/asomiyapratidin/media/media_files/2025/12/02/383-2025-12-02-20-32-24.jpg)
ডিজিটেল সংবাদ, শিলচৰ : কাছাৰত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিছে চি আৰ পি আৰু নাৰ্কটিকছ বিভাগে। গোপন তথ্যৰ ভিত্তিত লক্ষীপুৰৰ মাৰকুলিনত বৰাক নৈত অভিযান চলাই বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে অভিযানকাৰী দলটোৱে।
বিশেষ সূত্ৰে জানিব পৰা মতে, মঙলবাৰে 147 নং CRPF আৰু নার্কটিক কন্টল ব্যুৰোৰ (NCB) যুটিয়া অভিযানত গৰমঘাটৰ পৰা জব্দ কৰা হয় হেৰ'ইনখিনি। মনিপুৰৰ পৰা কাছাৰৰ দিশে নদী পথেৰে সৰবৰাহৰ সময়ত এখন যন্ত্ৰচালিত লঞ্জৰ পৰা হেৰ'ইন ভৰ্তি ৫৩০ টা চাবোনৰ বাকছ জব্দ কৰে দলটোৱে। জব্দ কৰা হেৰ'ইনৰ ওজন ৬.১৫ কিলোগ্রাম বুলি সদৰী কৰিছে সুত্ৰটোৱে।
বৰাক নৈৰে এখন লঞ্জত সৰবৰাহৰ সময়ত জব্দ কৰা হয় হেৰ'ইনখিনি। জব্দ কৰা হেৰ'ইনৰ মূল্য ৩০কোটি টকাৰো অধিক হ'ব। হেৰ’ইন সৰবৰাহৰ সৈতে জৰিত থকা দু'জনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্রেপ্তাৰ কৰা হৈছে জেকব মাৰ আৰু মেলডি মাৰ নামৰ দুই সৰবৰাহকাৰীক। বৰ্তমান লক্ষীপুৰ আৰক্ষী থানাত জেৰা কৰি থকা হৈছে ধৃত লোক দুজনক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us