ পৰা অবসৰ লোৱা সেই অনবদ্য বস্ত্ৰ খনৰ শিল্পী শ্ৰী গোপাল আতাৰ সমাধি  স্থলীলৈ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ উত্তৰ দিশে অৱস্থিত কলজাৰ সত্ৰৰ পৰা মাত্ৰ ৬০০ মিটাৰ দৈৰ্ঘ্যৰ এক মাত্ৰ সংযোগী পথটো আজিলৈ মুকলি তথা নিৰ্মাণ নোহোৱাৰ ফলত সমাধি ক্ষেত্ৰ ভক্তপ্ৰণ ৰাইজৰ পৰা বিচ্ছিন্ন হৈ পৰিছে।"

WhatsApp Image 2025-06-24 at 3.28.04 PM

২০১৭-১৮   চনতেই বৰপেটা জিলাৰ তদানীন্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ তৎপৰতাত সমাধি স্থলী সংৰক্ষণ কৰি ৰখাৰ বাবে পকী বেৰ দিয়াৰ লগতে এটা স্মৃতি গৃহ নিৰ্মাণ কৰা হৈছিল যদিও পৰবৰ্তী সময়ত বৰপেটা জিলা প্ৰশাসনৰ পৰা কোনো ব্যবস্থা গ্ৰহণ কৰা হোৱা নাই। 

উল্লেখযোগ্য যে, গোপাল আতা সত্ৰৰ নামত পূৰ্বৰে পৰা থকা প্ৰায় ১৮৯৫  বিঘা মাটি উত্তৰ অসমৰ দিহিং সত্ৰৰ সত্ৰাধিকাৰৰ নামত আছে যদিও ইয়াৰে অধিকাংশ মাটি এটা বিশেষ গোষ্ঠীৰ লোকে দখল কৰি গাঁও নিৰ্মাণ কৰাৰ ফলত সমাধি ক্ষেত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত ভাবুকি সৃষ্টি হোৱাৰ লগতে সংযোগী পথটো নিৰ্মাণ নোহোৱাৰ বাবে এই পুন্যু ঠাই খিনি অসমৰ সত্ৰীয়া আৰু জাতীয় জীৱনৰ পৰা এলাগী হোৱাৰ উপক্ৰম হৈছে ।

WhatsApp Image 2025-06-24 at 3.28.03 PM

আনহাতে গোপাল আতাই ১৫৮৯ চনতেই প্ৰতিষ্ঠা কৰা কালজাৰ মূল সত্ৰৰ সংযোগী পথটো ওখ আৰু পকী নোহোৱাত বাৰিষাৰ সময়ত অধিকাংশ সময়েই পানীৰ তলত থকাত এই খন সত্ৰৰ লগতো ৰাইজৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। অসম সত্ৰ মহা সভাৰ বৰপেটা জিলা সমিতিয়ে গোপাল আতাৰ সমাধি স্থলী আৰু কালজাৰ মূল সত্ৰৰ সংযোগী পথ দুটা ভক্তপ্ৰান ৰাইজে ব্যৱ্হাৰ কৰিব পৰাকৈ নিৰ্মাণ কৰি দুইখন পৱিত্ৰ স্থানৰ লগত ৰাইজক একাত্ম হৈ থকাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ অসমৰ মুখ্য মন্ত্ৰী আৰু বৰপেটা জিলা আয়ুক্তক আহ্বান জনাইছে।

গোপাল আতা