/asomiyapratidin/media/media_files/2025/08/09/web-ap-sir-2025-08-09-19-06-22.jpg)
ডিজিটেল ডেস্কঃগ্ৰন্থাগাৰ হৈছে সামাজিক, সাংস্কৃতিক,শৈক্ষিক, আধ্যাত্মিক তথা সামগ্ৰিক উন্নয়নৰ লগতে এক বিদ্যায়তনিক সম্পদ কেন্দ্ৰ। সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ জ্ঞান স্পৃহা পূৰণ কৰাৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ উদ্দেশ্যসমূহ ফলপ্ৰসূ কৰাৰ হেতু গ্ৰন্থাগাৰিক জনৰো গ্ৰন্থাগাৰৰ সমান্তৰালকৈ দায়িত্ব আছে। সেয়েহে প্ৰতিবছৰে সমগ্ৰ ভাৰতত ৯আগষ্টৰ দিনটো পালন কৰা হয় গ্ৰন্থগাৰিক দিৱস হিচাপে।
অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাই ৯আগষ্টৰ দিনটোত দিনজোৰা কাৰ্যসূচীৰে ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰত উদযাপন কৰে এই দিৱসটি। ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয়খনৰ শিক্ষক, সংস্থাৰ বিষয়ববীয়া আৰু আমন্ত্ৰিত অতিথিৰ উপস্থিতিত সুন্দৰভাৱে সমাপন হয় দিৱসটিৰ সকলো কাৰ্যসূচী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/09/fff-2025-08-09-19-02-53.jpg)
সংস্থাৰ বিষয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত প্ৰথম কাৰ্যসূচী হিচাপে আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পিছতে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সম্পাদক বলোৰাম কলিতাই ড০ এছ আৰ ৰঙ্গনাথনৰ লগতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলেনেৰ অনুষ্ঠানৰ আৰম্ভণি কৰে।
উল্লেখ কৰা প্ৰয়োজন যে, গ্ৰন্থাগাৰক এক উচ্চ স্তৰত উপনীত কৰোৱাৰ ক্ষেত্ৰত,আধুনিক গ্ৰন্থাগাৰ প্ৰতিষ্ঠানৰ সৈতে মৃত্যু পৰ্যন্ত জড়িত হৈ থকা ব্যক্তিজনেই হ'ল ড° ছিয়ালী ৰামমৃত ৰঙ্গনাথন।পৃথিৱীৰ গ্ৰন্থাগাৰ আৰু তথ্যবিজ্ঞানৰ ক্ষেত্ৰত এখেত এক বিশাল অনুষ্ঠান।প্ৰায় ৬০ খন মৌলিক গ্ৰন্থ,২০০০ খন গৱেষণালব্ধ লেখনিৰে তেখেতে গ্ৰন্থাগাৰ বিজ্ঞানলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই থৈ গৈছে। এই মহান ব্যক্তিগৰাকীৰ জন্ম দিনটোকেই ৰাষ্ট্ৰীয় গ্ৰন্থগাৰিক দিৱস হিচাপে পালন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/09/untitled-3d-2025-08-09-19-03-06.jpg)
বন্তি প্ৰজ্বলনৰ পাছতে আদৰণি ভাষণ ৰাখে অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ সভাপতি ড০ বিভূতি চৌধুৰীয়ে। তেওঁ সমাজ জীৱনৰ গ্ৰন্থ আৰু গ্ৰন্থাগাৰৰ ভূমিকাৰ লগতে গ্ৰন্থগাৰিক এজনৰ দায়িত্ব আৰু কৰ্তব্যৰ সম্পৰ্কে ভাষণত উল্লেখ কৰাৰ লগতে অনুষ্ঠানটিত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
ইয়াৰ পিছতে ড০ এছ আৰ ৰঙ্গনাথনৰ জীৱনৰ ওপৰত পুংখানুপুংখভাৱে আলোকপাত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড০ উতপল শৰ্মাই। গ্ৰন্থগাৰৰ বিজ্ঞানসন্মত ধাৰণাৰ সন্দৰ্ভত ৰঙ্গনাথনৰ ভূমিকা আৰু গ্ৰন্থৰ লগতে তেওঁ দি যোৱা ভিন্ন সূত্ৰৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীক সুন্দৰকৈ বুজাই দিয়ে ড০ শৰ্মাই।
অনুষ্ঠানৰ কাৰ্যসূচীৰ মাজে মাজে বিদ্যালয়খনৰ দুটাকৈ ছাত্ৰীৰ গোটে পৰিৱেশন কৰে সাংস্কৃতিক অনুষ্ঠানৰ। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ৰঙ্গনাথনৰ জন্ম হৈছিল ১৮৯২ চনৰ ৯ আগষ্টত তামিলনাডুৰ তাঞ্জাবুৰ জিলাৰ ছিয়ালী নামৰ ঠাইত। তেখেতৰ পিতৃৰ নাম আছিল ৰামমৃত আয়াৰ আৰু মাতৃৰ নাম আছিল সীতালক্ষ্মী।পিতৃ এজন জমিদাৰ আছিল।ৰঙ্গনাথনে প্ৰথম শ্ৰেণীৰ পৰাই এচ.এম.হিন্দু হাইস্কুলত সদায় প্ৰথম হৈয়েই পৰীক্ষাত উত্তীৰ্ণ হৈছিল।১৯০৯ চনত মেট্ৰিক পৰীক্ষা পাছ কৰি ১৯১১ চনত মাদ্ৰাছ ক্ৰিষ্টিয়ান কলেজৰ পৰা আই.এ.পৰীক্ষাত উত্তীৰ্ণ হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/09/dddddddddd-2025-08-09-19-03-26.jpg)
