একেৰাহে দ্বিতীয় দিনা হ্ৰাস পালে সোণ-ৰূপ মূল্য...

শেহতীয়াকৈ সোণ আৰু ৰূপ দুয়োটাৰে দাম একেৰাহে দ্বিতীয় দিনা হ্ৰাস পাইছে। এদিন মূল্য স্থিৰ হৈ থকাৰ পাছত আজি পুনৰ সোণৰ মূল্য সামান্য কমা দেখিবলৈ পোৱা গৈছে।

author-image
Asomiya Pratidin
New Update
dysgdhajsk

ডিজিটেল ডেস্কঃ মাঘ-ফাগুন নহ'লেও ব'হাগতে যদি বিয়া পাতিম বুলি ভাবিছে তেনে আপোনাৰ বাবে এটা ভাল খবৰ। হ'বলগীয়া কইনাৰ বাবে আজিয়েই ক্ৰয় কৰক সোণ-ৰূপৰ গহনা। কিয়নো কেইবাটাও মাহজুৰি হোৰাহোৰে বাঢ়ি অহা সোণৰ দাম বিগত দুদিন ধৰি থমকি ৰৈছে। শেহতীয়াকৈ সোণ আৰু ৰূপ দুয়োটাৰে দাম একেৰাহে দ্বিতীয় দিনা হ্ৰাস পাইছে। এদিন মূল্য স্থিৰ হৈ থকাৰ পাছত আজি পুনৰ সোণৰ মূল্য সামান্য কমা দেখিবলৈ পোৱা গৈছে।

সোণ আৰু ৰূপ মূল্য কম হোৱাত ৰাইজৰ মাজত উচাহ দেখিবলৈ পোৱা গৈছে। বিশেষকৈ বিয়াৰ বতৰত সোণৰ দাম কমাত ৰাইজৰ বাবে ডাঙৰ সকাহ হৈ পৰিছে। বিশেষজ্ঞসকলৰ মতে, আন্তঃৰাষ্ট্ৰীয় বজাৰত ডলাৰৰ শক্তি বৃদ্ধি আৰু বিনিয়োগকাৰীৰ লাভ বুকিঙেই সোণ-ৰূপৰ মূল্যত এই পতনৰ মূল কাৰণ হিচাপে গণ্য কৰা হৈছে।

Capturefddddddd

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১০ টকা কমি গৈছে। সেইদৰে ২২ কেৰেট সোণৰ দামো প্ৰতি ১০ গ্ৰামত ১০ টকা হ্ৰাস পাইছে। গুৰুত্বপূৰ্ণ কথা এই যে যোৱা দুদিনত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত মুঠ ৭,৪২০ টকা কমিছে, আনহাতে ২২ কেৰেট সোণো একে সময়ছোৱাত ৬,৮১০ টকা প্ৰতি ১০ গ্ৰাম সস্তা হৈছে।

ইফালে, দিল্লীত ৰূপৰ দামো একেৰাহে দ্বিতীয় দিনো হ্ৰাস পোৱা দেখা গৈছে। এদিন মূল্য স্থিৰ থকাৰ পাছত বিগত দুদিনত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম মুঠ ৫০,১০০ টকা কমিছে। ইয়াৰ আগতে এদিন ৰূপৰ দাম একেই আছিল আৰু তাৰ আগৰ দুদিনত প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ৬০,০০০ টকা পৰ্যন্ত হ্ৰাস পাইছিল।

সোণৰ মূল্য