/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/Googleoffice-face.jpg)
ডিজিটেল ডেস্কঃ গুগ'লে দুবছৰ পূৰ্বে মুকলি কৰা জ'ব এপ্লিকেশ্যন ট্ৰেইনিং ছিষ্টেম গুগ'ল 'হায়াৰ'ক বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। এই কথা ঘোষণা কৰে কোম্পানীটোৱে। উল্লেখ্য যে, গুগ'লে পূৰ্বৰ এলফাবেট ব'ৰ্ডৰ সদস্য ডাইনে গ্ৰীণৰ সৈতে মিলি 'হায়াৰ'ৰ নিৰ্মাণ কৰিছিল।
মঙলবাৰে জাৰি কৰা এক সমীক্ষা অনুসৰি, এই গুগ'ল 'হায়াৰ' নিৰ্মাণ কৰাৰ প্ৰধান উদ্দেশ্য আছিল হায়াৰিং প্ৰক্ৰিয়াক সৰল কৰা। য'ত ৱ'ৰ্কফ্ল'ৰ সৈতে আৱেদনকাৰীৰ নিৰ্বাচন কৰি তেওঁলোকক গুগ'লৰ জি ছুটৰ ছাৰ্চ, জি-মেইল, কেলেণ্ডাৰৰ বাবে ছেডিউল কৰা হৈছিল।
২০১৫চনত ৩৮ কোটি ডলাৰৰ বাবে গ্ৰীণৰ দ্বাৰা আৰম্ভ কৰা কোম্পানী'বেব'প'ৰ অধিগ্ৰহণৰ পাছত 'হায়াৰ' মুকলি কৰা হৈছিল। আৰু গ্ৰীণে ২০১৯ৰ আৰম্ভণিতেএলফাবেট ব'ৰ্ডৰ পৰা পদত্যাগ কৰিছিল। উল্লেখ্য যে, ২০২০চনৰ ১ ছেপ্টেম্বৰত হায়াৰসেৱা বন্ধ কৰা হ'ব।