ডিজিটেল সংবাদ, মঙলদৈঃ আঠগাওঁ মছজিদৰ মাছুৰাত অংশগ্ৰহণ কৰি ক'ভিড – ১৯ ত আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখা দৰঙৰ ১০ জন লোকে শনিবাৰে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া আছুতীয়াকৈ থাকিবলগীয়া ২৮ দিন সম্পূৰ্ণ কৰিলে । এই ক্ষেত্ৰত জিলা স্বাস্থ্য বিভাগে এক প্ৰেছ বিজ্ঞপ্তিত জনাইছে যে আছুতীয়াকৈ ৰখা সময়ছোৱাত ৪ বাৰকৈ তেওঁলোকৰ শ্লেষৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু কোনোটো নমুনাতেই ক'ভিড- ১৯ ৰ উপস্থিতি ধৰা নপৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক শনিবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় ।
উল্লেখযোগ্য যে এই ১০ জন লোকৰ ভিতৰত ৩ জনকৈ লোকক ছিপাঝাৰ সামূহিক স্বাস্থ্যকেন্দ্ৰ আৰু জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত আছুতীয়াকৈ ৰখাৰ বিপৰীতে ৪ জনক খাৰুপেটীয়া সামূহিক স্বাস্থ্যকেন্দ্ৰত ৰখা হৈছিল ।
প্ৰেছ বিজ্ঞপ্তিটোত লগতে উল্লেখ কৰা হৈছে যে দৰং জিলা স্বাস্থ্য বিভাগে জিলাখনৰ পৰা আজিলৈকে সৰ্বমুঠ ২৫২ টা শ্লেষৰ নমুনা গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । চিকিৎসালয়খনৰ পৰা পোৱা প্ৰতিবেদন অনুসৰি কোনোটো নমুনাতেই ক'ভিড- ১৯ ৰ উপস্থিতি ধৰা পৰা নাই ।