মাদ্ৰাছ ক্ৰিষ্টিয়ান কলেজৰ পৰা ১৯১৩ চনত বি.এ. আৰু ১৯১৬ চনত এম.এ. ডিগ্ৰী গ্ৰহন কৰে।তেখেতৰ সন্মান বিষয় আছিল গণিত।মাঙ্গালোৰ আৰু কইম্বাটোৰ চৰকাৰী কলেজত পদাৰ্থ বিজ্ঞান আৰু গণিত শিকোৱা ৰঙ্গনাথনে ১৯২১ চনত মাদ্ৰাছ প্ৰেচিডেন্সী কলেজত গণিতৰ অধ্যাপকৰ পদত নিযুক্তি পায়।১৯২৪ চনত মাদ্ৰাছ বিশ্ববিদ্যালয়ত ৰঙ্গনাথনে গ্ৰন্থাগাৰিক পদ লাভ কৰা পিছত তেখেতে বিলাতলৈ গ্ৰন্থাগাৰ বিজ্ঞানৰ শিক্ষা ল'বলৈ যায়।বিলাতত গৈ গ্ৰন্থাগাৰ বিজ্ঞান সম্পৰ্কে যথেষ্ঠ জ্ঞান অৰ্জন কৰি তেখেতে ভাৰতলৈ উভতি আহে।
মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰত তেখেতে দিনে-ৰাতিয়ে কাম কৰি পঢ়ুৱৈক আকৰ্ষিত কৰিব পৰাকৈ গ্ৰন্থাগাৰটো আটকধুনীয়া কৰি তুলিছিল।তেগেতে ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থাগাৰ শিক্ষা প্ৰদান কৰিছিল।১৯৪৪ চনত তেখেতে মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক পদ ত্যাগ কৰি সৰ্বপল্লী ৰাধাকৃষ্ণণনৰ অনুৰোধমৰ্মে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক পদ গ্ৰহন কৰে। ৰঙ্গনাথনে দিল্লী বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে গ্ৰন্থাগাৰ বিজ্ঞান বিষয়ৰ ওপৰত স্নাতকোত্তৰ আৰু ডক্টৰেট পাঠ্যক্ৰম আৰম্ভ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/09/jjjd-2025-08-09-19-03-40.jpg)
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/09/dddddd-2025-08-09-19-05-29.jpg)
অনুষ্ঠানটিত বিদ্যালয়খনৰ প্ৰধান শিক্ষক গিৰিন্দ্ৰ নাথ ডেকাই এই অনুষ্ঠাটি বিদ্যামন্দিৰত অনুষ্ঠিত কৰাৰ বাবে সংস্থাৰ সকলো বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানটি সুন্দৰকৈ পৰিচালনা কৰে বিদ্যালয়ৰ শিক্ষয়ত্ৰী ৰূমী কলিতাই।
ইফালে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা সাধু লিখা প্ৰতিযোগিতাৰ ফলাফলৰ লগতে পুৰস্কাৰো বিতৰণ কৰা হয় এই অনু্ষ্ঠানতে। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ক শাখা আৰু নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে খ শাখাত বিভক্ত কৰি যোৱা ৫আগষ্টত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/09/dssssssssss-2025-08-09-19-05-47.jpg)
এই প্ৰতিযোগিতাত ক শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে নেহা দাসে। দ্বিতীয় পুৰস্কাৰ প্ৰিয়াংশী ৰুদ্ৰ আৰু তৃতীয় স্থান লাভ কৰে মৰিয়ম নেচাই। আনহাতে খ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে ডেইজী ৰাজবংশীয়ে। দ্বিতীয় স্থান লাভ কৰে সুহানা বেগম আৰু তৃতীয় স্থান লাভ কৰে অন্তৰা পালে। এই ৬গৰাকী প্ৰতিযোগীক আজিৰ অনুষ্ঠানতে পুৰস্কাৰ বিতৰণ কৰা হয়।
আজিৰ এই অনুষ্ঠানটোতে অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ ফালৰ পৰা ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যা মন্দিৰৰ পুথিভৰাঁললৈ বহুকেইটা কিতাপৰ টোপোলা আগবঢ়োৱা হয়। আগন্তুক সময়ত ছাত্ৰ-ছাত্ৰীৰ মাজত এনেদৰে গ্ৰন্থ বিপ্লৱৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতিৰে জাতীয় সংগীতেৰে সমাপ্ত হয় অনুষ্ঠাটি।
উল্লেখ্য যে, আজীৱন গ্ৰন্থাগাৰ সেৱাৰ হকে কাম কৰা,গ্ৰন্থাগাৰ বিজ্ঞান বিষয়ক নতুন মাত্ৰা প্ৰদান কৰা ৰঙ্গনাথনৰ ওপজা দিন ৯ আগষ্ট তামিল সম্প্ৰদায়ৰ গায়ত্ৰী মন্ত্ৰ জপ কৰাৰ দিন হোৱা বাবে ৰাষ্ট্ৰীয় নীতিৰ সংশোধন ঘটায় তেখেতৰ জন্মদিন ১২ আগষ্ট বুলি ধৰি ১২ আগষ্ট দিনটো সমগ্ৰ ভাৰতত 'গ্ৰন্থাগাৰিক দিৱস' হিচাপে উদ্যাপন কৰিবলৈ লোৱা হ'ল।ৰঙ্গনাথনক 'গ্ৰন্থাগাৰৰ পিতৃ' বুলি আখ্যা দিয়া হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us