/asomiyapratidin/media/media_files/2025/09/03/golokganj-3-2025-09-03-14-42-53.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীৰ বৃহৎ সফলতা। পিষ্টলসহ আটক পিতা-পুত্ৰক। এক গোপন সূত্ৰৰ আধাৰত আজি পুৱতি নিশা গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে হালাকুৰাৰ সোনাখুলি প্ৰথম খণ্ডৰ হামিদ আলী (৬৪) ওৰফে ধুল্লা নামৰ ব্যক্তিজনৰ বাসগৃহত চলাইছিল অভিযান।
অভিযানত হস্ত নিৰ্মীত পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয় গোলকগঞ্জ আৰক্ষীয়ে। লগতে গোলকগঞ্জ আৰক্ষীয়ে হামিদ আলী (৬৪) ওৰফে ধুল্লা নামৰ ব্যক্তিজনৰ পুত্ৰ মজনু আলী (৩০) ওৰফে চাঞ্চেক আটক কৰি থানালৈ আনে।
সম্প্রতি গোলকগঞ্জ আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন দুয়োজনক সোধপোচ অব্যাহত ৰাখিছে। উল্লেখ্য যে আটকাধীন পিতা পুত্ৰই ড্ৰাগছৰ বেহাৰ সৈতেও জড়িত বুলি বিশেষ সূত্ৰত প্ৰকাশ।