/asomiyapratidin/media/media_files/2026/01/01/1-2026-01-01-18-38-08.jpg)
ডিজিটেল ডেস্কঃ আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন। মাহৰ আৰম্ভণিতে চিলাপথাৰলৈ গৌৰৱ কঢ়িয়াই আনিলে এটি কণমানি শিশুৰ সফলতাই। চিলাপথাৰ নগৰৰ চ'ছাইটিৰ ধ্ৰুৱ শৰ্মাৰ তৃতীয় শ্ৰেণীত অধ্যয়নৰত ৯ বছৰীয়া পুত্ৰ আয়ান শৰ্মা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/01/whatsapp-image-2-2026-01-01-18-35-34.jpeg)
ধ্ৰুৱ শৰ্মাই যোৱা ২৭ আৰু ২৮ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ বল্লভপুৰস্থিত অটল বিহাৰী বাজপেয়ী ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় Shotokan karate championship ২০২৫'ত ২৫ কিলোগ্ৰাম অনুৰ্ধৰ শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আয়ান শৰ্মাই । আজি স্বৰ্ণ পদক জিনি আয়ান শৰ্মা স্বগৃহত উপস্থিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে বিপুল আদৰণি জনায় শিশুটিক গামোচাৰে উপচাই পেলায় ।
/asomiyapratidin/media/post_attachments/5b255b21-93e.png)
নৱবৰ্ষৰ পহিলা দিনটোতেই কঢ়িয়াই অনা বিৰল সন্মানৰ বাৱে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ ৰাইজ। শুভাক্যাংখীয়ে ভিৰ কৰিছেহি আয়ানৰ বাসগৃহত। আয়োজন কৰিছে ভোজ ভাতৰ। অনাগত দিনত আয়ানৰ পৰা আৰু অধিক সাফল্য কামনা কৰিছে অঞ্চলবাসী ৰাইজে ।
/asomiyapratidin/media/post_attachments/bace085e-1c5.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us