/asomiyapratidin/media/media_files/2026/01/12/619-2026-01-12-16-14-09.jpg)
ডিজিটেল ডেস্ক : চাহিদা বৃদ্ধি পাইছে সোণ আৰু ৰূপৰ অলংকাৰৰ। যাৰ বাবে অভিলেখ হাৰত বৃদ্ধি হৈছে দুয়ো বিধ ধাতুৰ দাম। আন্তঃৰাষ্ট্ৰীয় বজাৰত উত্থান ঘটিছে সোণ আৰু ৰূপৰ অলংকাৰৰ। ইতিমধ্যে দুয়ো বিধ অংকাৰৰ ঘৰুৱা আৰু আন্তৰ্জাতিক বজাৰৰ ১২ জানুৱাৰী ২০২৬ৰ নিৰিখসূচী প্ৰকাশ পাইছে।
ভাৰতৰ মাল্টি ক’ম’ডিটি এক্সচেঞ্জ চমুকৈ এম চি এক্সত সোণৰ মূল্য দ্ৰুতভাৱে বৃদ্ধি পাই প্ৰায় ১.৫%ৰো অধিক ব্যৱসায় হোৱা বুলি প্ৰকাশ পাইছে। একেদৰে এই ধাতুই প্ৰতি ১০ গ্ৰামত ১,৪১,২৫০ টকাৰে সৰ্বকালৰ শীৰ্ষত উপনীত হৈছে। তাৰোপৰি পিছ পৰি ৰোৱা নাই ৰূপ। প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ২,৬৩,৯৯৬ টকা পৰ্যন্ত চুইছেগৈ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us