মঙলদৈত সোন চোৰ আটক...

মঙলদৈত সোন চোৰ আটক...

author-image
Asomiya Pratidin
New Update
মঙলদৈত সোন চোৰ আটক...

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ আটক হ'ল সোন চুৰীৰ সৈতে জড়িত এজন যুৱক। যুৱকজনৰ নাম বিকাশ ডেকা। চোৰৰ পৰা সোন ক্ৰয় কৰা নাথ জুৱেলাৰ্চৰ স্বত্বাধিকাৰীকো আটক কৰে আৰক্ষীয়ে। প্ৰথম বাৰ চোৰ কৰিয়েই ধৰা পৰিল সোণ চুৰীৰ সৈতে জড়িত যুৱকজন।

Advertisment

উল্লেখযোগ্য যে মঙলদৈ চহৰত সঘনে চুৰি কাৰ্য সংঘটিত হৈ আহিছে। তাৰ মাজতে শনিবাৰে মঙলদৈ কমাৰ্চ কলেজৰ সমীপত আচিৰুণ বেগমৰ ঘৰৰ পৰা চুৰি হৈছিল সোণৰ গহনা।

চুৰি হোৱাৰ পিছতে ঘৰৰ ওচৰৰে বিকাশ ডেকাক অচিৰুণ বেগমৰ পৰিয়ালে সন্দেহ কৰি মঙলদৈ আৰক্ষী থানাত গতাই দিয়ে। আৰক্ষীৰ জেৰাত চুৰি কাৰ্য সংঘটিত কৰাৰ কথা অভিযুক্ত বিকাশে স্বীকাৰ কৰে। ইফালে বিকাশৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে আটক কৰে নাথ জুৱেলাৰ্চৰ স্বত্বাধিকাৰীক।

Also Read: সত্ৰ হৈছে সমাজ ব্যৱস্থাৰ উচ্চতম ন্যায়ালয় আৰু নামঘৰ উচ্চ ন্যায়ালয়ঃ নিতুমণি শইকীয়া

mangoldoi