কমিল, কমিলঃ সোণৰ দাম ১০হাজাৰ টকা কমিল...

সোণ-ৰূপৰ গহণা ক্ৰয় কৰাৰ কথা আপুনি ভাৱি আছে নেকি? যদিহে ভাৱি আছে, তেন্তে পলম নকৰিব। কিয়নো বিগত দিনকেইটাত ক্ৰমান্বয়ে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। সকলোৱে জানে যে,

author-image
Asomiya Pratidin
New Update
uujjdd

ডিজিটেল ডেস্কঃ সোণ-ৰূপৰ গহণা ক্ৰয় কৰাৰ কথা আপুনি ভাৱি আছে নেকি? যদিহে ভাৱি আছে, তেন্তে পলম নকৰিব। কিয়নো বিগত দিনকেইটাত ক্ৰমান্বয়ে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। সকলোৱে জানে যে, বিগত দিনকেইটাত প্ৰতি ১০গ্ৰাম সোণৰ মূল্য হৈছিলগৈ প্ৰায় ১.৩১লাখ টকা।

কিন্তু বিগত ৩টা দিনৰ হ্ৰাস পাইছে সোণৰ মূল্য। ২৫অক্টোবৰ, ২০২৫ৰ দিনটোত প্ৰতি ১০গ্ৰাম সোণৰ মূল্য হ'লগৈ ১,২১,৫১৮টকা। অৰ্থাত প্ৰতি ১০গ্ৰাম সোণত হ্ৰাস পালে প্ৰায় ১০হাজাৰ টকা। ২৫অক্টোবৰৰ দিনটোতে সোণৰ মূল্য প্ৰতি ১০গ্ৰামত হ্ৰাস পালে ২হাজাৰ টকা।

ইফালে ৰূপৰ মূল্যও হ্ৰাস পাইছে। ৰূপৰ মূল্য প্ৰতি কিলোত হ্ৰাস পালে ৪হাজাৰ টকাকৈ। বৰ্তমান প্ৰতিকিলো ৰূপৰ মূল্য ১.৪৭লাখ টকা। ইফালে বিশেষজ্ঞসকলে দেশৰ বাণিজ্যিক পৰিৱেশটোলৈ চাই আগজাননী দিছে যে, বিগত দিনবোৰত সোণৰ মূল্য প্ৰতি ১০গ্ৰামত ৬০০০-৭০০০০টকা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। 

ভাৰত