/asomiyapratidin/media/media_files/2025/09/01/231-2025-09-01-15-05-12.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰ সমজিলাৰ একাংশ বিদ্যালয়ে মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাক চূড়ান্তভাৱে অবমাননা কৰি ছাত্র-ছাত্ৰীৰ পৰা নামভৰ্তিৰ বাবদ নীতিবহিভূতভাৱে মাচুল সংগ্ৰহ কৰাৰ অভিযোগে বিশেষ ভাবে চৰ্চা লাভ কৰি অহাৰ সময়ত চৰকাৰৰ ৰোষত পৰাৰ ভয়ত হেলেম মৌজাৰ এখন বিদ্যালয়ে অৱশেষত সংগৃহীত মাচুল ঘূৰাই দিবলৈ প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, উচ্চতৰ মাধ্যমিক শাখাৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ শাখা পৰ্য্যন্ত শিক্ষাৰ্থীৰ নামভৰ্তিৰ মাচুল বিনামূলীয়া কৰিছে অসম চৰকাৰে। ৰেছন কাৰ্ড থকা পৰিয়াল নতুবা বাৰ্ষিক আয় চাৰি লাখ টকাৰ ভিতৰৰ পৰিয়ালৰ শিক্ষাৰ্থীয়ে চৰকাৰৰ এই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে।
ইয়াৰ বাবে অসম চৰকাৰে সংশ্লিষ্ট শৈক্ষিক প্ৰতিষ্ঠানসমূহক নামভৰ্তি কৰা ছাত্র-ছাত্ৰীৰ বিপৰীতে ৯০০ টকাকৈ আদায় দিয়াৰ কথা স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই ঘোষণা কৰিছে। অৰ্থাৎ বিনামূলীয়াকৈ নামভৰ্তি কৰিবলগীয়া ছাত্র-ছাত্ৰীসকলৰ নামভৰ্তিৰ মাচুলৰ ব্যয় বহন কৰি আহিছে অসম চৰকাৰে নিজেই।
কিন্তু গহপুৰ সমজিলাৰ একাংশ বিদ্যালয়ে বিদ্যালয় পৰিচালনা সমিতিৰ গাত ভেজা দি বিনামূলীয়া নামভৰ্তিৰ নামত মাচুল সংগ্ৰহত নামি পৰা পৰিলক্ষিত হৈছে। ইয়াৰে একাংশ বিদ্যালয়ৰ মুৰব্বীয়ে পৰিচালনা সমিতিয়ে গ্ৰহণ কৰা প্ৰস্তাৱৰ ভিত্তিত মাচুল সংগ্ৰহ কৰা বুলি কৈ নিজকে ধোৱা তুলশীৰ পাত সজাবলৈ চেষ্টা কৰিছে যদিও এই বিষয়টোক লৈ সাধাৰণ পৰিয়ালৰ অভিভাৱক সকল অকণো আশ্বস্ত হ'ব পৰা নাই।
২০২১ চনত উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নিত হোৱা গহপুৰ সমজিলাৰ অন্তৰ্গত গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই মুখ্যমন্ত্ৰীৰ নিৰ্দেশলৈ বুঢ়া আঙুলি দেখুৱাই ২০২৪-২৫ আৰু ২০২৫-২৬ শিক্ষা বৰ্ষত সংশ্লিষ্ট ছাত্র-ছাত্ৰীসকলৰ পৰা নামভৰ্ত্তিৰ বাবদ ৫০০ টকাকৈ মাচুল সংগ্ৰহ কৰা বুলি অভিযোগ পোৱা গৈছে। জানিব পৰা মতে- বিদ্যালয়খনত ৫০০ টকাকৈ মাচুল দি ইতিমধ্যে নামভৰ্তি কৰা ছাত্র-ছাত্ৰী সকলে বিদ্যালয় কৰ্তৃপক্ষই এই নামভৰ্তিৰ প্ৰক্ৰিয়াত কৰা অনিময়ৰ অভিযোগ তুলি দুয়োটা শিক্ষা বৰ্ষত নীতি বহিৰ্ভূতভাৱে সংগ্ৰহ কৰা নামভৰ্তিৰ মাচুলসমূহ ওভতাই দিবলৈ অধ্যক্ষ সঞ্জীৱ গগৈৰ ওচৰত দাবী উথাপন কৰিছে।
ইয়াৰ পিছতে চৰকাৰ-প্ৰশাসনৰ ৰোষত পৰাৰ ভয়ত বিদ্যালয় কৰ্তৃপক্ষই সংগৃহীত মাচুল সমূহ ঘূৰাই দিবলৈ শনিবাৰৰ পৰা প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি জানিব পৰা গৈছে । দুটা শিক্ষা বৰ্ষৰ নামভৰ্ত্তিৰ বিনিময়ত লোৱা মাচুল সমূহ একেলগে ঘূৰাই নিদিলে ছাত্র-ছাত্ৰী সকলে মাচুল সমূহ গ্ৰহণ নকৰে বুলি জানিব পৰা গৈছে।
এইক্ষেত্ৰত একাংশ শিক্ষাৰ্থীৰ পৰা জানিব পৰা মতে-উক্ত ৫০০ টকাকৈ মাচুল আদায় নিদিলে কোনো এজন শিক্ষাৰ্থীৰে নামভৰ্তি নহ'ব বুলি ভয় দেখুৱাই বিদ্যালয় কৰ্তৃপক্ষই অবৈধ ভাবে সংগ্ৰহ কৰিছিল মাছুলৰ ধন। চৰকাৰী ঘোষণাক পদপিষ্ট কৰি এনেদৰে নীতি বহিৰ্ভূতভাৱে মাচুল সংগ্ৰহ কৰা আপত্তিজনক বিষয়টোৰ সংক্ৰান্তত গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱ গগৈয়ে এতিয়া কি দৰে নিজৰ স্থিতি স্পষ্ট কৰে সেয়া হৈ পৰিছে নিত্যান্তই লক্ষণীয়।