নৰ্থ ইষ্ট চেম্পিয়নশ্বিপ ২০২৫ ত অংশগ্ৰহণৰ সুযোগ লাভ বিহৰাৰ গুডী তাঁতীৰ

গুডী তাঁতীয়ে ১০ অক্টোবৰৰ পৰা মিজোৰামৰ আইজলত আৰম্ভ হোৱা নৰ্থ ইষ্ট চেম্পিয়নশ্বিপ ২০২৫ প্ৰতিযোগিতাৰ কেৰাটে শাখাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, বোকাখাত:  বোকাখাতৰ বিহৰা চাহ বাগিছাৰ বাসিন্দা প্ৰয়াত ৰমেশ তাঁতী আৰু মণিকা তাঁতীৰ সুযোগ্য কন্যা গুডী তাঁতিয়ে গোলাঘাট জিলাৰ ক্ৰীড়াৰ ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

 গুডী তাঁতীয়ে ১০ অক্টোবৰৰ পৰা মিজোৰামৰ আইজলত আৰম্ভ হোৱা নৰ্থ ইষ্ট চেম্পিয়নশ্বিপ ২০২৫ প্ৰতিযোগিতাৰ কেৰাটে শাখাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। ছাত্ৰী গৰাকীয়ে বৰ্তমান প্ৰশিক্ষক অনুত তাঁতী আৰু গনেশ তাঁতীৰ তত্বাৱধানত বিহৰা কেৰাটে ডু অকাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

ইতিমধ্যে গুডী তাঁতিয়ে অসমৰ বিভিন্ন ঠাইৰ লগতে পঞ্জাৱ আৰু কলকাতাত অনুষ্ঠিত কেৰাটে প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, যুৱতীগৰাকীৰ এই সফলতাৰ প্ৰতি সন্মান জনাই আদিবাসী ছাত্র সন্থাই যুৱতী গৰাকীক কিছু আৰ্থিক সাহায্য আগবঢ়াইছে।

বোকাখাত