ৰাজ্যিক কৰ্মচাৰীৰ বাবে সুখবৰ, একেমাহতে দুমাহৰ দৰমহা

ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ। হোলী উপলক্ষ্যে ৰাজ্যচৰকাৰে কৰ্মচাৰী সকলক মাৰ্চ মাহত পাব লগীয়া দৰমহা ফেব্ৰুৱাৰীতে প্ৰদান কৰিব।

author-image
Asomiya Pratidin
New Update
JHYTHDCDXCD

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ। হোলী উপলক্ষ্যে ৰাজ্যচৰকাৰে কৰ্মচাৰী সকলক মাৰ্চ মাহত পাব লগীয়া দৰমহা ফেব্ৰুৱাৰীতে প্ৰদান কৰিব। মঙলবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে সদৰী কৰে এই তথ্য। 

WhatsApp Image 2026-02-25 at 10.28.59 AM (1)

মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, অপাৰ আনন্দ আৰু ঐক্যৰে সমৃদ্ধ উৎসৱ হোলী। হোলীৰ প্ৰাক-মুহূৰ্তত আমাৰ ৰাজ্য চৰকাৰৰ নিষ্ঠাবান কৰ্মচাৰীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ উদ্দেশ্যে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত প্ৰদান কৰিবলগীয়া দৰমহা ২৭ ফেব্ৰুৱাৰীতেই প্ৰদানৰ আমি ব্যৱস্থা কৰিছোঁ। আপোনালোকলৈ তথা আপোনালোকৰ পৰিয়ালবৰ্গলৈ ৰঙৰ উৎসৱ হোলীৰ আগতীয়াকৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

মুখ্যমন্ত্ৰীৰ এই টুইটৰ পাছতে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ৰাজ্যিক কৰ্মচাৰীসকল। 

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী চৰকাৰী কৰ্মচাৰী