ভাৰত পৰা চীনলৈ সামগ্ৰী ৰপ্তানি চলিত বিত্তীয় বৰ্ষত বৃদ্ধি হৈছে ২০ শতাংশ

চৰকাৰী তথ্য অনুসৰি, ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম চাৰি মাহত ভাৰতৰ সামগ্ৰী ৰপ্তানি চীনলৈ বিগত বছৰৰ তুলনাত ২০ শতাংশ বৃদ্ধি পাই ৫.৭৬ বিলিয়ন ডলাৰত উপনীত হৈছে।

author-image
Asomiya Pratidin
New Update
ভাৰত পৰা চীনলৈ সামগ্ৰী ৰপ্তানি চলিত বিত্তীয় বৰ্ষত বৃদ্ধি হৈছে ২০ শতাংশ

ডিজিটেল ডেস্কঃ চৰকাৰী তথ্য অনুসৰি, ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম চাৰি মাহত ভাৰতৰ সামগ্ৰী ৰপ্তানি চীনলৈ বিগত বছৰৰ তুলনাত ২০ শতাংশ বৃদ্ধি পাই ৫.৭৬ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৫০,১১২ কোটি টকাত উপনীত হৈছে। উল্লেখ্য যে, যোৱা মে’ মাহত ভাৰতে সৰ্বাধিক ১.৬৩ বিলিয়ন ডলাৰৰ ৰপ্তানি অৰ্জন কৰিছে। যি ২০২৪ৰ মে’ মাহৰ ১.৩২ বিলিয়ন ডলাৰৰ তুলনাত বৃদ্ধি পাইছে। 

Advertisment

এগৰাকী শীৰ্ষ বিষয়াই এই সন্দৰ্ভত জনোৱা অনুসৰি “সামগ্ৰী ৰপ্তানিৰ প্ৰতি মাহৰ ধাৰাবাহিক বৃদ্ধিয়ে চীনৰ সৈতে ভাৰতৰ উন্নত বাণিজ্য প্ৰদৰ্শন আৰু বিশ্ব বাণিজ্যৰ পৰিস্থিতিৰ মাজতো ভাৰতৰ ক্ৰমবৰ্ধমান ৰপ্তানি প্ৰতিযোগিতাৰ প্ৰতিফলন ঘটায়। এই প্ৰৱণতাই বিশ্ব বাণিজ্যৰ অনিশ্চয়তাৰ মাজতো চীনলৈ ভাৰতৰ ৰপ্তানিৰ স্থিৰ বৃদ্ধিৰ পথক নিশ্চিত কৰিছে।”

আনহাতে যোৱা এপ্ৰিল মাহত চীনলৈ ৰপ্তানি ১.২৫ বিলিয়ন ডলাৰৰ পৰা বৃদ্ধি পাই ১.৩৯ বিলিয়ন ডলাৰত উপনীত হৈছে হৈছে, জুন মাহত ১৭ শতাংশ বৃদ্ধিৰ সৈতে ১.৩৮ বিলিয়ন ডলাৰ, আৰু জুলাই মাহত ১.০৬ বিলিয়ন ডলাৰৰ পৰা ১.৩৫ বিলিয়ন ডলাৰত উপনীত হৈছে।

বাণিজ্যৰ ভাৰসাম্যত উন্নতি

চীনলৈ ৰপ্তানি বৃদ্ধিয়ে ভাৰত আৰু চীনৰ মাজত বাণিজ্যৰ পুনৰ ভাৰসাম্যৰ ইংগিত দিছে। য’ত ভাৰতে পৰম্পৰাগতভাৱে বৃহৎ বাণিজ্য ঘাটিৰ সন্মুখীন হৈ আহিছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ চীনৰ সৈতে বাণিজ্য ঘাটি আছিল ৯৯.২ বিলিয়ন ডলাৰ। 

তথ্য অনুসৰি, ২০২৫ ৰ এপ্ৰিল-জুনত চীনলৈ ভাৰতৰ পৰা সৰ্বাধিক শক্তি, ইলেক্ট্ৰনিক্স, আৰু কৃষিভিত্তিক সামগ্ৰী ৰপ্তানি হৈছে।পেট্ৰ’লিয়াম পণ্যৰ ৰপ্তানি প্ৰায় দুগুণ হৈ ৮৮৩ মিলিয়ন ডলাৰ হৈছে।

ইলেক্ট্ৰনিক পণ্যৰ ৰপ্তানি তিনিগুণৰো অধিক বৃদ্ধি পাই ৫২১ মিলিয়ন ডলাৰত উপনীত হৈছে। জৈৱিক আৰু অজৈৱিক ৰাসায়নিকৰ ৰপ্তানি ১৬.৩ শতাংশ বৃদ্ধি পাই ৩৩৫.১ মিলিয়ন ডলাৰত উপনীত হৈছে। ৰত্ন আৰু গহনাৰ ৰপ্তানিত ৭২.৭ শতাংশ বৃদ্ধি পৰিলক্ষিত হৈছে।

ৰপ্তানি চীন-ভাৰত সম্পৰ্ক বাণিজ্য মন্ত্ৰণালয়